নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত ৩,৭৫৬; মৃত ৫১জন

নিয়মীয়া বাৰ্তা, ১১ জুনঃ আশা কৰা ধৰণে এতিয়াও ৰাজ্যত হ্রাস পোৱা নাই ক’ভিডৰ সংক্রমণ৷ বৃহস্পতিবাৰৰ দিনটোত পুনৰ ৩,৭৫৬জন লোক ক’ভিডত আক্রান্ত হৈছে৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৩২৩জন লোক কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি নতুনকৈ আক্রান্তসকলৰ ২৯১জন কাছাৰৰ, ২৬৫জন শোণিতপুৰ আৰু ২৩৬জন তিনিচুকীয়াৰ৷

বিগত ২৪ ঘণ্টাত আক্রান্তৰ হাৰ হৈছে ৩.০৭ শতাংশ৷ বৃহস্পতিবাৰে ১,২২,৩১৩টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ ইপিনে, বৃহস্পতিবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যুক সাবটি লৈছে ৫১জন লোকে৷ মৃত্যু হোৱা লোকসকলৰ সর্বাধিক ৭জন তিনিচুকীয়াৰ৷ তদুপৰি যোৰহাটৰ ৬জন, বৰপেটা–ডিব্রুগড়–শোণিতপুৰ ৫জনকৈ, কামৰূপ মহানগৰ– কার্বি আংলং–শিৱসাগৰৰ তিনিজনকৈ, কাছাৰ–দৰং–গোৱালপাৰাত দুজনকৈ, বঙাইগাঁও–ধুবুৰী–গোলাঘাটত এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ বৃহস্পতিবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ৫,১২৩জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৪৭,০৮১জন৷

You might also like