নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিগাঁৱত ভুৱা চিকিৎসকক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১১ জুনঃ গুৱাহাটীৰ মালিগাঁৱত আজি জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই এগৰাকী ভুৱা চিকিৎসকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মালিগাঁৱৰ ১নং গেটৰ ৰেডিয়েঞ্চ এইচ কিউ নামেৰে চেম্বাৰ খুলি বিহাৰৰ অজিত কুমাৰ নামৰ ভুৱা চিকিৎসকজনে বিগত ছমাহ ধৰি চিকিৎসা চলাই আহিছিল৷ স্কিন কেয়াৰ ইউনিটৰ ফলক লগাই এম বি বি এছ, ডার্মেটল’জীৰ (এমডি) স্কিন, এছটিডি, লেজাৰ, অবেচিটি আৰু চুলিৰ চিকিৎসা প্রদান কৰি আহিছিল৷ আর্য হাস্পতালৰ চিকিৎসক অভিজিৎ নেওগৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে ভুৱা চিকিৎসক অমিত কুমাৰক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে চেম্বাৰখনত তালাচী চলাই ঔষধ–পাতি, এ এছ–০১ এ পি–৬৩৮৭ নম্বৰৰ বাহনখন জব্দ কৰে৷ লগতে ভুৱা চিকিৎসক অমিত কুমাৰৰ সহযোগী হিতেশ দাসকো আটক কৰি আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে৷ ধৃত ভুৱা চিকিৎসক অমিতে টংলা আৰু বঙাইগাঁৱতো চেম্বাৰ খুলি চিকিৎসা প্রদান কৰি আহিছিল৷

You might also like