নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ৱাৰ্ডত নীলপৱন বৰুৱাৰ ছবি…চিকিৎসাধীন অৱস্থাতো চিত্রশিল্পীগৰাকীয়ে অব্যাহত ৰাখিছে সৃষ্টিকৰ্ম

নিয়মীয়া বাৰ্তা, ১১ জুনঃ চিকিৎসালয়তো থমকি ৰোৱা নাই শিল্পীৰ ৰং-তুলিকা। চিত্ৰকৰ নীলপৱন বৰুৱাই চিকিৎসাধীন অৱস্থাতো অব্যাহত ৰাখিছে সৃষ্টিকৰ্ম।

সম্প্ৰতি ক’ভিড আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ভর্তি হৈ আছে। কিন্তু চিকিৎসাধীন অৱস্থাতো চিত্ৰশিল্পীগৰাকীৰ অটুত আছে মনোবল আৰু সৃষ্টিৰ হেপাহ। থমকি ৰোৱা নাই তেওঁৰ ৰং-তুলিকাও। আপোন মনেৰে ছবি আঁকি গৈছে শিল্পীগৰাকীয়ে।

উল্লেখ্য যে বর্তমান শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ আৰু অক্সিজেনৰ মাত্রাও সঠিক বুলি জি এম চি এইচৰ অধ্যক্ষই সদৰী কৰিছে৷

You might also like