নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ৰোনাত মৃতকৰ সংখ্যা ৬০০ অতিক্রম, পুনৰ ১৩জনৰ মৃত্যু

বৃহস্পতিবাৰে ক’ভিড–১৯ত ২,০৯১ ব্যক্তি আক্রান্ত, ৰিলিজ ২,৪৩২জন

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ  ৰাজ্যত মাৰাত্মক ভাইৰাছ ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যাই অতিক্রম কৰিলে ৬ শতাধিকৰ সংখ্যা৷ আজিৰ দিনটোত ক’ৰোনাত আক্রান্ত হৈ ১১জন লোকৰ প্রাণঘাতী হৈছে৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ৰোনা আক্রান্তৰ মৃত্যুৰ সংখ্যা হ’লগৈ ৬০৮জন৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে প্রকাশ কৰা মৃত্যু সম্পর্কীয় তথ্য অনুসৰি আজি ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোককেইজন হ’ল– ডিব্রুগড়ৰ কৃষ্ণা চক্রৱর্তী (৪৭), ৰমেন বৰা (৭৪), লখিমপুৰৰ তৈবুল্লা আনছাৰি (৮৫), মৰিগাঁৱৰ বীৰেশ্বৰ ৰয় চৌধুৰী (৬৮), কামৰূপৰ ৰতন ডেকা (৫৯), লক্ষী কলিতা (৭০) কামৰূপ মহানগৰৰ মহীপাল কলিতা (৬০), ইমানুল হক (৮০), গোলাঘাটৰ বীৰেন দুৱৰা (৭৪), কৰিমগঞ্জৰ স্বপন দেৱ (৫০) আৰু ওদালগুৰিৰ পূর্ণ ডেকা (৩৮)৷ ৰাজ্যত এতিয়ালৈ ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০৮গৰাকীলৈ বৃদ্ধি পালে৷ উল্লেখ্য যে স্বাস্থ্য বিভাগে এতিয়ালৈ ৩০ লাখ লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰিলে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়ে টুইটযোগে প্রকাশ কৰা অনুসৰি এইসংখ্যক ক’ভিড পৰীক্ষাৰ দ্বাৰা প্রতি এক লাখত ৮৮,১০৯গৰাকী লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হ’ল৷ ইফালে, আজি ক’ৰোনা টেষ্ট কৰা ২৮,৯৯৩জনৰ বিপৰীতে পজিটিভ ৰূপে চিনাক্ত হৈছে ২,০৯১জন লোক৷ ইয়াৰে ৪৫২জন কামৰূপ (মহানগৰ)ৰ, যোৰহাটৰ ১৯১, ডিব্রুগড়ৰ ১৩৬ আৰু গোলাঘাট জিলাৰ ১২৭জন৷ সামগ্রিকভাৱে ৰাজ্যত ১,৬৫,৫৮২জনৰ দেহত মাৰাত্মক ভাইৰাছৰ উপস্থিতি চিহ্ণিত হোৱাৰ বিপৰীতে ইয়াৰে ১,৩৫,১৪১জন লোক সুস্থ হৈ উঠিছে৷ বর্তমানেও চিকিৎসাধীন হৈ আছে ২৯,৮৩০জন৷ আজিৰ দিনটোত ২,৪৩২জনক সুস্থ হোৱাৰ পাছত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব দিয়া হয়৷
গুৰুতৰভাৱে পুনৰ অসুস্থ তৰুণ গগৈঃ আইচিইউত ভর্তি
পুনৰ অসুস্থ হৈ পৰিছে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ৷ যোৱানিশা গগৈৰ শৰীৰত হঠাৎ অক্সিজেনৰ পৰিমাণ হ্রাস পোৱাত লগে লগে তেওঁক জিএমচিএইচৰ আই চি ইউত ভর্তি কৰোৱা হয়৷ ক’ভিডত আক্রান্ত হোৱা বাবে যোৱা আগষ্ট মাহৰ শেষভাগত প্রাক্তন মুখ্যমন্ত্রী গগৈক জিএমচি এইচত ভর্তি কৰোৱা হৈছিল৷ শেহতীয়াকৈ গগৈ ক’ভিডমুক্ত হয় যদিও শাৰীৰিকভাৱে যথেষ্ট দুর্বল হৈ আছে৷ ইয়াৰ মাজতে কালি নিশা গগৈৰ শৰীৰত অক্সিজেনৰ পৰিমাণ ৮২লৈ কমি যোৱাত লগে লগে আইচিইউত ভর্তি কৰোৱা হয়৷ তেওঁৰ চিকিৎসাৰ বাবে গঠিত বিশেষ চিকিৎসক গোটে তেওঁৰ চিকিৎসা কৰে৷ বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জি এম চি এইচত উপস্থিত হৈ প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ স্বাস্থ্যৰ বুজ লয়৷ মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমক জনোৱা মতে, আইচিইউত কৃত্রিমভাৱে অক্সিজেন দিয়াৰ ফলত বর্তমান গগৈৰ শৰীৰত অক্সিজেনৰ লেভেল ৯২–৯৩লৈ উন্নত হৈছে৷ গগৈ এতিয়া কথা ক’ব পৰা অৱস্থাত আছে যদিও যথেষ্ট ভাগৰুৱা হৈ আছে৷ কাইলৈ দিনৰ ভাগত এইমছৰ চিকিৎসকৰে জিএমচিএইচৰ চিকিৎসক গোটে ভিডি’ কনফাৰেঞ্চযোগে গগৈৰ চিকিৎসা সম্পর্কত আলোচনাত মিলিত হ’ব৷ প্রয়োজনত গগৈক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিব লগা হ’লে চৰকাৰে সেই পদক্ষেপো গ্রহণ কৰিব৷

You might also like