নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্তর্পণে বাঢ়ি আছে সংক্রমণঃ ৰাইজে মাস্ক পিন্ধা এৰিলেই

উৎসৱৰ বতৰত ক’ভিড বিধি উলংঘাৰ অঘোষিত প্রতিযোগিতা

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ ক’ভিডৰ তৃতীয় ঢ়ৌৱে যিকোনো মুহূর্তত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি বিশেষজ্ঞসকলে কৰি অহা সকীয়নিকো গুৰুত্ব দিয়া নাই ৰাজ্যবাসীয়ে৷ চিকিৎসক–স্বাস্থ্য বিশেষজ্ঞসকলে বাৰম্বাৰ আহ্বান জনাই অহা সত্ত্বেও ক’ভিড বিধি মানি চলিবলৈ ৰাজ্যবাসীৰ মাজত নাই কোনো সচেতনতা৷ বৰং বজাৰৰ পৰা কার্যালয়লৈ, ৰাজহুৱা স্থানৰ পৰা শ্বপিং মললৈ, সকলোতে এতিয়া চলিছে ক’ভিড বিধি উলংঘাৰ অঘোষিত প্রতিযোগিতা৷ বিশেষকৈ ক’ভিড প্রতিৰোধৰ অন্যতম ‘অস্ত্র’ হিচাপে পৰিচিত মাস্ক পৰিধান কৰিবলৈ একপ্রকাৰ পাহৰি পেলাইছে ৰাজ্যবাসীয়ে৷ বিগত কিছুদিন ধৰি ৰাজ্যত ক’ভিড সংক্রমণৰ হাৰ হ্রাস পোৱাৰ পিছত বিভিন্ন সেৱাত অধিক শিথিলতা প্রদান কৰাৰ লগে লগে মাস্ক পৰিধান কৰিবলৈ এৰি দিছে সাধাৰণ ৰাইজে৷

উৎসৱৰ বতৰত ৰাইজৰ এনে বেপৰোৱা মনোভাবে ইতিমধ্যে বৃদ্ধি কৰিছে ক’ভিড আক্রান্তৰ সংখ্যা৷ ৰাজ্যত ক্রমাগতভাৱে হ্রাস পাই অহা ক’ভিড আক্রান্তৰ সংখ্যা শাৰদীয় দুর্গোৎসৱৰ পাছতেই বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ এই বৃদ্ধিয়ে জনসাধাৰণৰ ক’ভিড প্রট’কল ভংগৰ ফলশ্রুতি হিচাপে পৰিগণিত হৈছে৷ এনে পৰিস্থিতি অব্যাহত থাকিলে ৰাজ্যত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰিব, সেয়া একপ্রকাৰ নিশ্চিত৷ কিয়নো দুর্গোৎসৱৰ সময়তে ৰাজ্যবাসীয়ে প্রদর্শন কৰা অসাৱধানতাৰ ফলত সামান্য পৰিমাণে ক’ভিড আক্রান্তৰ হাৰ বৃদ্ধি পোৱা ইতিমধ্যে পৰিলক্ষিত হৈছে৷ আক্রান্তৰ হাৰ হ্রাস পোৱাৰ ফলত ৰাজ্যত দুর্গোৎসৱ আয়োজনৰ অনুমতি প্রদান কৰি ৰাজ্য চৰকাৰে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছিল৷ দুর্গা পূজা চাবলৈ ওলাই অহা লোকসকলে সকলো সময়তে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰা হৈছিল৷ সমান্তৰালভাৱে এপালি হ’লেও ভেকচিন লোৱা লোকসকলেহে পূজা চাব আহিব পাৰিব বুলিও চৰকাৰে প্রকাশ কৰিছিল৷ কিন্তু দুর্গা পূজাস্থলীসমূহত দেখা নগ’ল চৰকাৰে বান্ধি দিয়া নীতি–নির্দেশনাৰ কার্যকৰী ৰূপ৷ বৰং অধিকাংশ লোকে মাস্ক পৰিধান নকৰাকৈয়ে দুর্গা পূজাস্থলীসমূহত মুকলিকৈ ঘূৰি ফুৰা পৰিলক্ষিত হ’ল৷ ভিৰ নিয়ন্ত্রণৰ কোনো ব্যৱস্থা নকৰাত প্রতিখন দুর্গা পূজাস্থলীতে ভংগ হ’ল সামাজিক দূৰত্বৰ বিধি৷

কোনে ভেকচিন লৈ পূজা চাবলৈ আহিছে, সেয়া পৰীক্ষা কৰাৰ কোনো সুব্যৱস্থা দেখা নগ’ল দুর্গা পূজাস্থলীসমূহত৷ এনে পৰিস্থিতিৰ মাজতে যোৱা ১৪ অক্টোবৰত ৰাজ্যত ক’ভিড আক্রান্তৰ হাৰে অতিক্রম কৰে এক শতাংশৰ ঘৰ৷ সেইদিনা ৰাজ্যত ক’ভিড আক্রান্তৰ হাৰ আছিল ১.৫৩ শতাংশ৷ ১৪ অক্টোবৰত ১৩,৫৪৮টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰাৰ বিপৰীতে আক্রান্ত হৈছিল ২০৭জন লোক৷ একেদৰে বিগত তিনিটা দিনতে ক’ভিড আক্রান্তৰ সংখ্যাই অতিক্রম কৰিছে দুশৰ ঘৰ৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি ১৬ অক্টোবৰত ২৬৯জন, ১৭ অক্টোবৰত ২০৫জন আৰু ১৮ অক্টোবৰত ২৯৮জন ক’ভিডত আক্রান্ত হৈছে৷ প্রতিদিনে ৰাজধানী চহৰ গুৱাহাটীত আক্রান্ত হৈছে শতাধিক লোক৷ তৎসত্ত্বেও যেন ৰাইজৰ মাজত নাই কোনো সজাগতা৷ বৰং ক’ভিড বিধি ভংগ কৰিবলৈহে উঠিপৰি লাগিছে সাধাৰণ ৰাইজ৷ অৱশ্যে এইক্ষেত্রত অত্যন্ত নৰম স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছে প্রশাসন আৰু আৰক্ষীয়ে৷ ক’ভিড বিধি ভংগ কৰাসকলৰ বিৰুদ্ধে প্রতিটো সময়তে সষ্টম হৈ থাকিব বুলি অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই কৰা ঘোষণা কার্যতঃ অসাৰ হৈ পৰিছে৷ আৰক্ষীৰ সন্মুখতে মাস্ক পৰিধান নকৰাকৈ বহু লোকে ঘূৰি ফুৰিছে যদিও কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

মাস্ক পৰিধান নকৰিলে জৰিমনা বিহাৰ যি ব্যৱস্থা আছে, সেয়াও ৰাজ্যৰ কোনো স্থানতে বর্তমানলৈ গ্রহণ কৰা নাই৷ আৰক্ষী তথা প্রশাসনৰ এনে সোপাঢ়িলা স্থিতিৰ বাবেই ৰাজ্যত মুকলিকৈ ভংগ হৈ আহিছে ক’ভিড বিধি৷ উল্লেখ্য যে বিগত প্রায় এমাহৰো অধিক কাল ৰাজ্যত ক’ভিড আক্রান্তৰ হাৰ এক শতাংশৰ তললৈ হ্রাস পোৱাৰ বাবে বিভিন্ন ক্ষেত্রত শিথিলতা প্রদান কৰা হৈছে৷ সান্ধ্য আইনৰ সময় নিশা ১০ বজাৰ পৰা ৫ বজালৈ হ্রাস কৰা হৈছে৷ দোকান–পোহাৰ, চৰকাৰী–বেচৰকাৰী কার্যালয় আদি নিশা ৯ বজা পর্যন্ত খোলাৰ অনুমতি প্রদান কৰা হৈছে৷

মঙলবাৰৰ পৰা খোলা হৈছে ৰাজ্যৰ সর্বস্তৰৰ শিক্ষানুষ্ঠানসমূহ৷ কিন্তু এনে শিথিলতাৰ সুযোগ লৈ ৰাজ্যবাসীয়ে প্রদর্শন কৰা বেপৰোৱা স্বভাৱে যে পুনৰ অসমক লকডাউনসদৃশ পৰিস্থিতিলৈ লৈ নাযাব, সেয়া নুই কৰিব নোৱাৰি৷ প্রসংগক্রমে উল্লেখ কৰি পাৰি যে কেৰালাত ঈদ আৰু ওনাম উৎসৱৰ সময়ত ব্যাপক হাৰত ক’ভিড বিধি ভংগ কৰি ৰাজহুৱা স্থানত হোৱা ভিৰৰ ফলত ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল৷ ৰাজ্যখনত দৈনিক ক’ভিড আক্রান্তৰ সংখ্যাই ২০,০০০ৰ ঘৰ অতিক্রম কৰিছিল৷ বিভিন্ন কার্যব্যৱস্থা লোৱা সত্ত্বেও এতিয়াও ৰাজ্যখনত ক’ভিড পৰিস্থিতি শাম কটা নাই৷ সেইদৰে চুবুৰীয়া ৰাজ্য মিজোৰামতো ক’ভিডে ভয়াৱহ ৰূপ লৈছে৷ দৈনিক এহাজাৰতকৈও অধিক লোক ক’ভিডত আক্রান্ত হোৱাৰ লগতে মিজোৰামত চিকিৎসাধীন ৰোগীৰ সংখ্যা ১৫ হাজাৰৰো অধিক৷ দ্রুত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি মিজোৰাম চৰকাৰে ৰাজ্যখনৰ লোকসকলক ঘৰৰ ভিতৰতো মাস্ক পৰিধান কৰি থাকিবলৈ আহ্বান জনাইছে৷ অসমতো শীঘ্রে আৰক্ষী–প্রশাসন সষ্টম নহ’লে ক’ভিডে ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনাই অধিক বুলি সচেতন মহলত চর্চিত হৈছে৷
ৰাজ্যত ক্রমাৎ বাঢ়িছে ক’ভিড আক্রান্তৰ সংখ্যাঃ  মঙলবাৰে ৩৫৩জন আক্রান্ত
বর্তমান অসমৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্রণাধীন যদিও ক্রমাৎ প্রতিদিনে আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ যোৱা তিনিটা দিনত ৰাজ্যখনত প্রতিদিনে বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা৷ আজিৰ দিনটোত ৰাজ্যখনত নতুনকৈ ৩৫৩জন লোক ক’ভিডত আক্রান্ত হৈছে৷ সেইদৰে কালিৰ দিনটোত অর্থাৎ ১৮ অক্টোবৰত ৰাজ্যখনত নতুনকৈ ২৯৮জন আৰু ১৭ অক্টোবৰত নতুনকৈ ২০৫জন লোক ক’ভিডত আক্রান্ত হয়৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে প্রকাশ কৰা অনুসৰি আজিৰ দিনটোত ৰাজ্যখনত ৩৯,৬৫৪জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়৷ ইয়াৰে ৩৫৩জনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ আজি আক্রান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাত ১৫২জন, বৰপেটা জিলাত ৩০জন, যোৰহাট জিলাত ২৮জন আৰু কাছাৰ জিলাত ১৮জন৷ দিনটোত আক্রান্তৰ হাৰ ০.৮৯ শতাংশ৷ অৱশ্যে সুখৰ খবৰ এয়ে যে মঙলবাৰে দিনটোত ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ কোনো লোকৰ মৃত্যু হোৱা নাই৷

ইপিনে, যোৱা ১৮ অক্টোবৰত ৰাজ্যখনত মুঠ ৪১,০৪৩জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয় আৰু ২৯৮জনৰ দেহত পজিটিভ ধৰা পৰে৷ সেই দিনটোত কামৰূপ মহানগৰ জিলাত ১০৩জন, যোৰহাটত ৩৪জন, কামৰূপত ১৭জন, লখিমপুৰত ১৪জন লোক আক্রান্ত হয়৷ সেইদিনা ৰাজ্যখনৰ যোৰহাটত তিনিজন, গোলাঘাট–কামৰূপ মহানগৰ–লখিমপুৰ্ আৰু শিৱসাগৰত এজনকৈ মুঠ ৭জন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটে৷ আনহাতে যোৱা ১৭ অক্টোবৰত ৰাজ্যখনত ১৯,৩৫০জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয় আৰু ২০৫জনৰ দেহত পজিটিভ ধৰা পৰে৷ আক্রান্ত ২০৫জনৰ ভিতৰত কামৰূপ মহানগৰৰ ৬৮জন, যোৰহাটৰ ২৪জন, ধুবুৰীৰ ১৭জন, কামৰূপৰ ১১জন লোক৷ সেইদিনা বৰপেটা–ডিব্রুগড়ত দুজনকৈ, কামৰূপ মহানগৰ–কামৰূপত্ এজনকৈ মুঠ ৬জন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটে৷

You might also like