নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি লক্ষ্মী পূজা

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ অভাৱনীয় মূল্যবৃদ্ধিৰ মাজতে আজিৰে পৰা ৰাজ্যজুৰি পালন কৰা হ’ব লক্ষ্মী পূজা৷ ধনৰ অধিষ্ঠাত্রী দেৱীক আৰাধনা কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্রান্তত ব্যাপক আয়োজন চলিছে৷ সৌভাগ্য আৰু শান্তিৰ প্রতীক লক্ষ্মী দেৱীৰ আশিস বিচাৰি প্রতিখন দুর্গা পূজাস্থলীত অনুষ্টুপীয়াকৈ হ’লেও আয়োজন কৰা হৈছে এভাগ পূজাৰ৷ আহিন মাহৰ শেষ পূর্ণিমা তিথিত অনুষ্ঠিত লক্ষ্মী পূজাৰ প্রাক্ক্ষণত হঠাৎ সলনি হোৱা বতৰে লক্ষ্মী পূজাত কিছু বিঘিনি ঘটাইছে যদিও পূজাক লৈ ভক্তিপ্রাণ ৰাইজৰ মাজত উৎসাহ অব্যাহত আছে৷ ইফালে, লক্ষ্মী পূজাৰ বাবে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ বজাৰত ভিৰ পৰিলক্ষিত হয়৷ লক্ষ্মী পূজাৰ সা–সামগ্রী ক্রয়ৰ লগতে পৰম্পৰাগতভাৱে ধানৰ সীহ, আল্পনাৰ বাবে বিভিন্ন ৰং ঘৰলৈ আনিবলৈ বজাৰত বহু লোকৰ ভিৰ হয়৷ উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্রান্তত তিনিদিনীয়াকৈও লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে৷
বিল্বেশ্বৰ দেৱালয়ত হাঁহ বলিৰে হ’ব পূজা
ক’ৰোনাজনিত পৰিস্থিতিৰ পৰিপ্রেক্ষিতত জাকজমকতা পৰিহাৰ কৰি সম্পূর্ণ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে শাৰদীয় দুর্গোৎসৱ পালন কৰাৰ পিছত ধন, ঐশ্বর্যৰ অধিষ্ঠাত্রী লক্ষ্মী দেৱীৰ পূজা হ’ব ৰাজ্যৰ প্রান্তে প্রান্তে৷ ক’ভিডসৃষ্ট পৰিৱেশ আৰু সেমেকা শৰতৰ মাজতে শক্তিৰ অধিষ্ঠাত্রী দেৱী দুর্গা পূজাৰ পূজা–র্চনা চলাৰ পিছতেই কাইলৈ বেলশৰৰ ইতিহাসপ্রসিদ্ধ বিল্বেশ্বৰ দেৱালয়খনত হঁাহ বলি–বিধানেৰে লক্ষ্মী দেৱীৰ পূজা–বন্দনা কৰা হ’ব৷ অতীজৰে পৰা ৰাজকীয় পৃষ্ঠপোষকতাত চলি অহা বিল্বেশ্বৰ দেৱালয়ৰ শাৰদীয় দুর্গোৎসৱৰ সময়ত অজস্র জীৱ বলি দি অহা হৈছে৷ শাক্ত, শৈৱ, বৈষ্ণৱ এই তিনিওটা পদ্ধতিৰ প্রভাৱ থকা দেৱালয়খনত কালিকা পুৰাণ অনুসৰিয়েই বলি–বিধান চলি আহিছে৷ সকলো দেৱালয়ত বলি–বিধানৰ নিয়ম নাই যদিও একমাত্র বিল্বেশ্বৰ দেৱালয়ত হঁাহ বলিৰে লক্ষ্মী পূজা উদ্যাপন কৰি অহাৰ সাতাম পুৰুষীয়া ধর্মীয় প্রথা বিদ্যমান৷
আজি টিহুৰ ভিন্ন প্রান্ততো লক্ষ্মী পূজাৰ আয়োজন
টিহুৰ বিভিন্ন স্থানত শ্রীশ্রীলক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে৷ টিহু নগৰ হৰি মন্দিৰ প্রাংগণত ২০ অক্টোবৰত দিনজোৰা কার্যসূচীৰে শ্রীশ্রীলক্ষ্মী পূজা পালন কৰা হ’ব৷ টিহু হৰি মন্দিৰ সমিতিৰ সম্পাদক সুৰেন ডেকাই জনোৱা কার্যসূচী অনুসৰি পুৱা টিহু হৰি মন্দিৰ সমিতিৰ সভাপতি কালীচৰণ কলিতাই পতাকা উত্তোলনেৰে কার্যসূচীৰ শুভাৰম্ভ কৰিব৷ ইয়াৰ পিছতে বৃক্ষৰোপণ কৰিব ক্রমে টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কিশোৰ কুমাৰ তালুকদাৰ আৰু সমাজকর্মী গোপাল কলিতাই৷ বিয়লি সমূহীয়া বন্তি প্রজ্বলন কার্যসূচী মুকলি কৰিব টিহু হাইস্কুলৰ অৱসৰী প্রধান শিক্ষক ভৱকান্ত কলিতাই৷ সন্ধিয়া মাংগলিক নীতি–নিয়মৰ মাজেৰে লক্ষ্মী পূজা আৰম্ভ হ’ব৷ আনহাতে টিহু উত্তৰাঞ্চল শ্রীশ্রীলক্ষ্মী পূজা সমিতিৰ উদ্যোগত হালধিবাৰী চ’কত ২০ অক্টোবৰত দিনজোৰা কার্যসূচীৰে শ্রীশ্রীলক্ষ্মী পূজা পালন কৰা হ’ব৷ তদুপৰি পূব টিহু বাৰোৱাৰী শ্রীশ্রীলক্ষ্মী পূজা সমিতিৰ উদ্যোগতো কাইলৈ বৰগাঁও–মথুৰাপুৰ– বিদ্যাপীঠ প্রাংগণত শ্রীশ্রীলক্ষ্মী পূজা পালন কৰা হ’ব৷ কার্যসূচীসমূহৰ ভিতৰত পতাকা উত্তোলন, বন্তি প্রজ্বলন, শ্বহীদ তর্পণ, সাহিত্য প্রতিযোগিতা আদি কার্যসূচী ৰূপায়ণ কৰা হ’ব৷

You might also like