নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়া থানাৰ ১৯গৰাকী আৰক্ষী ক’ভিড–১৯ আক্রান্ত

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ সমগ্র অসমত ক্রমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ লৈছে ক’ভিড–১৯৷ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অধীনত কর্মৰত ১৯গৰাকী আৰক্ষী বিষয়া–কর্মচাৰীৰ গাত ক’ভিড–১৯ পজিটিভ ধৰা পৰাৰ খবৰ বিয়পি পৰাত সমগ্র কলগাছিয়াত আতংকৰ সৃষ্টি হৈছে৷

কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি দাস, বৰভিঠা আৰক্ষী পহৰা চকীৰ উপ–পৰিদর্শক দেৱান হায়েত আলী, কনিষ্টবল মকিবুল ইছলামসহ মুঠ ১৯গৰাকী আৰক্ষী বিষয়া, কনিষ্টবল, কার্যালয় সহায়ক, গৃহৰক্ষীৰ জোৱান ক’ভিড–১৯ত আক্রান্ত হৈছে৷কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি দাস অঞ্চলটোত বিভিন্ন সময়ত চিহ্ণিত হোৱা প্রায় ১৩৯গৰাকী ক’ভিড–১৯ পজিটিভ ৰোগীক তেওঁলোকৰ ঘৰৰ পৰা হাস্পতাললৈ আনিবলৈ ১০৮ টীমৰ লগত সহযোগ কৰিছিল৷ আতাউৰ ৰহমান কলেজ অৱ এডুকেচন কোৱাৰেণ্টাইন কেন্দ্রত সৃষ্টি হোৱা পৰিস্থিতিৰ শাম কটাবলৈ অ’ চি দাসে নিশা দুই বজালৈ কর্তব্য পালন কৰিছে৷

উক্ত কেন্দ্রতো মুঠ ৯গৰাকী ক’ৰোনা পজিটিভ আছিল৷ তাৰে পৰাই সংক্রমণ হোৱাৰ সন্দেহ কৰা হৈছে৷ ইফালে, কলগাছিয়া খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রৰ কেইবাজনো কর্মচাৰীৰ গাতো ক’ৰোনা পজিটিভ ধৰা পৰিছে বুলি জানিব পৰা গৈছে৷ কালি বিয়লি আটাইকেইজনকে কলগাছিয়াস্থিত বৰপেটা জিলা অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে৷ এই ঘটনা বাহিৰত প্রচাৰ হোৱাৰ পাছৰে পৰাই অঞ্চলটোৰ ৰাইজৰ মাজত তীব্র আতংক সৃষ্টি হোৱা দেখা গৈছে৷

You might also like