নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ক’ৰোনা বনাম ড০ হিমন্ত’ৰ উন্মোচনী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক জাৰিৰ হুছেইন, গ্রন্থখনত চিত্রিত কঠিন সময়ত স্বাস্থ্যমন্ত্রীৰ শ্রম–ত্যাগ

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ লেখক তথা সাংবাদিক পংকজ শর্মাৰ তৃতীয়খন গ্রন্থ ‘ক’ৰোনা বনাম ড০ হিমন্ত, ক’ভিড কুৰুক্ষেত্রৰ আঁৰত’ শীর্ষক গ্রন্থখন মঙলবাৰে বর্ণাঢ়্য অনুষ্ঠানৰ মাজেৰে উন্মোচন কৰা হয়৷ দিছপুৰৰ নতুন বিধায়ক আৱাসৰ প্রেক্ষাগৃহত গ্রন্থখন উন্মোচন কৰে ‘নিউজ লাইভ’ৰ চীফ মেনেজিং এডিটৰ চৈয়দ জাৰিৰ হুছেইন, জ্যেষ্ঠ সাংবাদিক বেদব্রত বৰা আৰু অৱসৰপ্রাপ্ত শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক পংকজ শর্মাৰ পিতৃ ভীমলাল শর্মাই৷

গ্রন্থখন উন্মোচন কৰি জাৰিৰ হুছেইনে কয়– এই গ্রন্থখনে ক’ৰোনা কালৰ কঠোৰ সময়ৰ ছবি দাঙি ধৰিছে৷ এই কঠিন সময়ছোৱাত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা পৰিশ্রম, ত্যাগ আদি অতি বিস্তৃতভাৱে দাঙি ধৰিছে৷ লগতে সাংবাদিকসকলে দেখুওৱা কষ্টৰো শলাগ লয় হুছেইনে৷

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক বেদব্রত বৰাই কয়– ক’ৰোনা কালত অতি মানৱীয় দৃষ্টিৰে কাম কৰিছিল স্বাস্থ্যমন্ত্রীৰ লগতে তেওঁৰ টীমে৷ কঠিন সময়ছোৱাৰ প্রতিটো তথ্য যি ধৰণে গ্রন্থখনে দাঙি ধৰিছে, সেয়া উত্তৰ প্রজন্মৰ বাবে এক দলিল হৈ ৰ’ব৷ উল্লেখ্য যে ‘নিউজ লাইভ’ৰ জ্যেষ্ঠ সাংবাদিক পংকজ শর্মাই গ্রন্থখনত ক’ৰোনাৰ সময়ত অসমৰ পৰা জাপানৰ ভয়ংকৰ পৰিৱেশ, সাংবাদিকৰ দায়িত্ব, ত্যাগৰ পৰা আমেৰিকাৰ বিধ্বস্ত অৱস্থালৈকে দাঙি ধৰিছে৷ বি এল পাব্লিকেচনে প্রকাশ কৰা গ্রন্থখনৰ বেটুপাত অংকন কৰিছে তেজপুৰৰ ছাত্রী ঋত্বিকা বৰাই৷  গ্রন্থ উন্মোচনী অনুষ্ঠানত অসমৰ প্রতিটো সংবাদ গোষ্ঠীৰ বহুকেইজন সাংবাদিক, লেখকৰ লগতে বহু গণ্য–মান্য লোক উপস্থিত থাকে৷

You might also like