নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিব্বতৰ লাছাত উৰিল চীনা সেনাৰ হেলিকপ্টাৰ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ  তিব্বতক লৈ আমেৰিকাই নতুন আইন প্রণয়ন কৰাৰ পিছতে বিবদমান এই হিমালয়ান মালভূমি কঠোৰভাৱে নিয়ন্ত্রণ কৰাৰ বাবে নতুন অভিসন্ধি ৰচিছে চীনে৷ ৰাষ্ট্রপতি ঝি জিনপিঙৰ নির্দেশ অনুসৰি তিব্বতৰ ৰাজধানী লাছাৰ আকাশত কালি পি এল এই চলাইছে সামৰিক হেলিকপ্টাৰেৰে এক অনুশীলন৷ ২০০৮ চনৰ বেইজিং অলিম্পিকৰ পূর্বে তৰুণ তিব্বতীসকলে চীনবিৰোধী এক প্রতিবাদী কার্যসূচীক সংগঠিত ৰূপ দিয়াৰ পিছতে বেইজিঙে তাক কঠোৰ হাতেৰে নিয়ন্ত্রণ কৰিবলৈ আগবাঢ়িছে৷

কমিউনিষ্ট চীনে হিমালয়ান অঞ্চলৰ বৌদ্ধ ধর্মাৱলম্বী লোকসকলৰ বসতি অঞ্চল নিজৰ নিয়ন্ত্রণত ৰখাৰ যি কৌশল ৰচি আহিছে, সেয়া বাৰে বাৰে প্রতিপন্ন হৈছে৷ স্মর্তব্য যে কালি লাছাৰ আকাশেৰে চীনৰ সামৰিক হেলিকপ্টাৰে হঠাতে উৰণ আৰম্ভ কৰাৰ লগে লগে বিষয়টো আন্তর্জাতিক মহলৰ নজৰলৈ আহিছে৷ মাত্র কেইদিনমান পূর্বে আমেৰিকাই তিব্বেতান পলিচী এণ্ড ছাপ’ৰ্ট এক্ট, ২০০০ প্রণয়ন কৰিছিল৷ এই আইন অনুসৰি তিব্বতবাসীয়ে দালাই লামাৰ পিছত তেওঁলোকৰ ধর্মীয় নেতা কোন হ’ব তাক বাছনি কৰাৰ সুযোগ লাভ কৰিব৷

আমেৰিকাৰ এই আইনক হিমাচলৰ ধৰমশালাস্থিত নির্বাসিত তিব্বতী চৰকাৰে ঐতিহাসিক আখ্যা দিছে৷ এই আইন প্রণয়ন হোৱাৰ পিছতে তিব্বত সন্দর্ভত আমেৰিকা তথা আন্তর্জাতিক মহলক চীনে আজিৰ সামৰিক অনুশীলনৰ জৰিয়তে স্পষ্ট কৰি দিছে যে তিব্বতক কেতিয়াও বেইজিঙে নিজৰ নিয়ন্ত্রণৰ বাহিৰলৈ যাব নিদিয়ে৷

You might also like