নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰ পৰা আহিল ? গুৱাহাটীৰ আক্রান্ত ৭জনৰে নাই ট্রেভেল হিষ্ট্রী

সংক্রমণৰ অজ্ঞাত উৎসক লৈ হাহাকাৰ

নিয়মীয়া বাৰ্তা, ১৩ মে’ : ভয়াৱহ ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে চলি থকা যুদ্ধকালীন তৎপৰতাৰ মাজতে এক অজান বিপদলৈ গতি কৰিছে ৰাজধানী চহৰ গুৱাহাটী ৷ ক’ভিড–১৯ সংক্রমণৰ পৰা যথেষ্ট আঁতৰত থকা গুৱাহাটীত  শেহতীয়াকৈ এজনৰ পাছত এজন আক্রান্ত লোক চিনাক্ত হোৱা ঘটনাই মহানগৰবাসীক শংকিত কৰি তোলাই নহয়, অনিশ্চিত ভৱিষ্যতক লৈও চিন্তিত হৈ পৰিছে ৷ অতি গুৰুত্বপূর্ণ কথাটো হ’ল যে ব্যৱসায়িক কেন্দ্রস্থল তথা উত্তৰ–পূবৰ  দুৱাৰমুখস্বৰূপ গুৱাহাটীত এতিয়ালৈ যি আঠজন ক’ৰোনা ভাইৰাছ আক্রান্ত ৰোগী চিনাক্ত হৈছে, তাৰ ৭জনৰে নাই কোনো ট্রেভেল হিষ্ট্রী ৷ তেনেহ’লে ক’ৰ পৰা কেনেকৈ সংক্রমিত হ’ল এইসকল লোক ৷ ৰাজ্যত দিল্লীৰ নিজামুদ্দিন ফেৰৎ একাংশ লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত বহিঃৰাজ্যৰ পৰা অহা লোক আক্রান্ত হোৱাৰ সম্ভাৱনাক লৈ গুৱাহাটীবাসী যথেষ্ট শংকিত হৈ আছিল ৷

কিন্তু তেনে শংকাক অধিক দৃঢ় কৰি তুলিছে ট্রেভেল হিষ্ট্রী নথকা ৭জনকৈ লোক আক্রান্ত হোৱা ঘটনাই ৷ উল্লেখ্য যে গুৱাহাটীত আক্রান্ত হোৱা প্রথমজন লোক আছিল মনীষ তিবৰেৱাল৷ মহানগৰীৰ মাজমজিয়াৰ অভিজাত লোকৰ আৱাসিক স্থল স্পেনিছ গার্ডেনৰ বাসিন্দা মনীষ তিবৰেৱাল কিদৰে আক্রান্ত হ’ল, তাৰ উৎস এতিয়ালৈ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই স্বাস্থ্য বিভাগে৷ মনীষ তিবৰেৱাল সুস্থ হৈ ঘৰলৈ ওভতাৰ পাছতেই গুৱাহাটীত আক্রান্ত হ’ল বৰদা দাস নামৰ এগৰাকী মহিলা আৰু দীপিকা নাথ নামৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী ৷ চানমাৰিৰ অমিয় নগৰৰ বাসিন্দা বৰদা দাস আৰু বি বৰুৱা কর্কট প্রতিষ্ঠানৰ চৌহদত থকা দীপিকা নাথ ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ তথ্য এতিয়ালৈ উদ্ধাৰ হোৱা নাই ৷ একেদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) দুগৰাকী চিকিৎসক ক্রমে ডাঃ লিথিকেশ ডি এছ, ডাঃ দীপা ডেকাৰ লগতে আক্রান্ত হোৱা অমৰজ্যোতি ডেকা সংক্রমণৰ উৎস কি, তাক লৈও প্রশ্ন উত্থাপন হৈছে ৷

এনে অৱস্থাত চর্চা চলিছে যে গুৱাহাটী মহানগৰীত ক’ৰোনা ভাইৰাছ বিয়পি পৰিছে নেকি ? কিয়নো স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে স্পষ্ট কৰিছে যে ট্রেভেল হিষ্ট্রী থকা এই লোকসকল আক্রান্ত হোৱাৰ পাছত গুৱাহাটীত যে ভাইৰাছ বিয়পিছে, সেয়া নিশ্চিত হৈছে ৷ এইক্ষেত্রত সাধাৰণ লোক সাৱধান তথা সচেতন নহ’লে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব মহানগৰবাসী ৷ লক্ষণীয় দিশটো হ’ল যে লকডাউনৰ শিথিলতাৰ সুযোগ লৈ শেহতীয়াকৈ মহানগৰীৰ ভিন্ন প্রান্তত বজাৰত সাধাৰণ লোকৰ ভিৰ বৃদ্ধিৰ লগতে দোকানসমূহতো নির্দেশনা অমান্য কৰি ভিৰ পৰিলক্ষিত হৈছে ৷ এনে পৰিস্থিতিত অজ্ঞাত উৎসৰ পৰা অহা ক’ৰোনা ভাইৰাছে গুৱাহাটীবাসীলৈ নমাই আনিছে অশনি সংকেত ৷

You might also like