নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেটিং বিপর্যয় শ্রীলংকাৰ ১৫৭

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ঘৰুৱা দল দক্ষিণ আফ্রিকাৰ বিপক্ষে জোহান্সবার্গত আজিৰে পৰা আৰম্ভ হোৱা দ্বিতীয়খন টেষ্টত বেটিং বিপর্যয়ৰ সন্মুখীন হৈছে শ্রীলংকা৷ টেষ্টখনত টছত জয়লাভ কৰি প্রথমে বেটিং কৰিবলৈ আহি এনৰিছ নর্টজেৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ শ্রীলংকাই ১৫৭ ৰানতে প্রথম ইনিংছ সামৰিবলৈ বাধ্য হয়৷ কুশল পেৰেৰাই সর্বাধিক ৬০ ৰান কৰাৰ লগতে পি ডি ছিলভাই ২৯, দুষ্মন্ত ছমিৰাই ২২ আৰু থিৰিমানেই ১৭ ৰান কৰাৰ বাহিৰে বাকীসকল বেটছমেনে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ দক্ষিণ আফ্রিকাৰ হৈ নর্টজেই সর্বাধিক ৬টা উইকেট লাভ কৰাৰ লগতে মুডলাৰে তিনিটা আৰু লুথ’ চিপামলাই এটা উইকেট লাভ কৰে৷ ইপিনে, প্রথম ইনিংছ মুকলি কৰিবলৈ আহি আজি প্রথম দিনৰ অন্তলৈকে দক্ষিণ আফ্রিকাই এটা উইকেট হেৰুৱাই ১৪৮ ৰান কৰিছে৷

You might also like