নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইবাৰ অপৰাধী তছদিকুৰ ৰহমানৰ বাসগৃহত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ মহানগৰীত পুনৰ ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। প্ৰাক্তন আইএছএছ আতিকা ৰহমানৰ পুত্ৰ তছদিকুৰ ৰহমানক বিচাৰি এই অভিযান চলাইছে ক্ৰাইম ব্ৰাঞ্চে। উল্লেখ্য যে চাইবাৰ কাণ্ডৰ মুখ্য মাষ্টাৰমাইণ্ড তছদিকুৰ ৰহমান। অভিযুক্তৰ গান্ধীবস্তিৰ বাসগৃহত চলিল ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। শুভম এলীট এপাৰ্টমেন্টৰ E 2 ব্ল’কত ক্ৰাইম ব্ৰাঞ্চৰ এই অভিযান। বৰ্তমানেও পলাতক প্ৰধান অভিযুক্ত তছদিকুৰ ৰহমান। ইতিমধ্যে, জব্দ কৰা হৈছে তছদিকুৰৰ এখন বিলাসী থৰ বাহন। পূৰ্বতে ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই ছীল কৰিছিল তছদিকুৰৰ কেইবাটাও অবৈধ কল চেন্টাৰ। বৰ্তমানেও জেৰা অব্যাহত তছদিকুৰৰ পৰিয়ালবৰ্গক ক্ৰাইম ব্ৰাঞ্চৰ।

You might also like