নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজানত থানাৰ পৰা পলাল অপৰাধী

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : তিনিচুকীয়াৰ বাঘজান থানাৰ পৰা এটা অপৰাধী পলাই যোৱাক লৈ কালি ৰাইজে থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ঘটনাৰ বিৱৰণী মতে, বাঘজান আৰক্ষী থানাৰ অন্তৰ্গত কৰ্দৈগুৰি অঞ্চলৰ স্থানীয় যুৱক সংঘ আৰু বৃহত্তৰ কৰ্দৈগুৰি যুৱক সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত পৰহি চাৰিটা ড্ৰাগছ আসক্তক ড্ৰাগছৰ সৈতে আটক কৰে। আটকাধীন আটাইকেইটাকে বাঘজান থানাত গতাই দিয়া হয়। তাৰে টুপুল মৰাণ নামৰ ড্ৰাগছ আসক্ত অপৰাধীয়ে নিশা লকাপৰ পৰা পলাই যায়। পলাই যোৱা কথাটো জানিব পাৰি কালি ৰাইজে সদলবলে ওলাই গৈ বাঘজান থানা উত্তপ্ত কৰি তুলে। থানাৰ লকাপৰ পৰা অপৰাধী কেনেকৈ পলাই যাব পাৰে, কৰ্দৈগুৰি অঞ্চলটোত অত দিনৰ পৰা ড্ৰাগছ আসক্তই ঘূৰি ফুৰাৰ পাছতো আৰক্ষীয়ে কিয় আজিলৈকে এটাও ড্ৰাগছ আসক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। প্ৰতিবাদী ৰাইজে বাঘজান আৰক্ষী ঘোষ খোৱা,বাঘজান আৰক্ষী দালালি, ড্ৰাগছ আসক্ত ব্যাক্তিৰ লগত সম্পৰ্ক থকা বাঘজান আৰক্ষীৰ গো বেগ আদি শ্লোগান দিয়ে। থানাৰ পৰা পলাতক ড্ৰাগছ মাফিয়া টুপূল মৰাণ আৰু ড্ৰাগছ মাফিয়া চিবেন মৰানকো গ্ৰেপ্তাৰ কৰক ,বাঘজান আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ ফুলকোঁৱৰ আৰু এছ আই দীপক চেত্ৰীক ৰাইজে নিলম্বনৰ দাবী জনায়।। উল্লেখযোগ্য যে সদৌ মৰাণ ছাত্ৰ সন্থাৰ তালাপ কৰ্দৈগুৰি আঞ্চলিক সমিতি, স্থানীয় যুৱক সংঘসমূহে ৰাইজৰ সহযোগত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ সময়তে সোমবাৰে কৰ্দৈগুৰি অঞ্চলত ড্ৰাগছ অভিযান অব্যাহত ৰখা কথাটোৱে সচেতন মহলক সচকিত কৰি তুলিছে। এই ক্ষেত্ৰত দল সংগঠন তথা ৰাইজে আৰক্ষী প্ৰশাসনকে জগৰীয়া কৰিছে। আৰক্ষীয়ে পলাতক টুপুল মৰাণক আতক কৰা বুলি শেহতীয়াকৈ জানিব পৰা গৈছে।

প্ৰেৰক নৱজ্যোতি মৰাণ

You might also like