নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ শাসনৰ তুলনাত বৰ্তমান শান্তিপূৰ্ণ উত্তৰ-পূব

🟢মিজোৰামত নিৰ্বাচনী প্ৰচাৰ ৰাজনাথ সিঙৰ

বিশেষ বাৰ্তা, ১ নৱেম্বৰঃ মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাক লৈ বিৰোধী পক্ষৰ আক্ৰমণৰ মাজতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বাবে আমি ক্ষতিগ্ৰস্ত হ’লেও বিগত ৯ বছৰত উত্তৰ-পূৰ্বাঞ্চল শান্তিপূৰ্ণ হৈ পৰিছে। মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ কয় যে, “মই সঁচাকৈ ক’ব বিচাৰো যে মণিপুৰত হিংসাত্মক পৰিস্থিতি কোনো ৰাজনৈতিক দলৰ প্ৰৰোচনা কৰা হোৱা নাছিল, বৰঞ্চ তাত এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছিল য’ত পৰিস্থিতি অধিক বেয়া হৈ পৰিছিল।” অহা ৭ নৱেম্বৰত মিজোৰামত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াত মণিপুৰত হোৱা হিংসা এটা ডাঙৰ বিষয়। ৰাজনাথ সিঙে কয়, ‘আমি বিশ্বাস কৰোঁ যে উত্তৰ-পূৰ্বাঞ্চলৰ সঁচা অৰ্থত উন্নতি নহ’লে শক্তিশালী, সমৃদ্ধিশালী, স্বাৱলম্বী ভাৰতৰ সপোন পূৰণ নহ’ব।’ এই সময়ত তেওঁ মণিপুৰৰ হিংসাৰ কথাও উল্লেখ কৰে। ৰাজনাথ সিঙে মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীক একেলগে বহি, হৃদয়ৰ পৰা হৃদয়লৈ কথা পাতিবলৈ আৰু বিশ্বাসৰ ঘাটিৰ অন্ত পেলাবলৈ আহ্বান জনায়। তেওঁ কয়, ‘হিংসা কোনো সমস্যাৰ সমাধান নহয়। আমাৰ হৃদয়ৰ পৰা হৃদয়লৈ কথা-বতৰা হোৱাটো প্ৰয়োজন।” মণিপুৰৰ হিংসা সন্দৰ্ভত কংগ্ৰেছক ৰাজনীতি কৰা বুলি অভিযোগ কৰি ৰাজনাথ সিঙে কয় যে মিজোৰাম, উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশক কংগ্ৰেছৰ নেতিবাচক ৰাজনীতিৰ পৰা আঁতৰাই ৰখাৰ প্ৰয়োজন আছে। সিঙে কয় যে যেতিয়া মণিপুৰৰ পৰিস্থিতিৰ অৱনতি ঘটিছিল তেতিয়া কংগ্ৰেছে বিষয়টোত ৰাজনীতি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। উল্লেখযোগ্য যে অহা ৭ নৱেম্বৰত ৪০খন বিধানসভাৰ আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াত শাসকীয় নেশ্যনেল ফ্ৰণ্ট (এম এন এফ), জোৰাম পিপলছ মুভমেণ্ট (জেড পি এম), কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰতিদ্বন্দ্বিতা হব। ২০১৮ চনৰ নিৰ্বাচনত এম এন এফে ২৬খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৫খন আসন আৰু বিজেপিয়ে ১খন আসন লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীয়ে ৮খন আসন লাভ কৰিছিল।

#নিয়মীয়া বাৰ্তা ডিজিটেল ডেস্ক

You might also like