নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ বেবেজীয়াত জুবিন গাৰ্গে মুকলি কৰিলে CSIৰ ফ্ৰেনচাইজী

বিশেষ বাৰ্তা, ২৬ মে’ : নগাঁৱৰ বেবেজীয়াত কালি নিশা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মুকলি কৰে CAR SQUAD INDIAৰ এটা ফ্ৰেনচাইজী আউটলেট । বেবেজীয়াৰ ডিমৌৰ বাইপাছৰ কাষত ‘বিজয়া এছ মটৰ্ছ’ নামৰ এই ফ্ৰেনচাইজীটো ফিতা আৰু কেক কাটি মুকলি কৰে শিল্পীগৰাকীয়ে । ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ আগত শিল্পীগৰাকীয়ে ‘কা’ সন্দৰ্ভত  কয় যে ‘কা’ এটা অদৰকাৰী বস্তু । লগতে তেওঁ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজক প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনোৱাৰ লগতে জুবিন গাৰ্গ ফেন ক্লাবে এইক্ষেত্ৰত কাম কৰি থকাৰ কথা প্ৰকাশ কৰে । ইপিনে, শিল্পী জুবিন গাৰ্গে বৰ্তমান দুখনকৈ অসমীয়া চিনেমাৰ কাম কৰি থকাৰ বিষয়ে উল্লেখ কৰে । এই উদ্বোধনী অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ নগাঁৱৰ আউটলেটৰ স্বত্বাধিকাৰী অমৰজিৎ শৰ্মা আৰু তেওঁৰ পত্নী কবিতা শৰ্মা, গুৱাহাটী আউটলেটৰ সঞ্চালিকা প্ৰিয়ংকা দত্ত, স্বত্বাধিকাৰী তন্ময় দাস, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া চমশ্বেৰ সিং আদিকে ধৰি চি এছ আইৰ বিষয়াবৰ্গ উপস্থিত থাকে । উল্লেখ্য যে এই কাৰ ডিটেইলিং আউটলেটটিৰ জৰিয়তে এখন বাহনৰ বাহ্যিক আৰু আভ্যন্তৰীণ সজ্জাৰ সকলো সুবিধা গ্ৰাহকে লাভ কৰাৰ উপৰি নিজৰ বাহনখন বিভাগীয় অনুমতিসাপেক্ষে মন পছন্দৰ ৰঙেৰে সুশোভিত কৰাই ল’ব পাৰিব । শেহতীয়াকৈ কাৰ স্কোৱাড ইণ্ডিয়াৰ এই আউলেটসমূহে গুণগত কামৰ বাবে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
প্ৰেৰক কনক হাজৰিকা
You might also like