নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিবনুৱাক কৰ্মসংস্থাপনৰ পথ দেখুৱাইছে যোৰহাটৰ মাধুৰীমা দত্তই

জিতু কলিতা

যোৰহাট কেন্দুগুৰি চেঙেলী গাঁৱৰ এগৰাকী উচ্চ শিক্ষিতা মহিলাই চৰকাৰী চাকৰিৰ প্রতি মোহভংগ হৈ ঘৰৰ পৰাই আৰম্ভ কৰিছে কাঠফুলা আৰু মিলেটৰ এক নতুন ব্যৱসায়৷ ২০১৯ চনত আর্থিক অভাৱত পৰি ২০ হাজাৰ টকা ধাৰলৈ লৈ পিছলৈ বহুলাখ টকা দিব লগা হৈ জুৰুলা হৈ পৰিছিল৷ সুদৰ টকা ঘূৰাই দিব নোৱাৰাৰ বাবে মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি তিনিবাৰ আত্মহত্যা কৰিবলৈও গৈছিল৷ কিন্তু সেইগৰাকী মহিলাই যোৰহাটৰ পৰাই সমগ্র দেশত খাদ্য প্রস্তুত কৰি সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ সেইগৰাকী মহিলা হৈছে যোৰহাট কেন্দুগুৰিৰ ‘মাধুৰীমা ফুড প্রডাকচন’ৰ স্বত্বাধিকাৰী মাধুৰীমা দত্ত৷

যোৰহাট বালিগাঁৱৰ গৰখীয়া দৌলৰ কোৰোকাতলিৰ স্বর্গীয় মাখন চন্দ্র আৰু ঘনকান্তি দত্তৰ কনিষ্ঠ কন্যা মাধুৰীমা দত্তৰ জন্ম হৈছিল ১৯৭৬ চনত৷ বালিগাঁও জয়মতী উচ্চ ইংৰাজী বালিকা বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৯৯২ চনত উত্তীর্ণ হৈছিল আৰু যোৰহাট চৰকাৰী বালিকা বিদ্যালৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ১৯৯৫ উত্তীর্ণ হয়৷ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ পৰা ১৯৯৭ চনত বি এ আৰু ডিব্রুগড বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত ১৯৯৯ চনত এম এ পাছ কৰে৷ ইয়াৰ পাছত যোৰহাট আই টি আইৰ পৰা ষ্টেনগ্রাফাৰ হিচাপেও কাৰীকৰি বিভাগত ২০০০ চনত পাছ কৰিছিল৷ জীৱনৰ ৰঙীন সপোন বাস্তৱ কৰিবলৈ মাতৃয়ে যোৰহাটৰ কেন্দুগুৰি ২নং চেঙেলী গাঁৱৰ প্রভাত কুমাৰ দত্তৰ লগত বিবাহ কৰাই দিয়ে৷ স্বামীয়ে সেই সময়ত পি ডব্লিউ ডি বিভাগত মাষ্টাৰৰোলত কাম কৰিছিল৷ কিন্তু দুর্ভাগ্যজনক বিষয় যে স্বামীৰ চাকৰি আজি পর্যন্ত নিয়মীয়াকৰণ নহ’ল৷ তেওঁৰ দুটি পুত্র সন্তান ক্রমে ৰামানুজ আৰু দেৱানুজ৷ ৰামানুজে যোৰহাট পলিটেকনিকত কনিষ্ঠ অভিযন্তা আৰু দেৱানুজে নৱম শ্রেণীত পঢ়ি আছে৷

২০১৯ চনত ‘কা’ আন্দোলনৰ সময়ত পৰিয়াল চলাবলৈ অসুবিধা হোৱাত পুত্রৰ লগত একেলগে পঢ়া সমনীয়া এজন অভিভাৱকৰ পৰা ২০,০০০ টকা সুদত লৈছিল৷ প্রথম অৱস্থাত ঠিকেই আছিল৷ কিন্তু সমগ্র দেশত মহামাৰী ক’ভিড–১৯ৰ সময়ত সুদ দিব নোৱাৰা বাবে সুতে–মূলে হ’লগৈ কেইবালাখ টকা পর্যন্ত৷ ইয়াৰে ১ লাখ ৫০ হাজাৰ টকা ধাৰ মাৰিলে যদিও আকৌ সুদ বাঢ়ি গৈ আঢ়ৈ লাখ টকা হ’ল৷ সুদখোৰে মাধুৰীমাৰ ওপৰত যথেষ্ট মানসিক আতিশয্য চলাবলৈ আৰম্ভ কৰিলে৷ ক’ভিড–১৯ৰ সময়ত সকলো ফালৰ পৰা শূন্য হৈ পৰাত মাধুৰীমা তিনিবাকৈ মৃত্যুমুখনৈ ঢ়াপলি মেলিছিল৷ কিন্তু পৰিয়ালৰ লোকে মাধুৰীমাৰ অৱস্থা দেখি চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল৷ তথাপিও সুদখোৰে বাটে–পথে পালে অতিশয্য চলায়ে আহিছিল৷ উপায়বিহীন হৈ মাধুৰীমাই যোৰহাটৰ তদানীন্তন জিলা উপায়ুক্ত অশোক কুমাৰ বর্মনৰ কাষ চাপিল৷ উপায়ুক্তই আৰক্ষী অধীক্ষকৰ দ্বাৰা মাধুৰীমাক সহায় কৰাৰ লগতে তামিলনাডুত এটা কৃষিভিত্তিক প্রশিক্ষণৰ ব্যৱস্থা কৰি দিলে৷ মাধুৰীমাই সকলো কথা আওকাণ কৰি পুত্র সন্তান, স্বামী সকলোকে এৰি ২০২২ চনত উপায়ুক্তই দিয়াDICCৰ পৰা প্রশিক্ষণ ল’বলৈNIFTEM তামিলনাডু পালেগৈ৷ তামিলনাডুৰ প্রশিক্ষণৰ সময়ৰ পৰাই মাধুৰীমাই জীৱনৰ নতুন কর্মসংস্থাপনৰ সপোন দেখিবলৈ ল’লে৷ ইয়াৰ পাছত অসম কৃষি বিশ্ববিদ্যালয়ত আয়োজন কৰা কাঠফুলাৰ প্রশিক্ষণ এটাও ল’লে৷ য’ত লগ পাইছিল ড০ অপূর্ব দাস নামৰ এজন বিজ্ঞানীক৷ অপূর্ব দাস আছিল কাঠফুলা গৱেষণা তথা প্রশিক্ষণ কেন্দ্রৰ মুৰব্বী তত্ত্বাৱধায়ক৷ মাধুৰীমাই হৈ যোৱা ব্যক্তিগত সমস্যাসমূহৰ বিষয়েও ড০ দাসক জনালে৷ ড০ দাসে মাধুৰীমাৰ ঘটনাৰ কথা সকলো গুৰুত্বসহকাৰে লৈ তেওঁক সাহস দিলে আৰু ব্যৱসায়ৰ দ্বাৰা স্বাৱলম্বী হ’বলৈ সহায় কৰিলে৷ দাসে জৈৱিক প্রদ্ধতিৰে কাঠফুলা উৎপাদন কৰিবলৈ সহায় কৰিলে৷ প্রথমে নিজৰ ঘৰতে পৰীক্ষামূলক হিচাপে এক কেজি ছীডেৰে আৰম্ভ কৰিলে কাঠফুলাৰ ব্যৱসায়৷ প্রথমবাৰৰ বাবে উৎপাদিত কাঠফুলা যোৰহাট জিলাৰ তদানীন্তন উপায়ুক্ত আশোক বর্মন আৰু কেইবাজনো অতিৰিক্ত উপায়ুক্তৰ ওচৰত বিক্রী কৰিছিল৷ এনেদৰে যোৰহাটৰ বহু অনুষ্ঠান–প্রতিষ্ঠানত্ নিজে মোনাত লৈ বিভিন্ন প্রকাৰৰ সুস্বাদ খাদ্য বিক্রী কৰি সামান্যভাৱে সকাহ পাইছিল৷ যিহেতু মাধুৰীমা এগৰাকী কাৰিকৰী শিক্ষাৰে যথেষ্ট সচেন৷ কাঠফুলাৰ ওপৰত কেইবাটাও খাদ্যৰ প্রশিক্ষণ লৈ পাছলৈ বিভিন্ন খাদ্য প্রস্তুত কৰিবলৈ চিন্তা কৰিলে৷ যাৰ বাবে কাঠফুলাৰ আচাৰ, পকৰি, মোমো, চকলেট, জাম–জেলিৰ দৰে খাদ্য প্রস্তুত কৰি এখন অগতানুগতিক মার্কেট দখল কৰিবলৈ প্রয়াস কৰিলে৷ মিলেট আৰু কাঠফুলাৰ সামগ্রীসমূহ বিভিন্ন ঔষধি গুণৰ লগতে বিজ্ঞান সন্মতভাৱে প্রস্তুত কৰা বাবে বহুদিনলৈকে ৰাখিব পৰা ব্যৱস্থাও আছে৷ এই খাদ্যসমূহ কেৱল মুখৰোচকে নহয়, ইয়াত যথেষ্টখিনি উপকাৰী গুণাগুণ আছে৷ বিভিন্ন ভিটামিন, প্রটিনযুক্ত আদিৰে ভৰপূৰ৷ প্রসূতি মাতৃ আৰু শিশুকে ধৰি সকলো লোকে গ্রহণ কৰিলে যথেষ্ট উপকাৰ সাধন হয়৷ বর্তমান সময়ত বজাৰত বিভিন্ন মিঠাই আৰু বেকাৰী বিস্কুট আদি বিভিন্ন ৰাসায়নিক সামগ্রী সংযোগৰ ফলত মুখৰোচক হয় যদিও স্বাস্থ্যৰ বাবে যথেষ্ট অপকাৰী৷ তাৰ বিপৰীতে মিলেট আৰু কাঠফুলাৰ দ্বাৰা বনোৱা এইসমূহ সামগ্রীৰ যথেষ্ট উপকাৰী গুণাগুণ আছে বুলি অসম কৃষি বিশ্ববিদ্যালয়ৰ খাদ্য প্রস্তুতকৰণ বিভাগে প্রকাশ কৰিছে৷

মাধুৰীমাৰ খাদ্য প্রস্তুতৰ ব্যৱস্থা দেখি যোৰহাট জিলা কৃষি বিভাগৰ বিষয়াসকলে সহায় কৰিবলৈ আগবাঢ়ি আহিল৷ মাধুৰীমাক লৈ নতুন নতুন উৎপাদন কৰিবলৈ আগবাঢ়ি আহিল অসম কৃষি বিশ্ববিদ্যালয় আৰু যোৰহাট জিলা কৃষি বিভাগৰ টন্ময় গগৈ, ৰূপম কাকতি, নৱনীতা বৰাই৷ স্বাৱলম্বিতাৰ দিশত মাধুৰীমাৰ যি পাৰদর্শিতা দেখিছে তাক লৈ যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে যথেষ্ট আশাবাদী হৈ পৰিছে৷ ২০২৩ চনত বর্তমানৰ জিলা আয়ুক্ত পুলক কুমাৰ মহন্তৰ উদ্যোগত মিলেট (কণী ধান)ৰ উৎপাদনৰ বিষয়ে সজাগতা কৰিছিল৷ সেই সময়ত উপায়ুক্তগৰাকীয়ে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ খাদ্য প্রস্তুতকৰণ বিভাগৰ লগত সহযোগত মিলেট প্রডাকচন কৰিবলৈ আৰম্ভণি কৰিলে৷ যাৰ দ্বাৰা মিলেটৰ পৰা মাধুৰীমাই বিস্কুট, পায়স, ভুজিয়া, চাটনি, কেক, মোৰাব্বা, নিমকি আদি নতুন নতুন উৎপাদনেৰে এখন ভাল বজাৰ দখল কৰিছে৷ মাধুৰীমাই শেহতেয়াকৈfood supply and standard Authority, চমুকৈFssai মার্ক পাবলৈ সক্ষম হৈছে৷

মাধুৰীমাৰ বর্তমান প্রতিমাহে ৬০–৭০ হাজাৰ টকা উপার্জন হোৱাৰ উপৰি অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এহেজাৰো অধিক মহিলাক প্রশিক্ষণ দিছে৷ ইয়াৰে ২০০গৰাকীয়ে কাঠফুলাৰ খেতি আৰু ৩০০গৰাকী মানে কণী ধানৰ বিভিন্ন সামগ্রী উৎপাদন কৰিবলৈ আৰম্ভ কৰিছে৷ ২০২৩ চনৰ ছেপ্ঢেম্বৰৰ পৰা ২০২৪ এপ্রিললৈ ৭ লাখ টকাৰ কেঁচা কাঠফুলা বিক্রী কৰিছে বুলি মাধুৰীমাই জনায়৷ মাধুৰীমাই ২০২২–২৩ বর্ষত অসমৰ বিভান্ন স্থানত বিপণী দি কেইবাঠাইতো প্রতিযোগিতাত শিখৰত আছে৷ ২০২৪ চনত গুৱাহাটীত আয়োজন হোৱা মাঘ বিহুৰ সময়ত ভোগালী মেলাত যোৰহাটত নিজ হাতেৰে নির্মাণ কৰা মিলেটৰ বিস্কুট মুখ্যমন্ত্রীয়ে খাই প্রসংসা কৰিছিল৷ মুখ্যমন্ত্রীয়ে কেইবাবাৰো যোৰহাটলৈ আহেহাতে মাধুৰীমাই উৎপাদন কৰা বিস্কুত অর্ডাৰ দি লৈ গৈছিল৷ বর্তমান মাধুৰীমাই বিভিন্ন মহাবিদ্যালয়–বিশ্বব্ ছাত্র–ছাত্রীসকলৰ গৱেষণাৰ সহায়ক হিচাপে আৰু খাদ্য প্রাণালী প্রস্তুতকৰণৰ বিষয়বোৰৰ বাবে প্রশিক্ষণ দি আহিছে৷ বিশেষকৈDICC আৰুAAUৰ খাদ্যৰ ওপৰত প্রশিক্ষণ দি আহিছে৷ ইয়াৰ উপৰি বিভিন্ন স্থানত আত্মসহায়ক গোটসমূহক প্রশিক্ষণ দি আহিছে৷ বিশেষকৈ যোৰহাট জিলাৰ ১৯খন বিদ্যালয়ত জিলা কৃষি বিভাগৰ উদ্যোগত গৈ মিলেটৰ ব্যৱহাৰৰ বিষয়ে সজাগতা কৰি অহাৰ লগতে মিলেটৰ পায়স বনাই খুৱাই আহিছে৷

এসময়ত সুদৰ টকা ঘূৰাব নোৱাৰি আত্মহত্যা কৰিবলৈ গৈছিল সেই মাধুৰীমাই এতিয়া নৱপ্রজন্মৰ বাবে আত্মনির্ভৰশীল হোৱাৰ সপোন দেখুৱাব পাৰিছে৷ ২০২৩ চনৰ ছেপ্ঢেম্বৰৰ পৰা ২০২৪ চনৰ এপ্রিললৈ কাঠফুলা আৰু মিলেটৰ খাদ্য–সামগ্রী বিক্রী কৰি ৬ লাখ টকা পর্যন্ত উপার্জন কৰিছে৷

পুৱাৰে পৰা মাজনিশালৈকে সৰু পুত্রক লগত লৈ বিভিন্ন খাদ্য–সামগ্রী প্রস্তুত কৰি উপার্জন কৰিবলৈ চেষ্টা কৰা মাধুৰীমাক দুই–এজন বেপাৰীয়ে ৰামঠগন নিদিয়াও নহয়৷ যোৰহাটৰ এজন সংবাদিক বেপাৰীয়ে মাধুৰীমাৰ পৰা খাদ্য–সামগী বিক্রী কৰি টকা নিদিয়াত যথেষ্ট মনোকষ্ট পাইছে৷ ঘৰখনত দুটাকৈ ল’ৰাক পঢ়া–শুনা কৰোৱাৰ মাজতে স্বামীৰো স্বাস্থ্যৰ সমস্যা হৈ আছে৷ এনেদৰে খাদ্য–সামগ্রী প্রস্তুত কৰি অসমৰ লগতে বাহিৰা ৰাজ্যসমূহলৈ পঠিয়াই স্বৱলম্বী হ’বলৈ চেষ্টা কৰিছে৷ ইয়াৰ ভিতৰত প্রতিমাহে কাঠফুলাৰ পৰা নির্মাণ কৰা ১ কুইণ্টল বিস্কুট মেঘালয়লৈ প্রেৰণ কৰি আহিছে৷ ইয়াৰ উপৰি নতুন দিল্লী আৰু মহাৰাষ্ট্র আদিলৈও প্রেৰণ কৰি আহিছে৷
বিগত সময়ত মাধুৰীমা ফুড প্রডাকচনৰ স্বত্বাধিকাৰী মাধুৰীমাই বিভান্ন স্থানত প্রশিক্ষণত অংশগ্রহণ কৰি আহিছে৷ ইয়াৰ ভিতৰত প্রথম কাঠফুলা প্রশিক্ষণ ‘RURAL SELF EMPLOYMENT TRAINING INSTITUTE’ ১০–১৯ ফেব্রুৱাৰী, ২০২২৷ ‘NATIONAL INSTITUTE OF FOOD TECHNOLOGY ENTREPRENEURSHIP AND MANAGEMENT, THANJAVUR’. ১৪–১৮ নৱেম্বৰEDP on spice processing and packaging, premixing and Dehydration. ‘INDIAN INSTITUTE OF ENTREPRENEURSHIP’ development programme ১৯ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ ২০২২, গুৱাহাটী৷ Skill development training on millet processing and value addition, under APART, in association with college of Community Science, ৯ মার্চত অসম কৃষি বিশ্ববিদ্যালয়, যোহাটত প্রশিক্ষণ৷

অসম কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে সর্বভাৰতীয় সমন্বিত কৃষি গৱেষণা প্রকল্প (কাঠফুলা) মুখ্য ব্যৱস্থাপক ড০ অপূর্ব দাসৰ তত্ত্বাৱধানত অনুষ্ঠিত অভিযানত লহপহিয়া চাহ বাগিচাত, বাঁহনি চাহ বাগিচা মালৌপাম অঞ্চলত বনৰীয়া কাঠফুলা সেৱন তথা কাঠফুলা খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ দিশত ড্রেইনিং কৰে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰPOWIET mushroom Cultivation training, 24 April 2023. অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা যোৰহাট বাঁহফলা মিচিং গাঁৱতmushroom value added training, 23 December 2022.

ফোন : ৯৯৫৪৩–৩২১২৯

You might also like