নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ফাটবিহুৰ অন্তিম দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

নিয়মীয়া বাৰ্তা, ১২ মে’ : ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত লোক উৎসৱ ফাটবিহুক লৈ আজি অন্তিম দিনা উখল-মাখল পৰিৱেশ সৃষ্টি হয় ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত ৷ ফাটবিহুক লৈ লোকে লোকাৰণ্য হৈ পৰা ম’হঘুলি চাপৰি প্ৰাণ পাই উঠে ঢোল-পেঁপা-গগনাৰ মাতত। বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ মিলনৰ পুণ্যস্থলীত পৰিণত ম’হঘুলি চাপৰিত ১০ মে’ৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় লোক উৎসৱ ফাটবিহু ৷ ফাটবিহুক লৈ সৃষ্টি হোৱা উখল-মাখল পৰিৱেশৰ মাজতে আজি অন্তিম দিনা প্ৰথম কাৰ্যসূচী বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই ৷ আয়তীৰ উৰুলি, বিহুগীত, নাচনীৰ বিহুনাচৰ লগতে আহোম, চুতীয়া, মিচিং, দেউৰী, কছাৰী, নেপালী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি, গায়ন-বায়নৰ দলকে ধৰি ৬৫টা কৃষ্টি-সংস্কৃতি দলৰ কৃষ্টি আৰু বিহু প্ৰদৰ্শনেৰে উলিওৱা প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত মুগ্ধ হয় অগণন লোক ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like