নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰছলাৰ বগাপানীত পথ মেৰামতিৰ নামত বিষয়া-ঠিকাদাৰৰ দুৰ্নীতিৰ অভিযোগ

🔹 নিম্নমানৰ সামগ্ৰী ব্যৱহাৰেৰে  নিৰ্মাণ কৰাত চপৰা চপৰে এৰিছে পথ

বিশেষ বাৰ্তা,  ১২ মে’ : দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শূন্য সহনশীল নীতি অৱলম্বন কৰাৰ সময়তে বৰছলা বিধানসভা সমষ্টিত লোকনিৰ্মাণ বিভাগৰ পথ মেৰামতিৰ নামত বিষয়া-ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ মেৰামতিৰ নামত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণ কৰাত চপৰা চপৰে এৰি গৈছে নিৰ্মাণ কৰা পথছোৱা ৷ স্থানীয় ৰাইজে কাম বন্ধ কৰি পথছোৱা পুনৰ নিৰ্মাণৰ দাবী তুলিছে ৷ ঘটনা সন্দৰ্ভত উল্লেখ্য যে বৰছলা বিধানসভা সমষ্টিৰ বগাপানী গাঁৱৰ পৰা বৰগাঁও চাপৰিলৈ যোৱা বিধ্বস্ত পথছোৱা মেৰামতিৰ নামত লোকনিৰ্মাণ বিভাগৰ বিষয়া-ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰি অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত পথছোৱা চপৰা চপৰে এৰি যোৱাত স্থানীয় ৰাইজে সংবাদ মাধ্যমত তীব্ৰ বিক্ষোভ প্ৰদৰ্শন কৰে । স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ সন্মুখত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰে বেয়া হৈ যোৱা পথছোৱা মেৰামতিৰ বাবে ধন আবন্টন দি ঠিকেই পদক্ষেপ গ্ৰহণ কৰিছে যদিও বিভাগীয় একাংশ বিষয়া, ঠিকাদাৰ, মহৰিয়ে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত পথছোৱা মেৰামতিৰ পিছতেই চপৰা চপৰে এৰাই গৈছে । এখন ট্ৰেক্টৰ উক্ত পথছোৱাৰে পাৰ হোৱাৰ পিছতেই পথছোৱা চপৰা চপৰা এৰি গৈছে । আনহাতে, বিভাগীয় বিষয়া-ঠিকাদাৰে প্ৰথমেই মেৰামতি কৰা পথছোৱাৰ আগভাগত মেৰামতি ব্যয়, পথৰ দৈৰ্ঘ্য উল্লেখ কৰি ফলক আঁৰিব লাগে যদিও বিভাগে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বিধ্বস্ত হৈ পৰা পথছোৱা মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা ৰাজ্য চৰকাৰে মেৰামতিৰ বাবে নিৰ্দেশ প্ৰদান কৰাৰ পিছতে লোকনিৰ্মাণ বিভাগৰ বিষয়া-ঠিকাদাৰে মিলি ডেৰ কিলোমিটাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি কৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি বগাপানী গাঁৱৰ ৰাইজে ঘটনাস্থলীত বিভাগীয় অভিযন্তা, কাৰ্যবাহী অভিযন্তাৰ লগতে উচ্চপদস্থ বিষয়াসকলক উপস্থিত হৈ নিম্নমানৰ কাম পৰিদৰ্শন কৰিবলৈ দাবী জনাইছে ৷ স্থানীয় ৰাইজে বিভাগীয় নীতি-নিৰ্দেশনা অমান্য কৰি নিৰ্মাণ কৰা পথছোৱা পুনৰ নিৰ্মাণৰ দাবী তোলাৰ লগতে শীঘ্ৰেই সংশ্লিষ্ট কৰ্তৃপক্ষক সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিবলৈ দাবী জনায় ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like