নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পার্থসাৰথি মহন্তৰ ‘লাচিত’ শীর্ষক কবিতাৰ দৃশ্য–শ্রব্য মুকলি

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰঃ মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত তথা বিশিষ্ট লেখক পার্থসাৰথি মহন্তই ৰচনা কৰা এটা কবিতাৰ দৃশ্য–শ্রাব্য আজি উন্মোচন কৰা হয়৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ মাধৱদেৱ প্রেক্ষাগৃহত টাই আহোম যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত লাচিত দিৱসৰ কার্যসূচীতে ‘লাচিত’ শীর্ষক কবিতাটি উন্মোচন কৰা হয়৷ পদ্মশ্রী ড০ যোগেন্দ্র নাথ ফুকন আৰু মহানগৰীৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে এই দৃশ্য–শ্রাব্য মাধ্যমত প্রস্তুত কৰা কবিতাটি উন্মোচন কৰে৷ পার্থসাৰথি মহন্তৰ পৰিকল্পনা আৰু পৰিচালনাত যুগুত কৰা এই কবিতাটি আবৃত্তি কৰিছে বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী, অধ্যাপক ড০ অমৰজ্যোতি চৌধুৰীয়ে৷ কবিতাটিৰ আৱহ সংগীত ৰূপম তালুকদাৰৰ৷ কবিতাটিৰ ক্রিয়েটিভ ডাইৰেক্টৰ হৈছে অনুপম মহন্ত৷ অৰুণাচলৰ উপ–মুখ্যমন্ত্রী চাউনামেন, ভাৰতীয় সেনা বাহিনীৰ ৫১ ছাব এৰিয়া, নাৰেংগীৰ সেনা বিষয়াসকল আৰু জোৱানসকলৰ লগতে মহাবীৰ লাচিতৰ গুণমুগ্ধ এই অনুষ্ঠানত উপস্থিত থাকে৷ উল্লেখ্য যে এই কবিতাটো এটা জীৱনীমূলক কবিতা৷ লাচিত বৰফুকনৰ সমগ্র জীৱনৰ কর্মৰাজি, বৰ সেনাপতি হিচাপে যুদ্ধ কৌশল, সেনা পৰিচালনাৰ দক্ষতা আৰু বিচক্ষণতাকে কবিতাটিৰ মাজেৰে জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে উপস্থাপন কৰিছে৷ ৪০০সংখ্যক জয়ন্তীত মহাবীৰগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যেৰে এই কবিতাটি দৃশ্য–শ্রাব্য মাধ্যমৰ জৰিয়তে প্রস্তুত কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে৷ ইয়াৰ প্রযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্রাণী বৰুৱাই৷ কবিতাটিৰ ছাব টাইটেল প্রস্তুত কৰিছে ড০ জ’ভিয়েল কলিতাই৷ এনিমেচন প্রস্তুত কৰিছে ৰাতুল দত্ত আৰু হূষিকেশ বৰাই৷ কবিতাটি উন্মোচনৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে যিদৰে অসমক আধ্যাত্মিক সত্তা দিলে, সেইদৰে লাচিত বৰফুকনে জাতীয় সত্তা দিলে৷ অসমীয়া সত্তা– জাতীয় চেতনা আমি লাচিত বৰফুকনৰ পৰা লাভ কৰিছো বুলি উল্লেখ কৰি তেওঁ কয়– ‘লাচিত বৰফুকন এজন যুঁজাৰুৱেই নাছিল বা এজন সেনাপতি নাছিল৷ আমাক জাতীয় সত্তাৰে উদ্বুদ্ধ কৰা লাচিত জাতীয় আৱেগ৷ এই আৱেগেৰে অনুপ্রাণিত হৈ আমি যদি অসমীয়া জাতিটোক শক্তিশালীভাৱে প্রতিষ্ঠা কৰিব বিচাৰো, তেতিয়াহ’লে আমি তেওঁৰ কর্মৰাজি জানিব লাগিব৷ প্রতিটো কামৰ মূল্যায়ন হ’ব লাগিব আৰু সেই আদর্শৰে আগবাঢ়ি যাব লাগিব৷ সেইক্ষেত্রত মই কিবা অকণমান কৰিব পাৰো নেকি তাৰেই এয়া এক প্রচেষ্টা৷’

You might also like