নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলতকৈও মোৰ ক্ষোভ তথাকথিত জাতীয়তাবাদীৰ ওপৰত

সভ্যতাৰ যুঁজ

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সভ্যতাৰ যুঁজ বিষয়টো নির্বাচনৰ লক্ষ্যৰে বিতর্ক সৃষ্টি কৰা বুলি বিৰোধী তথা এচামে কৰি অহা সমালোচনাৰ বুধবাৰে প্রত্যুত্তৰ দিলে মন্ত্রীগৰাকীয়ে৷ মহানগৰী তাজ ভিভাণ্টা হোটেলত ড০ শর্মাৰ চতুর্থ গ্রন্থ ‘এটা সপোনৰ পম খেদি’ উন্মোচনী অনুষ্ঠানত ৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠানৰ সাংবাদিকৰে হোৱা কথোপকথনত এই প্রসংগত মন্ত্রীগৰাকীয়ে কয়– সভ্যতাৰ যুঁজ শব্দটো ধর্মীয় দৃষ্টিকোণৰ পৰা কোৱা শব্দ নহয়, ই এটা ৰাজনীতিক শব্দ৷ সভ্যতাৰ যুঁজ বুলি কওঁতে মোৰ আজমলতকৈ প্রচণ্ড ক্ষোভৰ সৃষ্টি হয় সেইসকল লোকৰ ওপৰত, যিসকল তথাকথিত জাতীয়তাবাদী৷ যিসকলে বটদ্রৱাত বেদখল হোৱাৰ সময়তো নীৰৱে থাকে, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র দখল কৰিবলৈ চলোৱা প্রচেষ্টাৰ সময়তো নীৰৱে থাকে, কাজিৰঙাৰ বেদখলৰ সময়ত নীৰৱে থাকে, মিঞা কবিতাৰ ক্ষেত্রতো নীৰৱে থাকে, সেইসকল তথাকথিত জাতীয়তাবাদীৰ ওপৰতহে মোৰ প্রচণ্ড ক্ষোভ আৰু খং আছে৷ এই সভ্যতাৰ যুঁজ বিজেপি অথবা মোৰ যুঁজ নহয়৷ এই তথাকথিত জাতীয়তাবাদী নেতাসকলে কিন্তু বাহিৰৰ পৰা অহা কোনো এগৰাকী বিজেপি নেতাই গামোচাখন নজনাকৈ বেলেগ ধৰণে ল’লে সৰৱ হৈ পৰে৷ যিসকলে দেখাবলৈহে জাতীয়তাবাদ কৰে, তাৰ ওপৰতহে মোৰ ক্ষোভ আছে৷ আজি বদৰুদ্দিন আজমলে ইছলামিক সন্ত্রাসবাদক ধন যোগান ধৰা সংগঠনৰ পৰা পুঁজি লাভ কৰে৷ এই বিষয়টো ইতিমধ্যে কেন্দ্রীয় চৰকাৰে তদন্ত আৰম্ভ কৰিছে৷ তাৰ পাছতো অসমৰ কোনো এখন বাতৰিকাকতত কোনো বুদ্ধিজীৱীয়ে ইয়াৰ বিৰুদ্ধে এটা লাইনো নিলিখিলে৷ আজি অসম সাহিত্য সভাও এই বিষয়টোৰ ক্ষেত্রত নীৰৱ৷ তেওঁলোকে ভাবে যে ইয়াৰ বিৰুদ্ধে মাত মাতিলে বিজেপিমুখী হোৱা বুলি অভিযোগ উঠিব৷ আজি অসমীয়া ভাষাটো থানবান হ’ল৷ এইক্ষেত্রত অসম সাহিত্য সভা নীৰৱ৷ আমি সঁচাক সঁচা ক’ব লাগে, মিছাক মিছা বুলি ক’ব লাগে৷

ইফালে আগন্তুক নির্বাচনত বিজেপিবিৰোধী শক্তি একত্রিত হোৱাৰ প্রসংগত উত্থাপিত আলোচনা সন্দর্ভত ড০ শর্মাই কয়– ২০১৯ চনৰ লোকসভাত বিজেপিবিৰোধী ভোট কংগ্রেছে লাভ কৰিছিল৷ বিজেপিৰ বিৰুদ্ধে একাংশ ৰাইজৰ ক্ষোভ থাকিব পাৰে৷ এয়া গ্রহণযোগ্য৷ কিন্তু এইসকল লোক কংগ্রেছী নহয়, তেওঁলোকে বিগত লোকসভা নির্বাচনত ন’টাত ভোট দিলে অথবা কংগ্রেছক ভোট দিলে৷ আনকি মোৰ সমষ্টিতো ২০১৬ চনৰ পৰা ২০১৯ চনলৈ ৫,০০০ ভোট হেৰুৱাইছোঁ৷ নিশ্চিতভাৱে সেই ৫,০০০ ভোট কংগ্রেছে পাইছে৷ কিন্তু এইবাৰ এই ভোট অসম জাতীয় পৰিষদে লাভ কৰিব৷ কংগ্রেছে এইবাৰ নির্বাচনত পূর্বৰ আসনো হেৰুৱাব৷ তেওঁলোকে নির্বাচনৰ বাবে যি ভোটবেংক সৃষ্টি কৰাৰ প্রচেষ্টাত আছে অথবা ভোটবেংকৰ সৃষ্টি কৰিছে, এই ভোটবেংকৰ ভোট জাতীয় পৰিষদে লাভ কৰিব৷ আনহাতে, মিত্রতাৰ জৰিয়তে কংগ্রেছ–এ আই ইউ ডি এফৰ যি ভোট লাভ কৰিম বুলি ধাৰণা কৰিছে, সেই ভোট ৰাইজৰ দলে লাভ কৰিব৷ একপ্রকাৰ ক’বলৈ গ’লে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল বিজেপিৰ বাবে আশীর্বাদস্বৰূপ৷ বহুজনে মোৰ এই সমীকৰণক লৈ একমত নহ’বও পাৰে৷ কিন্তু নির্বাচনৰ পাছত মোৰ এই সমীকৰণ সঁচাত পৰিণত হ’ব৷ ইফালে আগন্তুক বিধানসভা নির্বাচনত তেওঁ প্রতিদ্বন্দ্বিতা কৰিব নে নাই, সেই সন্দর্ভত ড০ শর্মাই কয় যে ২০২০ চনৰ ১ ফেব্রুৱাৰীৰ মোৰ জন্মদিনৰ দিনটোতেই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক মই নিজ হাতে পত্র লিখি ২০২১ চনৰ নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰোঁ বুলি স্পষ্ট কৰি দিছোঁ৷ অৱশ্যে তলত এইবুলিও লিখি দিছোঁ যে দলে যি দায়িত্ব দিয়ে, সেয়া মই পালন কৰিম৷ গতিকে মই নির্বাচন খেলা–নেখেলাটো নির্ভৰ কৰিব ৰাজ্যিক বিজেপিৰ ওপৰত৷

এই কথোপকথন অনুষ্ঠানত ইয়াক লৈও চর্চা চলে যে ড০ হিমন্ত বিশ্ব শর্মাই বিভিন্ন সময়ত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত বিতর্কিত কথা কৈও সমস্যাৰ সৃষ্টি কৰে৷ এনে ধৰণৰ বিতর্ক তেওঁ উদ্দেশ্যপ্রাণোদিত বুলিও অভিযোগ উত্থাপিত হৈছে৷ এই প্রসংগত মন্ত্রীগৰাকীয়ে কয়– এগৰাকী ৰাজনৈতিক নেতা হিচাপে মই যিকোনো এটা বিষয়ৰ ওপৰত মতামত নিদিয়াকৈ থাকিব নোৱাৰোঁ৷ মই যদি বিষয়টোৰ ওপৰত মত নিদিওঁ, তেন্তে মোৰ দলৰ কার্যকর্তাসকলে এইক্ষেত্রত সন্দেহৰ দৃষ্টিৰে চাব৷ গতিকে মই সকলো বিষয়ত মতামত দিওঁ৷ মই সঁচাটোক সঁচা বুলি কৈ যাওঁ৷ কিন্তু কেতিয়াবা সৰস্বতীদেৱী মোৰ ওপৰত অসন্তুষ্ট হ’লে দুই–এটা নক’বলগীয়া কথাও ওলাই যায় বুলি ড০ শর্মাই স্বীকাৰ কৰে৷

You might also like