নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ ওচৰত নির্লজ্জ আত্মসমর্পণ কৰিছে কংগ্রেছেঃ ড০ শর্মা

কংগ্রেছৰ ‘অসম বচাওঁ’ক তীব্র কটাক্ষ

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ কংগ্রেছৰ ‘অসম বচাও’ক লৈ তীব্র কটাক্ষ কৰিছে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই ‘অসম বচাওঁ’ শব্দটো ক’ৰ পৰা আহিছে বুলি প্রশ্ণ কৰি তেওঁ কয় যে সেয়া আমাৰ মাতৃভাষাৰ শব্দ হ’ব নোৱাৰে৷ অসমীয়া ভাষাত অসমক বচাওক হ’ব পাৰে, কিন্তু অসম বচাওঁ বুলি কোনো শব্দ নাই৷ কোনখন অভিধানৰ পৰা সেই শব্দ আহিছে? সেইদৰে কংগ্রেছে বদৰুদ্দিন আজমলৰ ওচৰত নির্লজ্জ আত্মসমর্পণ কৰি চিৰদিনৰ বাবে কংগ্রেছক ৰাইজৰ মাজৰ পৰা আঁতৰাই লৈ গ’ল বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ কংগ্রেছৰ সুস্মিতা দেৱ বিজেপিলৈ আহিব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মন্ত্রী ড০ শর্মাই কয় যে আহিলে আহিব পাৰে৷ কিন্তু তেওঁৰ লগত কোনো কথা পতা নাই৷ বিজেপিত এতিয়া নির্বাচনত টিকট দিব পৰা মানুহ অনাৰ সুবিধা নাই৷ সেয়ে টিকট বিচাৰিব পৰা মানুহ বিজেপিত যোগদান কৰোৱা নাই৷ টিকট বিচৰা মানুহ বিজেপিৰ ভিতৰতে আছে৷

ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেল অসমত কংগ্রেছৰ হৈ নির্বাচনী প্রচাৰৰ বাবে সঘনাই অহাৰ প্রসংগতো তেওঁ কয় যে অনাগত দিনত বিজেপিয়েও ছত্তিশগড়লৈ যাব৷ ইফালে অসম জাতীয় পৰিষদে দান–বৰঙণি সংগ্রহৰ বাবে বেংক একাউণ্ট খোলাৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে একাউণ্ট যদি খুলিছে, ভাল কথা৷ তেওঁলোকে যদি মানুহৰ ঘৰে ঘৰে গৈ, দোকানে দোকানে গৈ চান্দা নিবিচাৰে, তেতিয়াহ’লে তেওঁ নিজেও তেওঁলোকৰ একাউণ্টত বৰঙণি আগবঢ়াব বুলি মন্তব্য কৰে৷

You might also like