নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৰুকাৰ নিশা ১১ বজালৈ শিথিল সান্ধ্য আইন, পুৱা ৬ বজাৰ পৰিৱর্তে ৪ বজাৰ পৰা ৰেহাই

মাঘ বিহুত শিথিল কার্ফিউ

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ ভোগালী বিহুৰ বাবে ক’ৰোনাৰ এছ’পিত কিছু সালসলনি ঘটালে ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে আনুষ্ঠানিকভাৱে সান্ধ্য আইন শিথিল কৰাৰ কথা ঘোষণা কৰি উল্লেখ কৰে যে সান্ধ্য আইন মাঘ বিহুৰ সময়ছোৱাত নিশা ১১ বজাৰ পৰা বলৱৎ হ’ব৷ আনহাতে উৰুকাৰ দিনা ৬ বজাৰ পৰিৱর্তে ৪ বজাৰ পৰাই শিথিল হ’ব সান্ধ্য আইন৷ উল্লেখ্য যে পূর্বৰ এছ’পি অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন বলৱৎ হৈ আছে৷ মুখ্যমন্ত্রী ড০ শর্মাই আজি ঘোষণা কৰা মতে, উৰুকাৰ দিনা অর্থাৎ বৃহস্পতিবাৰে পুৱা ৪ বজাৰ পৰা শিথিল হ’ব সান্ধ্য আইন৷ মাছৰ বজাৰৰ বাবে ৬ বজাৰ পৰিৱর্তে ৪ বজাৰ পৰা সান্ধ্য আইন শিথিল কৰা হৈছে৷ আনহাতে উৰুকাৰ নিশা ১০ বজাৰ পৰিৱর্তে ১১ বজাৰ পৰা বলৱৎ হ’ব সান্ধ্য আইন৷ উৰুকাৰ ভোজ–ভাত খাই ঘৰলৈ উভতি যোৱাৰ সুবিধার্থে এই সান্ধ্য আইন ১১ বজাৰ পৰা বলৱৎ কৰা হৈছে৷ একেদৰে বিহুৰ দিনাখনো পুৱা ৪ বজাৰ পৰা নিশা ১১ বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছে৷ উল্লেখ্য যে মাঘ বিহুৰ প্রাক্ক্ষণত চৰকাৰে জাৰি কৰা নতুন এছ’পিক লৈ একাংশই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

আনকি বিৰোধী ৰাজনৈতিক দলসমূহেও ষড়যন্ত্রমূলকভাৱে অসমীয়াৰ পৰম্পৰা ধ্বংস কৰাৰ লক্ষ্যৰে এই এছ’পি জাৰি কৰা বুলিও অভিযোগ তুলি আহিছে৷ ইয়াৰ প্রত্যুত্তৰ প্রদান কৰি  মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট মন্তব্য– এৰাতি ভেলাঘৰত ভোজ–ভাত নাখালে অসমীয়া জাতি থানবান হৈ নাযায়৷ কলাক্ষেত্রত আয়োজিত এক চৰকাৰী অনুষ্ঠানত অংশগ্রহণৰ পিছতে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে এছ’পি সন্দর্ভত সৃষ্টি হোৱা প্রতিক্রিয়া তথা চর্চাৰ প্রসংগত কয়– এছ’পি সালসলনি কৰাত মোৰ কোনো আপত্তি নাই৷ কিন্তু যিসকলে এছ’পিক লৈ আপত্তি তুলিছে, তেওঁলোকে নিশ্চিত কৰিব লাগিব যে ভেলাঘৰত ক’ভিড নহয়৷ এয়া বৰ দুর্ভাগ্যজনক কথা যে ক’ভিডক লৈও প্রতিযোগিতাত নামিছে৷ বিগত বর্ষত ৩১ ডিচেম্বৰ উদ্যাপন কৰিব দিয়া হোৱা নাছিল৷ কিন্তু মাঘৰ বিহু উদ্যাপন কৰিব দিয়া হৈছিল৷ এই বিষয়বোৰ নির্ভৰ কৰে ক’ৰোনাৰ সংক্রমণৰ ওপৰত৷ মুখ্যমন্ত্রী ড০ শর্মাই কয়– ভেলাঘৰত অনা–অসমীয়া নহয়, অসমীয়া ল’ৰাহে আক্রান্ত হ’ব৷ যদি বাংলাদেশী ক’ভিডত আক্রান্ত হ’ল হয়, তেন্তে এছ’পিক লৈ পুনৰ বিবেচনা কৰিলোঁ হয়৷ অসমীয়াৰ আৱেগক লৈ এইধৰণৰ কথা ক’ব নাপায়৷ যিসকলে অসমীয়া পৰম্পৰাক সাঙুৰি কথাবোৰ কৈছে, তেওঁলোকে ঠেক ৰাজনীতি কৰিব বিচাৰিছে৷ এনেধৰণৰ ৰাজনীতি কৰিব নালাগে৷ ভেলাঘৰত অসমীয়া ল’ৰাক ক’ভিড সংক্রমণলৈ ঠেলি দিয়াসকলহে অসমবিৰোধী৷ ইফালে লকডাউনৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো উল্লেখ কৰে যে চৰকাৰে জীৱন আৰু জীৱিকা ৰক্ষা চলিব চেষ্টা কৰিছে৷ লকডাউন হ’লে আটাইতকৈ ক্ষতিগ্রস্ত হ’ব অসমীয়া মানুহ৷ যিসকলে অসমীয়াৰ কথা চিন্তা কৰে, অসমীয়াৰ কথা কয়, তেওঁলোকে অলপ ক’ভিডৰ এই সংক্রমণৰ কথা চিন্তা কৰক৷ ভেলাঘৰত এৰাতি ভোজভাত নাখালে অসমীয়া জাতি থানবান হৈ নাযায়৷ জাতিটো ইমান দুর্বল নহয়৷ মুখ্যমন্ত্রী ড০ শর্মাই এই প্রসংগতে স্পষ্ট কৰে যে ক’ভিডৰ এই তৃতীয় ঢ়ৌ ৪৫ দিনলৈ বর্তি থকাৰ সম্ভাৱনা আছে৷ এদিনতে ১৪–১৫ হাজাৰলৈ আক্রান্ত হোৱাৰ সম্ভাৱনা আছে৷ বর্তমান চিকিৎসালয়ৰ বিছনাৰ সংখ্যা সন্তোষজনক অৱস্থাত আছে৷ যেতিয়াই চিকিৎসালয়ত বিছনাৰ অভাৱ হ’ব, তেতিয়াই ক’ভিড বিধিৰ ক্ষেত্রত কিছু কঠোৰ হ’ব লাগিব৷

You might also like