নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্যৰ ৩০ শতাংশকহে সংস্থাপনেৰে চন্দ্রৰ ‘চমক’

পাঁচ বছৰত লক্ষ্য আছিল ২.০১ লাখ নিবনুৱাৰ দক্ষতা বিকাশ প্রশিক্ষণত ১,১৬,৩৬৮জনে সফল হোৱা সত্ত্বেও ৬৩ হাজাৰেহে পালে কাম

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ চৰকাৰী চাকৰিৰ বিকল্প হিচাপে নিবনুৱা যুৱক–যুৱতীক উপযুক্ত প্রশিক্ষণেৰে দক্ষ কৰি বিভিন্ন খণ্ডত সংস্থাপিত কৰাৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী নেতৃত্বাধীন দক্ষতা–নিয়োগ–উদ্যম্ বিভাগে দিয়া প্রতিশ্রুতি কার্যতঃ ফুটুকাৰ ফেন হৈছে৷ ইয়াৰ স্পষ্ট প্রমাণ বিয়াগোম বিভাগটোৱে চাৰিখন অভিলাষী আঁচনিৰ নামত ৰাজকোষৰ বৃহৎ পুঁজি শৰাধ কৰাৰ বিপৰীতে প্রশিক্ষণ তথা নিবনুৱাক দক্ষ কৰি তোলাৰ ক্ষেত্রত নির্দিষ্ট লক্ষ্যত উপনীত হ’ব নোৱাৰাটো৷ মন্ত্রী পাটোৱাৰীয়ে আৰম্ভণিৰে পৰা নেতৃত্ব দিয়া দক্ষতা–নিয়োগ–উদ্যম্ বিভাগৰ অধীনত ২০১৭–১৮ চনৰ পৰা চলিত ২০২১–২২ বিত্তীয় বর্ষপর্যন্ত নিবনুৱা যুৱক–যুৱতীসকলক্ প্রশিক্ষণৰ নামত প্লেচমেণ্ট লিংক স্কিল ডেভেলপমেণ্ট ট্রেইনিং প্র’গ্রেম (পি এল এছ টি পি), প্রধানমন্ত্রী কৌশল বিকাশ যোজনা (পি এম কে ভি ৱাই), নেচনেল আৰবান লাইভলিহুড মিছন (এন ইউ এল এম) আৰু নেচনেল ছিডিউৱেলড্ কাষ্টছ ফাইনেঞ্চ এণ্ড ডেভেলপমেণ্ট কর্প’ৰেচন (এন এছ এফ ডি চি)ৰ অধীনত অসমৰ নিবনুৱা যুৱক–যুৱতীসকলৰ্ দক্ষতা বিকাশৰ কর্ম আঁচনি যুগুত কৰিছিল যি আঁচনিৰ জৰিয়তে ২০১৭–১৮ চনৰ পৰা ২০২১–২২ বিত্তীয় বর্ষলৈকে এই পাঁচ বছৰত ২,০১,২৯৬জন নিবনুৱাক দক্ষ কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰিছিল বিভাগটোৰ অধীনস্থ নিয়োগ সঞ্চালকালয় আৰু আছাম স্কিল ডেভেলপমেণ্ট মিছনে৷ কিন্তু বাস্তৱ ক্ষেত্রত নির্দিষ্ট লক্ষ্যৰ কথা বাদেই, যথোপযুক্ত প্রশিক্ষণ গ্রহণ কৰাসকলৰ আটাইকে সংস্থাপিত কৰিবলৈ সক্ষম নহ’ল বিভাগটো৷

নির্দিষ্ট লক্ষ্যৰ বিপৰীতে এই সময়ছোৱাত প্রায় ৩০ শতাংশকহে সংস্থাপিত কৰিবলৈ সক্ষম হৈছে বিভাগটোৱে যিটো চূড়ান্ত ব্যর্থতা ৰূপে বিবেচিত হৈছে৷ এক কথাত ক’বলৈ গ’লে দক্ষতা বিকাশৰ দৰে অতি গুৰুত্বপূর্ণ দায়িত্বভাৰ দিয়া হ’ল বিভাগটোৰ অদক্ষ মন্ত্রী–বিষয়াসকলৰ্ হাতত৷ মন্ত্রী পাটোৱাৰী নেতৃত্বাধীন বিভাগটোৱে নির্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ কথা বাদেই, প্রায় ৩০ শতাংশকহে কর্মসংস্থাপন দি ৰাজ্যৰ জনসাধাৰণৰ মাজত ‘চমক’ সৃষ্টি কৰা বুলি সম্প্রতি সর্বত্র চর্চা হৈছে৷ খোদ বিভাগটোৰ তথ্য অনুসৰি ২০১৭–১৮ চনৰ পৰা ২০২১–২২ বিত্তীয় বর্ষলৈকে উক্ত আঁচনিকেইখনৰ অধীনত অসমৰ ২,০১,২৯৬জন নিবনুৱা যুৱক–যুৱতীক দক্ষ কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰিছিল৷ এই লক্ষ্যৰে অৱতীর্ণ হৈ বিভাগটোৱে ৰাজ্যৰ ৩৩খন জিলাৰ ১,৯২,৬০৭জন নিবনুৱাৰ নাম অন্তর্ভুক্ত কৰে যদিও প্রশিক্ষণত অৱতীর্ণ হয় ১,৬৬,৬১১জনেহে৷ প্রশিক্ষণৰ অন্তত এইসকল প্রশিক্ষার্থীৰ কার্যপদ্ধতি মূল্যায়ন কৰি ১,১৬,৩৬৮জনক সফল ৰূপে ঘোষণা কৰা হয়৷ ঘোষণা তথা প্রতিশ্রুতি অনুসৰি সফলতা অর্জন কৰা নিবনুৱাসকলে সংশ্লিষ্ট খণ্ডত মকৰল হোৱাৰ সুবিধা পাব লাগিছিল৷ কিন্তু অতি আশ্চর্যজনক কথাটো হ’ল– প্রায় ৩০ শতাংশ হাৰে ইয়াৰে মাত্র ৬৩,০০০জনেহে প্রাৰম্ভিক সংস্থাপন লাভ কৰিছে৷ অর্থাৎ দক্ষতা অর্জন কৰাৰ পিছতো কোনো এজন প্রশিক্ষার্থীক স্থায়ীভাৱে সংস্থাপিত কৰিবলৈ সক্ষম নহ’ল দক্ষতা–নিয়োগ–উদ্যম্ বিভাগটো৷ উল্লেখিত চাৰিখন আঁচনিৰ ভিতৰত পি এল এছ টি পিৰ জৰিয়তে ২০১৭–১৮ৰ পৰা ২০২১–২২ বিত্তীয় বর্ষৰ ভিতৰত মুঠ ১,৩৭,৫২২জন নিবনুৱাক দক্ষ কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল৷ এই নির্ধাৰিত লক্ষ্যৰ বিপৰীতে আগবাঢ়ি আহিছিল সমসংখ্যক নিবনুৱা৷ অৱশ্যে ইয়াৰ ভিতৰত ১,৩২,৪৫১জনে চৰকাৰী প্রশিক্ষণ গ্রহণ কৰে৷ প্রশিক্ষার্থীসকলৰ ভিতৰত ৯৬,৮১৪জনৰ মূল্যায়ন কৰাৰ পিছত ৮৭,৪১১জনক উত্তীর্ণ ঘোষণা কৰা হয়৷ পিছে প্রশিক্ষণত উত্তীর্ণ হৈ দক্ষতা অর্জনৰ পিছতো বিভাগটোৱে মাত্র ৫২,০২৯জনকহে কর্মসংস্থাপন দিবলৈ সক্ষম হয়৷

লক্ষণীয়ভাৱে এই কর্মসংস্থাপন আছিল প্রাৰম্ভিকভাৱেহে৷ পি এম কে ভি ৱাইৰ ক্ষেত্রতো অনুৰূপ চিত্রই প্রতিফলিত হৈছে৷ বিয়াগোম দক্ষতা–নিয়োগ–উদ্যম্ বিভাগটোৰ অধীনত এই আঁচনিখন ২০১৮–১৯ বর্ষৰ পৰাই ৰূপায়িত হৈ আছে৷ পিছে নির্দিষ্ট লক্ষ্যৰ সংস্থাপন দিয়াৰ ক্ষেত্রত বহু ব্যৱধানতে থাকি গ’ল বিভাগটো৷ তথ্য অনুসৰি ৰাজ্যৰ ২৮খন জিলাৰ ২৮,৮৫৪জন নিবনুৱাক আঁচনিখনৰ জৰিয়তে উপকৃত কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল৷ সেই অনুসৰি গ্রহণ কৰা কর্মসূচীমর্মে লক্ষ্যৰ সমসংখ্যক যুৱক–যুৱতীক আগ্রহান্বিত কৰিবলৈও বিভাগটোৱে সক্ষম হয় যদিও প্রশিক্ষণত অংশগ্রহণ কৰে ২৮,০১২জনে৷ ইয়াৰে ২৬,১১৭জনৰ মূল্যায়ন কৰাৰ অন্তত ২৩,৩২৭জনক উত্তীর্ণ ৰূপে ঘোষণা কৰা হয়৷ এই বৃহৎসংখ্যক নিবনুৱা দক্ষ হৈ উঠাৰ পিছতো কিন্তু বিভাগটোৱে প্রাৰম্ভিকভাৱে কর্মসংস্থাপন দিছে ৯,৮২৪জনকহে৷ এই সময়ছোৱাতে আন এখন গুৰুত্বপূর্ণ আঁচনি এন ইউ এল এমৰ অধীনত ৩৪,৩২০জন নিবনুৱাক দক্ষ কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল৷ বিয়াগোম বিভাগটোৰ নিয়োগ সঞ্চালকালয় আৰু আছাম স্কিল ডেভেলপমেণ্ট মিছনে কিন্তু নির্দিষ্ট লক্ষ্যৰ বিপৰীতে ২৫,৬৩১জনকহে প্রশিক্ষণৰ বাবে নাম অন্তর্ভুক্তি কৰে৷ ইয়াৰে ৫,৫৬৮জনে প্রশিক্ষণ গ্রহণ কৰে আৰু তেওঁলোকৰ মূল্যায়ন হোৱাৰ পিছত ৫,১২৪জনক উত্তীর্ণৰ স্বীকৃতি প্রদান কৰা হয় যদিও প্রাৰম্ভিকভাৱে কর্মসংস্থাপন দিছে ১,১৪৭জনকহে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল প্রশিক্ষণত বহুসংখ্যক নিবনুৱা যুৱক–যুৱতী উত্তীর্ণ হোৱাৰ পিছতো বাক্সা, বৰপেটা, বঙাইগাঁও, দৰং, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই আৰু কামৰূপ (মহানগৰ) জিলাৰ এজনো নিবনুৱাৰ চৰকাৰীভাৱে সংস্থাপনৰ পথ প্রশস্ত নহ’ল৷ চতুর্থখন আঁচনি এন এছ এফ ডি চি গ্রহণ কৰা হৈছিল ২০১৯–২০ চনত৷ উক্ত বর্ষটোত আঁচনিখনৰ অধীনত লক্ষ্য আছিল ৬০০জন নিবনুৱা যুৱক–যুৱতী৷ ইয়াৰে ৫৮০জনে প্রশিক্ষণ গ্রহণ কৰাৰ বিপৰীতে উত্তীর্ণ হয় ৫০৬জন৷ পিছে বঙাইগাঁও, ডিব্রুগড়, নগাঁও আৰু শিৱসাগৰ জিলাৰ ৪৫৮জনেহে প্রাৰম্ভিকভাৱে কর্মসংস্থাপন লাভ কৰিছে৷ ইয়াৰ পৰাই স্পষ্ট হৈছে নিবনুৱা যুৱক–যুৱতীৰ দক্ষতা বিকাশ আৰু সংস্থাপনৰ পথ দিয়া তথা চাৰিওখন অভিলাষী আঁচনি ৰূপায়ণৰ নামত বিভাগটোৰ চূড়ান্ত ব্যর্থতা৷ সংস্থাপনপ্রত্যাশী ৰাজ্যৰ নিবনুৱাসকলৰ বিভাগটোৱে এইদৰেই আভুৱা–ভাঁৰিলে বুলি গুৰুতৰ অভিযোগ উঠিছে৷

You might also like