নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষামন্ত্রীৰ ভাষ্যত তীব্র প্রতিক্রিয়া টেট শিক্ষকৰ

ডিএ বৃদ্ধিঃ তীব্র গণতান্ত্রিক আন্দোলনৰ হুংকাৰ শিক্ষক সমাজৰ

নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ পাঁচ শতাংশ মৰগীয়া বানচ চলিত মাহৰ পৰা কার্যকৰী হোৱা সন্দর্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কৰা মন্তব্যক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ টেট শিক্ষকসকলৰ মাজত৷ প্রাপ্য মৰগীয়া বানচৰ পৰা বঞ্চিত কৰি মাত্র ৫ শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ চৰকাৰে লোৱা সিদ্ধান্তত প্রতিক্রিয়া প্রকাশ কৰি সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে কয় যে কেবিনেট সিদ্ধান্তৰ ভিত্তিত ৰাজ্যপালে প্রদান কৰা নির্দেশনা ধোঁৱাচাঙত তুলি শিক্ষকসকলক প্রাপ্যৰ পৰা বঞ্চিত কৰিছে শিক্ষামন্ত্রী ডাঃ পেগুৱে৷ সংবাদ মাধ্যমৰ আগত এই সন্দর্ভত শিক্ষামন্ত্রীগৰাকীয়ে কৰা মন্তব্য অযুক্তিকৰ আৰু অর্থহীন বুলি প্রকাশ কৰি শিক্ষক সমাজৰ সাধাৰণ সম্পাদকদ্বয় মিৰাজুল ৰছিদ আৰু দীপার্ণৱ ঘোষে কয় যে সর্বশিক্ষাৰ শিক্ষকসকলে নতুন শিক্ষা–নীতি, ডিজেটল শিক্ষা পদ্ধতিক আদৰি সুন্দৰকৈ ৰাজহুৱা শিক্ষা ব্যৱস্থাক আগুৱাই নিয়াৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰি অহাৰ সময়তে শিক্ষামন্ত্রীগৰাকীৰ টুলুঙা মন্তব্যই শিক্ষকসকলক হতাশ আৰু ক্ষুব্ধ কৰিছে৷ তেওঁলোকৰ প্রাপ্য আদায় নিদিলে পুনৰ ৰাজ্যজুৰি তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিছে সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে৷

You might also like