নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিক্রন শংকাঃ নিবনুৱাৰ হাৰ ৭.৯ শতাংশলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ অমিক্রনৰ শংকাৰ বাবেই দেশত ডিচেম্বৰ মাহত নিবনুৱাৰ হাৰ বিগত চাৰি মাহৰ তুলনাত অধিক হৈছে৷ ডিচেম্বৰ মাহত নিবনুৱা ৭.৯ শতাংশলৈ বৃদ্ধি পাইছে৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী, চমুকৈ চিএমআইইয়ে প্রকাশ কৰা তথ্য মতে ডিচেম্বৰ মাহত নিবনুৱাৰ হাৰ বিগত ছেপ্টেম্বৰ মাহৰ পাছত সর্বাধিক৷ যোৱা নৱেম্বৰ মাহত নিবনুৱাৰ হাৰ আছিল ৭ শতাংশ৷ এই ৭ শতাংশৰ পৰা বৃদ্ধি হৈ ডিচেম্বৰত হৈছে ৭.৯ শতাংশ৷ অমিক্রন–ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰু বিভিন্ন দেশত সামাজিক প্রতিবন্ধকতা বৃদ্ধি কৰাৰ পৰিপ্রেক্ষিততেই দক্ষিণ এছিয়াৰ দেশসমূহত অর্থনৈতিক কার্যকলাপ আৰু গ্রাহকৰ চাহিদা হ্রাস পাইছে৷

এনে কাৰণতেই ভাৰতৰ অর্থনীতি আৰু গ্রাহকৰ চাহিদাত প্রভাৱ পৰাৰ ফলত নিবনুৱাৰ হাৰ বৃদ্ধি হৈছে৷ চহৰৰ সমান্তৰালকৈ গ্রামাঞ্চলতো নিবনুৱাৰ হাৰ বৃদ্ধি পোৱাটো চিএমআইইৰ তথ্যত প্রতিফলিত হৈছে৷ তথ্য মতে ডিচেম্বৰত চহৰাঞ্চলত নিবনুৱাৰ হাৰ ৯.৩ শতাংশলৈ বৃদ্ধি হোৱাৰ বিপৰীতে গ্রামাঞ্চলত ৮.২ শতাংশলৈ বৃদ্ধি হৈছে৷ পূর্বতে গ্রামাঞ্চলত নিবনুৱাৰ হাৰ ৭.৩ শতাংশ আছিল৷ মুম্বাইস্থিত চিএমআইইয়ে দেশৰ নিবনুৱা সমস্যা সন্দর্ভত বিগত বছৰ বছৰ ধৰি প্রতিবেদন প্রকাশ কৰি আহিছে৷

You might also like