নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথে জীয়াতু ভোগাইছে সোণাৰি চাপৰিবাসীক

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ লখিমপুৰ জিলাৰ লোক নিৰ্মাণ বিভাগৰ ঢকুৱাখনা আৰু নাওবৈচা ক্ষেত্ৰীয় সংমণ্ডলৰ অন্তগত সোণাৰি চাপৰিত ঢকুৱাখনা মাজুলী পথৰ বাঁহপৰা গাঁৱৰ পৰা বালিপাৰা, বৰবাৰী হৈ ৰাওনাবাৰীলৈ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনত নিৰ্মীয়মাণ পথটোৱে ঠিকাদাৰৰ হেমাহিত জীয়াতু ভোগাৰ অভিযোগ অঞ্চলৰ জনসাধাৰণৰ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ  পেকেজ নং এ এছ ১৫-০৪ৰ অধীনত পেকেজ নং চি আৰ / ২০২৩-২৪/৪৬ৰ জৰিয়তে ৫৫,৭৯,৫৬৮ টকা ব্যয় সাপেক্ষে পুণৰ নিৰ্মাণ কৰিব লগা পথটো নিৰ্মাণত ঠিকাদাৰে অহেতুক পলম কৰাত সমগ্ৰ পথটো ধূলিময় হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱাৰ উপৰি শিক্ষাৰ্থীসকলৰ লগতে সাধাৰণ ৰাইজো ধূলিজনিত ৰোগত আক্ৰান্ত হোৱাৰো অভিযোগ অঞ্চলবাসীৰ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথ মেৰামতিৰ নিৰ্বিদা লাভ কৰি শ্যাম মগৰ নামৰ ঠিকাদাৰগৰাকীয়ে বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহতেই নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ নামত পুৰণি পথটোৰ ব্লেক ট্ৰপিংসমুহ ভাঙি কেই  টেক্টৰ মান মাটি পেলাই সমান কৰি যোৱাৰ পিছৰে পৰাই দীৰ্ঘ দিনে মেৰামতিৰ ব্যৱস্থা নকৰাত তীব্ৰ ক্ষুভ প্ৰকাশ কৰি অনতিপলমে পথ মেৰামতিৰ সম্পূৰ্ণ কৰাৰো দাবী জনাইছে অঞ্চলৰ শিক্ষাৰ্থী, ৰাইজ আৰু বিভিন্ন দল সংগঠনসমুহেও৷ এইক্ষেত্ৰত লোকনিৰ্মাণ বিভাগৰ ঢকুৱাখনা আৰু নাওবৈচা ক্ষেত্ৰীয় সংমণ্ডলৰ বিষয়া কৰ্মচাৰীয়ে পথ নিৰ্মাণৰ কাম খৰটকীয়া কৰাৰ ব্যৱস্থা নকৰিলে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলিও জানিবলৈ দি ৰাজ্যৰ জনদৰদী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দৃঢ় পদক্ষেপ গ্ৰহণৰো দাবী জনাইছে অঞ্চলবাসীৰ লগতে অঞ্চলৰ শিক্ষাৰ্থীসকলেও ৷
প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি
You might also like