নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াক সজাগ হোৱাৰ আহ্বান দয়ানন্দ বৰগোহাঁইৰ

ৰেজাউল কৰিমে গৌৰৱ গগৈক কাষত লৈ যিধৰণে বিতৰ্কিত মন্তব্য কৰিলে, তাক মই ঘোৰ নিন্দা কৰিছোঁ। মোৰ মনে ধৰে যে অসম বুৰঞ্জীৰ ১০০ শতাংশৰ ১ শতাংশো নাজানে গৌৰৱ গগৈয়ে। সংবাদমেলত এই কঠোৰ মন্তব্য ড০ দয়ানন্দ বৰগোহাঁইৰ।

আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰি উজনি অসমক ধুবুৰী বনাম বুলি কোৱাৰ পিছতে জ্বলি উঠিছে সমগ্ৰ উজনি অসম। এই বিতৰ্কিত মন্তব্যৰ সময়ত লগত আছিল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ।

এতিয়া গৌৰৱ গগৈৰ ভূমিকাক লৈ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত প্ৰখ্যাত চিন্তাবিদ তথা আহোম সমাজৰ বুদ্ধিজীৱী ড০ দয়ানন্দ বৰগোহাঁইয়ে এখন সংবাদ মেল আয়োজন কৰে। সংবাদ মেলত কঠোৰ ভাষাত ৰেজাউল কৰিম আৰু গৌৰৱ গগৈক সমালোচনা কৰে ড০ দয়ানন্দ বৰগোহাঁইয়ে।

তেওঁ কয়, ৰেজাউল কৰিমে গৌৰৱ গগৈক কাষত লৈ যিধৰণে বিতৰ্কিত মন্তব্য কৰিলে, তাক মই ঘোৰ নিন্দা কৰিছোঁ। মোৰ মনে ধৰে যে অসম বুৰঞ্জীৰ ১০০ শতাংশৰ ১ শতাংশো নাজানে গৌৰৱ গগৈয়ে। তেওঁ স্পষ্ট ভাষাত কয়, ৰেজাউল কৰিমৰ দৰে ব্যক্তিৰ উৎপাত যদি বাঢ়ে, তেন্তে অসম এক ভয়ংকৰ ভৱিষ্যতৰ ফালে আগবাঢ়িব।

এই ক্ষেত্ৰত সমগ্ৰ অসমীয়া জাতিক সজাগ হ’বলৈ মই আহ্বান জনাইছোঁ। বৰ্তমান অসমৰ ৰাজনীতিক কেৰাহী গৰম বুলি উল্লেখ কৰি ড০ বৰগোহাঁইয়ে কয়, কোনে ক’ত কি ৰান্ধে, কোনে ক’ত কি মাছ ভাজে, একো ঠিক নাই। কিন্তু অসমৰ মাটি, ইতিহাস আৰু অস্তিত্বক লৈ কৰা যিকোনো কু-চেষ্টা আমি সহ্য নকৰোঁ। ৰেজাউলৰ এনে সপোন আমি কঠোৰভাৱে প্ৰতিবাদ কৰিম।

লগতে গৌৰৱ গগৈৰ সংসদীয় ভাষণ ক্ষমতাক লক্ষ্য কৰি কটাক্ষ কৰি কয়, গৌৰৱ গগৈয়ে সংসদত ইংৰাজী বা হিন্দী ভালকৈ ক’ব পাৰিলেই সকলো বিষয় ভালকৈ জানে বুলি ক’ব নোৱাৰি। অসমৰ বুৰঞ্জী সম্পৰ্কে তেওঁৰ জ্ঞান একেবাৰে সীমিত। লগতে ৰেজাউল কৰিমৰ দৰে মন্তব্য আহোম জাতিৰ চেন্তিমেণ্ট আৰু সামগ্ৰিকভাৱে অসমৰ চেন্তিমেণ্টক লৈ খেল কৰা সমান। এইধৰণৰ অপচেষ্টা কোনোপধ্যেই মানি লোৱা নহ’ব। আহোমৰ চেন্তিমেণ্ট আৰু অসমৰ চেন্তিমেণ্ট লৈ খেলা নকৰিব। গৌৰৱ গগৈৰ ৰাজনৈতিক স্থিতিক লৈয়ো ড০ বৰগোহাঁইয়ে তীব্ৰ মন্তব্য কৰে।

তেওঁ কয়, “হিমন্ত বিশ্ব শৰ্মা কোন, সেয়া গৌৰৱ গগৈয়ে নাজানে নেকি? যিজন পিতৃয়ে ‘HOW IS BODDURDDIN’ বুলি কৈছিল, তেওঁৰ পুত্ৰই এতিয়া ‘HOW IS HIMANTA’ বুলি ক’বলগীয়া হৈছে। ড০ দয়ানন্দ বৰগোহাঁইৰ এই বক্তব্যই অসমত চলি থকা ৰাজনৈতিক বিতৰ্কক অধিক তীব্ৰ কৰি তুলিছে। ইতিমধ্যে বিভিন্ন সংগঠন আৰু বুদ্ধিজীৱী মহলে এই সন্দৰ্ভত নিজৰ নিজৰ অৱস্থান স্পষ্ট কৰিবলৈ আৰম্ভ কৰিছে। আগন্তুক দিনত এই বিষয়টো কেন্দ্ৰ কৰি অসমৰ ৰাজনীতি আৰু অধিক উত্তপ্ত হোৱাৰ সম্ভাৱনা প্ৰবল।

ডিজিটেল ডেস্ক, ১৫ জানুৱাৰী

You might also like