নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত নেপালৰ দৰে পৰিস্থিতি সৃষ্টিৰ ষড়যন্ত্ৰ কংগ্ৰেছৰ

কংগ্ৰেছৰ এক ভয়ংকৰ ষড়যন্ত্ৰ। অসম বিজেপি ৰাজ্যিক কাৰ্যালয় জ্বলাই দিয়া কাৰ্যক প্ৰৰোচনা অসম কংগ্ৰেছৰ। সামাজিক মাধ্যমত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় জ্বলাই দিয়াৰ ফটো আপলোড কৰিছিল অসম প্ৰদেশ কংগ্ৰেছে। খিলঞ্জীয়া ৰাইজৰ বিৰোধী অসম প্ৰদেশ কংগ্ৰেছে এতিয়া অসমীয়া পৰম্পৰা, সনাতন সংস্কৃতিক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে। কংগ্ৰেছৰ এই নিকৃষ্ট মানসিকতাক কঠোৰ ভাষাৰে নিন্দা কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

ঘটনাৰ বিৱৰণ অনুসৰি, মাঘ বিহুৰ উপলক্ষে বিহুৰ শুভেচ্ছা দিবলৈ কংগ্ৰেছ দলে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট কৰিছিল। সেই পোষ্টটোত আছিল ভেলাঘৰ দাহ কৰা এখন ছবি। সামাজিক মাধ্যমত শ্বেয়াৰ কৰা সেই ফটোখনৰ পিছতে অসমৰ ৰাজনৈতিক পৰিবেশ উত্তপ্ত হৈ পৰে। কিয়নো ভোগালী বিহুৰ সময়ত দাহ কৰা ভেলাঘৰ এক গভীৰ প্ৰতীকী আৰু সাংস্কৃতিক তাৎপৰ্য বহন কৰা পৰম্পৰা।

সেই পবিত্ৰ পৰম্পৰাক বিকৃত ৰূপত উপস্থাপন কৰি বিভ্ৰান্তি সৃষ্টি কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ সেই পোষ্টটো সামাজিক মাধ্যমত মন্ত্ৰী পীয়ুষ হাজৰিকাই শ্বেয়াৰ কৰি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

তেওঁ কয় – ‘এয়া কোনো ধেমালি নহয়। খিলঞ্জীয়া ৰাইজৰ বিৰোধী অসম প্ৰদেশ কংগ্ৰেছে এতিয়া অসমীয়া পৰম্পৰা, সনাতন সংস্কৃতিক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে। ভোগালী বিহুত অসমীয়া ৰাইজে আনুষ্ঠানিকভাৱে জ্বলোৱা ভেলাঘৰ সম্পূৰ্ণৰূপে সুকীয়া, ইয়াৰ অৰ্থ সুকীয়া। আমাৰ ধৰ্ম, সংস্কৃতিৰ সম্পূৰ্ণ বিৰোধীসকলৰো ঘৰ আমি কেতিয়াও নজ্বলাওঁ। আজি অসমৰ এক পৱিত্ৰ দিন, য’ত আমি শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধৰ পোষকতা কৰোঁ।

কিন্তু অসমীয়া সংস্কৃতিক বিকৃতভাৱে উপস্থাপন কৰি আপোনালোকে এক বিশেষ শ্ৰেণীৰ লোকক আমাৰ সাংগঠনিক কাৰ্যালয়, ঘৰত আক্ৰমণ কৰিবলৈ উচটনি দিছে। অসমত নেপালৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰৰে আপোনালোকে দিয়া এই উচটনিক কেতিয়াও সহ্য কৰা নহ’ব।’ একাংশই বিষয়টোৰ নিৰপেক্ষ তদন্তৰ দাবী জনায়।

ডিজিটেল ডেস্ক, ১৫ জানুৱাৰী

You might also like