নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ক’ভিডঃ মঙলবাৰে ৬গৰাকীৰ মৃত্যু, আক্রান্ত ৪০৩গৰাকী

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ ৰাজ্যত ক’ৰোনাত আক্রান্তৰ হাৰ নিম্নগামী আৰু সুস্থতাৰ হাৰ ঊর্ধ্বমুখী হৈছে যদিও মৃত্যুৰ ধাৰা এতিয়াও অব্যাহত আছে৷ কালিৰ দিনটোতো ক’ৰোনাত আক্রান্ত ৬গৰাকীকৈ লোকে প্রাণ হেৰুৱায়৷ ইয়াৰ লগে লগে ৰাজ্যখনত এতিয়ালৈ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯১৪গৰাকীলৈ বৃদ্ধি পালে৷

স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি কালিৰ দিনটোত ক’ৰোনাত আক্রান্ত হৈ কামৰূপৰ মিলন চন্দ্র দাস (৫০), বিশ্বনাথৰ অম্লান দাস (৪৫), কামৰূপৰ কমলেশ্বৰ দাস (৪৩), ডিব্রুগড়ৰ অমৰেন্দ্র কুমাৰ শর্মা (৬৮), গোলাঘাটৰ লক্ষী কাকু (৪৫) আৰু তিনিচুকীয়াৰ ৰতন আগৰৱালা (৫২)ৰ মৃত্যু ঘটে৷ মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷

ইপিনে, কালি ৰাজ্যখনত নতুনকৈ ৪০৩গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰে ৮৭গৰাকী গুৱাহাটী মহানগৰীৰ৷ দিনটোত ২৬,১৬৪গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ কালিৰ দিনটোত আক্রান্তৰ হাৰ ১.৫৪ শতাংশ৷ আনহাতে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ২,৪৪৩গৰাকী লোকক আজি হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ মন কৰিবলগীয়া এয়ে যে কালিলৈকে ৰাজ্যখনত মুঠ ২,০৪,৭৮৯গৰাকী লোক ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে ১,৯১,০২৭গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷

বর্তমান বিভিন্ন হাস্পতালত ১২,৮৪৫গৰাকী সক্রিয় ৰোগী আছে৷ মন্ত্রী ড০ শর্মাই টুইটাৰত উল্লেখ কৰা অনুসৰি বর্তমান ৰাজ্যখনত সুস্থতাৰ হাৰ ৯৩.২৮ শতাংশ৷ সেইদৰে সক্রিয় ৰোগীৰ হাৰ ৬.২৭ শতাংশ৷ ৰাজ্যত মৃত্যুৰ হাৰ ০.৪৪ শতাংশ৷

You might also like