নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীন–পাকিস্তানক প্রত্যাহ্বানঃ ২০২২ৰ ভিতৰত পাঁচ মিলিটেৰী থিয়েটাৰ গঠন কৰিব ভাৰতে

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ চুবুৰীয়া ৰাষ্ট্র চীন আৰু পাকিস্তানক প্রত্যাহ্বান জনাবলৈ ২০২২ চনৰ ভিতৰত ভাৰতে পাঁচ মিলিটেৰী থিয়েটাৰ গঠন সম্পূর্ণ কৰিব৷ সামৰিক বাহিনীক শক্তিশালীকৰণ আৰু অভিযান ক্ষিপ্রতাৰে কৰাক প্রাধান্য দি গঠন কৰিবলগীয়া পাঁচ থিয়েটাৰ কমাণ্ডৰ হৈছে– নর্দার্ন কমাণ্ড, ৱেষ্টার্ন কমাণ্ড, পেনিনছুলাৰ কমাণ্ড, এয়াৰ ডিফেন্স কমাণ্ড আৰু মেৰাইন কমাণ্ড৷ ইয়াৰে নর্দার্ন কমাণ্ডে চীনৰ সৈতে থকা এলএচিৰ দায়িত্বত থাকিব৷

নর্দার্ন কমাণ্ডৰ মুখ্য কার্যালয় হ’ব লক্ষ্ণৌ৷ আনপিনে ছিয়াছেন হিমপ্রবাহৰ ইণ্ডিয়া ক’ল আৰু ছালত’ৰো ৰিজ’ৰ মাজত নিৰাপত্তাৰ দায়িত্বত থাকিব ৱেষ্টার্ন কমাণ্ড৷ এই ৱেষ্টার্ন কমাণ্ডৰ মুখ্য কার্যালয় গুজৰাটৰ পৰা ৰাজস্থানৰ ভিতৰত হ’ব৷ আনপিনে পেনিনছুলাৰ কমাণ্ডে সমগ্র ভাৰত মহাসাগৰ অঞ্চল আৰু দক্ষিণ ভাৰতৰ নিৰাপত্তাৰ দায়িত্বত থাকিব৷

কমাণ্ডৰ মুখ্য কার্যালয় তিৰুৱনন্তপুৰমত স্থাপনৰ সম্ভাৱনা আছে৷ এই কমাণ্ডৰ কাম অহা ৩১ মার্চৰ পৰা আৰম্ভ হ’ব আৰু এবছৰৰ ভিতৰত সম্পন্ন হ’ব৷ এয়াৰ ডিফেন্স কমাণ্ডে বিমান আক্রমণৰ লগতে ভাৰতৰ আকাশ সুৰক্ষাৰ দায়িত্বত থাকিব৷ এই কমাণ্ডৰ অধীনত থাকিব বহুমুখী যুদ্ধবিমান আৰু সকলো বিমান বিধ্বংসী ক্ষেপণাস্ত্র৷ তেনেদৰে মেৰাইন কমাণ্ডৰ দায়িত্বত থাকিব সাগৰীয় অঞ্চলৰ নিৰাপত্তা৷

উল্লেখ্য যে দেশৰ তিনি সেনাবাহিনীক একত্রিত কৰি এই পাঁচটা থিয়েটাৰ কমাণ্ড গঠন কৰা হ’ব৷ ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদী চৰকাৰে পাঁচটা থিয়েটাৰ কমাণ্ড গঠন কৰিবলৈ চিডিএছ জেনেৰেল বিপিন ৰাৱাটক দায়িত্ব অর্পণ কৰিছে৷ দেশৰ প্রথম চিডিএছ জেনেৰেল বিপিন ৰাৱাটে দায়িত্ব গ্রহণ কৰিয়েই তিনি সেনাবাহিনীক যুদ্ধ কিম্বা অভিযানৰ সময়ত একত্রিত কৰি পদক্ষেপ গ্রহণ কৰাৰ ক্ষেত্রত পাঁচ মিলিটেৰী থিয়েটাৰ কমাণ্ড গঠনৰ ঘোষণা কৰিছিল৷ সেইমর্মে সম্প্রতি দেশত থিয়েটাৰ কমাণ্ড গঠনৰ প্রক্রিয়া আৰম্ভ হৈছে আৰু ২০২২ চনৰ ভিতৰত ই সম্পূর্ণ হৈ উঠিব৷

You might also like