‘দেখিব মন নাযায়৷’
‘মুখখন দেখিলেই নহয়…৷’
‘এই মানুহটো নহয়, মানে…৷’
‘পাৰিলে এটা দিয়ে দিলোঁহেঁতেন৷’
হয়৷ কিছুমান মানুহক আমাৰ দেখিবলৈ মন নাযায়৷ আমি সহ্যই কৰিব নোৱাৰোঁ৷ আমাক ব্যক্তিগতভাৱে কেতিয়াও একো কৰা নাই, অথচ আমি মানুহজনক বেয়া পাওঁ৷ কেতিয়াবা ঘিণো কৰোঁ৷ কিয়?
আমি যেতিয়া বস্তুবোৰ–কথাবোৰ নিজৰ চকুৰে চাবলৈ আৰম্ভ কৰোঁ, আমি হয় ভাল দেখোঁ, নহয় বেয়া দেখোঁ৷ তেতিয়াই আমি উপলব্ধি কৰোঁ– ‘এই মানুহটোক মই বেয়া পাওঁ৷’
পৃথিৱীখন নিখুঁত হোৱা হ’লে প্রতিজন লোককেই আমাৰ ভাল লাগিলহেঁতেন৷ কাৰণ প্রতিজন লোকেই হ’লহেঁতেন সৎ, সাধু আৰু দয়ালু৷ এক মধুৰ পৰিৱেশত আমি সকলোৱে প্রফুল্লচিত্তে বাস কৰিলোঁহেঁতেন৷ খং উঠা বা হতাশ হোৱাটো দূৰৰে কথা, আমি আনকি কোনো কথাতে বিৰক্তও নহ’লোঁহেঁতেন৷ কিন্তু সেয়াটো নহয়৷ খুব কমেইহে আমি ভাল লগা মানুহখিনিৰ লগত একেলগে থকাৰ সুবিধা পাওঁ৷ আমি সচৰাচৰ পাই থকা সকলোখিনি মানুহকেইতো ভাল নাপাওঁ৷ আমি দৈনন্দিন লগ পাই থকা মানুহখিনিৰো বহুতে আমাক কিবা নহয় কিবা এটা আমি নিবিচৰা, আমি বেয়া পোৱা বা আমাৰ বেয়া হ’ব পৰা কৰি থয়৷ গতিকে তেনে মানুহক আমি বেয়া পোৱাটো স্বাভাৱিক৷
কিন্তু আমাৰ কোনোধৰণৰ ক্ষতি বা অপকাৰ নকৰিলেও আমি কিছুমান মানুহক বেয়া পাওঁ৷ কোনো গ্রহণযোগ্য যুক্তি নাই, অথচ বেয়া পাওঁ৷ কিয়?
আচল কথাটো হ’ল, কোনো কাৰণ নোহোৱাকৈ বেয়া পোৱা বুলি একো নাই৷ মানুহৰ মনটোৱে কাৰণ নোহোৱাকৈ একো কাম নকৰে৷ কাৰোবাক বেয়া পাওঁ বুলি অনুভৱ হ’বলৈও মনটোক কিবা এটা কাৰক লাগিব৷ আমি যেতিয়া কাৰোবাক সহজাতভাৱেই বেয়া পাই পেলাওঁ, তাৰো কিবা এটা উদ্দীপক থাকিব৷ ওপৰে ওপৰে আমাৰ এই বেয়া পোৱাৰ কোনো কাৰণ নাই যেন লাগিব পাৰে, কিন্তু প্রকৃতপক্ষে এটা কাৰণ থাকেই, সেয়া যিমানেই সূক্ষ্ম নহওক কিয়৷ আমাৰ বাবে বোধগম্য নহয়৷ কাৰণ, এই তৎক্ষণাত বেয়া পোৱা ভাবটো উদ্ভুত হয় আমাৰ অৱচেতন মনত৷ আৰু আমি ভাবি থাকো বিনা কাৰণে বুলি৷ সেয়া বুজিবলৈ হ’লে আমি দ’ লৈ সোমাব লাগিব৷
আমি গাড়ী চলাই গৈ আছোঁ৷ কিবা এটা ভাবত বিভোৰ হৈ আছোঁ৷ হঠাৎ ছাগলী এটা দৌৰি পাৰ হৈ গ’ল, আমি লগে লগে ব্রেক মাৰি দিলোঁ, কি হৈছে টলকিব পৰাৰ আগতেই৷ এয়া অৱচেতন মনৰ কাম৷ দুর্ঘটনা এটা হোৱাৰ পৰা বাচি গ’ল৷ অৱচেতন মনে বিপজ্জনক ঘটনা হ’বলৈ নিদিয়ে৷ টিলিকতে সিদ্ধান্ত লয়৷ জীৱনৰ প্রতি অহা আসন্ন বিপদৰ ক্ষেত্রত লোৱাৰ দৰে বিপজ্জনক মানুহৰ ক্ষেত্রতো অৱচেতন মনে তাৎক্ষণিক সিদ্ধান্ত লয়৷ আমি যদি কাৰোবাক মুহূর্ততে বেয়া পাই পেলাইছোঁ, তাৰ মানে অৱচেতন মনে সেই মানুহজনৰ পৰা আঁতৰি থাকিব বিচাৰিছে৷ তেওঁ ভয়ৰ কাৰণ, বিপদৰ কাৰণ৷
ঘৃণা বা বেয়া পোৱা হৈছে অনুভূত বা প্রকৃত ভাবুকি বা বিপদৰ বিৰুদ্ধে মানুহৰ মনৰ এটা প্রতিৰোধ ব্যৱস্থা৷ মানুহৰ অৱচেতন মনটোৱে যে এনেদৰে থাউকতে সিদ্ধান্ত এটা লৈ পেলাই আমাক এটা মানুহক বেয়া পোৱাই দিয়ে, কিহৰ ভিত্তিত এনেকুৱা কৰে বাৰু
মানুহে সমাজ পাতি বাস কৰে৷ একেটা জাতি, উপ–জাতি, সম্প্রদায়ে একেলগে বাস কৰে৷ আন জাতি, উপ–জাতি, সম্প্রদায়ৰ প্রতি মানুহৰ এটা পক্ষপাত থাকে৷ সহজতে গ্রহণ নকৰে৷ এয়া মানুহৰ সহজাত প্রবৃত্তি৷ সেয়েহে আন জনগোষ্ঠীৰ মানুহ এজনক দেখাৰ লগে লগে মানুহৰ অৱচেতন মন সজাগ হৈ উঠে৷ আদিম কালৰে পৰা এনে হৈ আহিছে৷ এটা সময়ত ছাৰভাইভেলৰ কথা আছিল৷ আজিৰ দিনত এনে পক্ষপাতক প্রশ্রয় দিব নোৱাৰি৷ সচেতন মনক অধিক জাগ্রত কৰি অৱচেতন মনৰ পৰা এই পক্ষপাত আঁতৰাব লাগিব৷
ছাৰভাইভেলৰ প্রতি ভাবুকি নিজৰ দলৰ মানুহৰ পৰাও আহে৷ প্রাচীন কালতো আহিছিল, আধুনিক যুগতো আছে৷ আদিম যুগত দলপতি কোন হ’ব, তাৰ প্রতিযোগিতা আছিল৷ আধুনিক যুগতো দলপতি কোন হ’ব, তাৰেই প্রতিযোগিতা৷ কোন আগবাঢ়ি যাব? কোনোবাই মোৰ সমান বা মোতকৈ বেছি ভালকৈ বেছি কাম কৰিছে নেকি কোনোবা মোতকৈ বেছি ওপৰৱালাৰ কাষ চাপিছে নেকি তেনে এক সম্ভাব্য প্রতিদ্বন্দ্বীক অৱচেতন মনে মুহূর্ততে চিনাক্ত কৰে আৰু আমি বেয়া পাই পেলাওঁ৷
হিংসা৷ আনক বেয়া পোৱাৰ এটা প্রধান কাৰণ৷ যেতিয়া কোনোবা আমাতকৈ বেছি পার্গত আৰু আগবঢ়া হয়, সেয়াও অৱচেতন মনে নিমিষতে চিনাক্ত কৰে৷ আমি বেয়া পোৱা হৈ যাওঁ৷
মানুহৰ মনটোৰ এটা অদ্ভুত গুণ হ’ল সময়ক সংযোগ কৰে৷ কোন কাহানিবাই হৈ যোৱা ঘটনা এটা বর্তমানৰ লগত সংযোগ কৰি পেলায় আমি গম নোপোৱাকৈয়ে৷ আমি যে কাৰোবাক লগ পালে বেয়া ভাইব্ছ পাওঁ, সেয়া আচলতে অতীতৰ কিবা বেয়া অভিজ্ঞতাৰ পৰাহে৷ অতীতত কোনোবাই আমাৰ কিবা বেয়া কৰি থৈছে, সেয়া লাগে সৰুতে কোনোবাই দিয়া কাণচেপাই হওক, বর্তমানত যদি মানুহজনৰ অতীতৰ মানুহজনৰ লগত কিবা মিল থাকে, আমি বেয়া ভাইব্ছ পাওঁ৷ আমি লগে লগে মানুহটোক বেয়া পাবলৈ আৰম্ভ কৰোঁ৷
যদি যিজন মানুহে বেয়া কৰি থৈছে, তেওঁকে লগ পাই যায়৷ আপুনি হয়তো এতিয়ালৈ ঘটনাটো পাহৰিয়েই গৈছে৷ তেওঁক দেখাৰ লগে লগে মনত পৰি গ’ল৷ সেই ঘৃণা ভাবটো লগে লগে ঘূৰি আহিল৷
আমি কেতিয়াবা লুকাব খোজোঁ৷ কাৰণ, আমি আমাৰ নিজৰ দোষ–ত্রুটিবোৰ জানো আৰু সেইবোৰ আঁতৰাই ব্যক্তিত্বত কিছুমান বিশিষ্টতা আনিব বিচাৰোঁ৷ কিন্তু প্রায়েই নোৱাৰোঁ৷ যেতিয়া সেই গুণখিনি থকা ব্যক্তিক আমি লগ পাওঁ, আমি তেওঁলোকক একেবাৰেই ভাল নাপাওঁ৷ কাৰণ, তেওঁলোকে আমাক আমাৰ খুঁতবোৰ মনত পেলাই দি থাকে৷ আমি তেওঁলোকক বেয়া পাওঁ৷ নিমিষতে৷
মানুহ এজনক দেখা পোৱাৰ লগে লগেই আমি আচলতে তেওঁৰ ওপৰত ৰায় দিবলৈ আৰম্ভ কৰি দিওঁ৷ আমি অত্যন্ত জাজ্মেণ্টেল৷ আমি অনবৰতে আনৰ বিচাৰ কৰি থাকোঁ৷ এই বিচাৰক আকৌ আমি তেওঁৰ পৰা পোৱা গুৰুত্বয়ো প্রভাৱিত কৰে৷ আমি কথা–বতৰা হোৱাৰ আগতেই অৱচেতন মনে মানুহটোক ভাল বা বেয়া, বন্ধু বা শত্রু– এটা নির্দিষ্ট শ্রেণীত ভুক্ত কৰি লয়৷ অৱচেতন মনৰ কামেই হ’ল আমাক বিপদৰ পৰা ৰক্ষা কৰা৷
মানে কথাটো হ’ল এনেকুৱা৷ আমি যেতিয়া এই বিভিন্ন কাৰণৰ কাৰণে কাৰোবাক বেয়া পাওঁ, তেওঁ যিয়েই নকৰক, আমি বেয়াই পাম৷ বহু পাব্লিক ফিগাৰৰ ক্ষেত্রতো এই একেখিনি কথাই প্রযোজ্য৷ তেওঁলোক ব্যক্তিগতভাৱে আমাৰ বিপদৰ কাৰণ নহ’ব পাৰে, কিন্তু অৱচেতন মনে তেওঁলোকক সামূহিক বিপদৰ কাৰণ হিচাপে চিনাক্ত কৰি পেলায়৷ সেয়েহে এই মুখবিলাক যিমানেই বিখ্যাত নহওক কিয় আমাৰ চাবলৈ মন নোযোৱা হৈ যায়৷
আমাক যেতিয়া আকৌ আনে বেয়া পায়, আমি কিন্তু ভাবি ভাল পাওঁ, আমাৰ এনে কিবা আছে যিটো আনৰ নাই৷