নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ জামা মছজিদত সম্বৰ্ধনা অনুষ্ঠান

  • সম্প্ৰীতিৰ এনাজৰী অধিক দৃঢ় কৰাৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: মৰিয়নিৰ ইছলামধৰ্মী লোকসকলৰ উমৈহতীয়া অনুষ্ঠান মৰিয়নি জামা মছজিদত উলহ মালহেৰে ঈদ উল ফিটৰ উদযাপন কৰা হয় । এই ঈদ উল ফিটৰৰ লগত সংগতি ৰাখি কালি সন্ধিয়া জামা মছজিদৰ ঈদগাহ প্ৰাংগণত এক সম্বৰ্ধনা আৰু সম্প্ৰীতিৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । মৰিয়নি জামা মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই মনোগ্ৰাহী অনুষ্ঠানটো জামা মছজিদৰ পেশ ইমাম মুফটি ছাদিকুৰ ইছলামে কেৰাত পাঠেৰে আৰম্ভ কৰে । আনহাতে মছজিদ পৰিচালনা সমিতিৰ সভাপতি, শিক্ষাবিদ, সমাজকৰ্মী আলহাজ নেকিবুল ইছলামে আদৰণি ভাষন প্ৰদান কৰি ১৮৮১ চনতে ভেটি স্থাপন কৰা মৰিয়নিৰ জামা মছজিদৰ ইতিহাস উল্লেখ কৰি কয় – এই মছজিদে সম্প্ৰীতিৰ এক নজিৰ দেখুৱাই আহিছে । সকলো ধৰ্ম – জাতি – জনগোষ্ঠীৰ মাজত থকা সম্প্ৰীতিৰ জৰীডাল অধিক কটকটীয়া কৰি তুলিবৰ বাবেই এনে অনুষ্ঠানৰ আয়োজন কৰা বুলি উল্লেখ কৰে । প্ৰসংগক্ৰমে তেওঁ কয়- শিক্ষা দীক্ষাৰ ক্ষেত্ৰত ইছ্লাম ধৰ্মী কিছুসংখ্যক লোক পিছ পৰি ৰোৱা দেখা গৈছে । সকলোৰে প্ৰচেষ্টাত যাতে সেইসকল লোককে আগবঢ়াই নিব পাৰি তাৰ বাবে আগবাঢ়ি আহিবলৈও তেওঁ সকলোৰে প্ৰতি আহ্বান জনায় । তাৰ বাবে সকলোৰে সদিচ্ছাৰ প্ৰয়োজন বুলিও তেওঁ উল্লেখ কৰে । অনুষ্ঠানটোত মৰিয়নিৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, যুৱ প্ৰশাসনিক বিষয়া অসীম বৰগোহাঁ‌ই, মৰিয়নি পৌৰসভাৰ উপ-পৌৰপতি প্ৰদীপ দাস, বিশিষ্ট সমাজকৰ্মী প্ৰহ্লাদ আগৰৱালা, মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালা, চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন শইকীয়া, মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰিতম শইকীয়া, সাংস্কৃতিক কৰ্মী- সংবাদকৰ্মী দীপক দত্ত ( জোন ), দিব্যজ্যোতি শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে । মছজিদ পৰিচালনা সমিতিয়ে এওঁ‌লোকক গামোচা, উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । মইনুল ইছলাম আৰু মছজিদ পৰিচালনা সমিতিৰ যুটীয়া সম্পাদক ইমৰান হুছেইনে আঁ‌ত ধৰা এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মৰিয়নি ৰাহজ চক্ৰ চক্ৰ বিষয়া অসীম বৰগোহাঁ‌য়ে এইয়া সম্প্ৰীতিৰ এক আদৰ্শ অনুষ্ঠান বুলি অভিহিত কৰি সাম্প্ৰতিক সময়ত এনে সম্প্ৰীতিৰ প্ৰাসংগিকতা আহি পৰিছে বুলি মন্তব্য কৰে । তেওঁ নিয়মীয়াভাৱে আৰু সঘনাই এনে অনুষ্ঠানৰ আয়োজনৰ পোষকতা কৰে । আনহাতে, অনুষ্ঠানটোত সম্বৰ্ধনা গ্ৰহণ কৰি আটাইকেইজন ব্যক্তিয়ে নিজৰ অনুভৱ ব্যক্ত কৰি এনেধৰণৰ অনুষ্ঠানে সম্প্ৰীতিৰ এনাজৰী অধিক কটকটীয়া কৰাৰ লগতে এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব বুলি উল্লেখ কৰে । মৰিয়নিক ক্ষুদ্ৰ ভাৰতবৰ্ষৰ ক্ষুদ্ৰ সংস্কৰণ বুলি উল্লেখ কৰি তেওঁলোকে কয়- মৰিয়নিৰ ৰাইজ আজি পৰ্য্যন্ত এনেদৰে মিলাপ্ৰীতিৰে বাস কৰি আহিছে বাবেই আজিও ইয়াত শান্তি বিৰাজ কৰিছে । এনে শান্তি আৰু সম্প্ৰীতিৰ মাজত কোনো অপশক্তিয়ে যাতে বিভেদৰ বীঁ‌জ সিঁ‌চিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰখাতো সকলোৰে দায়িত্ব বুলিও তেওঁলোকে উল্লেখ কৰে । অনুষ্ঠানটোত লগতে মছজিদ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি- চাহ কৰ্মচাৰী সংঘৰ বিশিষ্ট নেতা হাৰিছ- উজ- জামাল, বিশিষ্ট ব্যৱসায়ী চাকিৰ খান মালকান, আলহাজ মুলটাকা হুছেইন, জাম্মে মছজিদৰ ইমাম চাদিকুল ইছলাম আদিকো আদৰণি জনোৱা হয় । অনুষ্ঠানটোত মছজিদ পৰিচালনা সমিতিৰ অন্যান্য বিষয়ববীয়াৰ লগতে উপদেষ্টা আলি হুছেইন, ইব্ৰাহিম আলি, আলহাজ হাবিবুৰ ৰহমান, ৰৌজ আহমেদ, জীয়াউৰ ৰহমান, প্ৰাক্তন সম্পাদক চাকিৰ আলি, নেচিম আনচাৰি, হাফিজুৰ ৰহমান, আবিদ আলি আদি বহুসংখ্যক ৰাইজক উপস্থিত থাকে । এই অনুষ্ঠানতে ৰমজান মাহ আৰু ঈদ উল ফিটৰত বিভিন্ন ধৰনে নিজৰ দায়িত্ব পালন কৰি পাৰদৰ্শিতা দেখুওৱা মৰিয়নি জামা মছজিদৰ ব্যক্তি আৰু যুৱকসকলক প্ৰশস্তি পত্ৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ।

দিব্যজ্যোতি শইকীয়া

You might also like