নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত ১৩,০০০ মেগাৱাটৰ জলবোমাঃ নামনি অংশত থকা অসমলৈ বিপদঘণ্টা

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: পৰিৱেশ, জৈৱ–বৈচিত্র্যৰ প্রতি ভাবুকি তথা নামনি অংশত সৃষ্টি কৰিব পৰা ভয়াৱহতাক আওকাণ কৰি বৃহৎ নদীবান্ধক লৈ তৎপৰ হৈ পৰিছে অৰুণাচল প্রদেশৰ পেমা খাণ্ডু চৰকাৰ৷ উজনি অংশত থকা চুবুৰীয়া ৰাজ্যখনত নতুনকৈ নির্মাণ হ’ব আৰু ১৩টা জলবোমা৷ ইতিপূর্বে কেন্দ্রীয় বিদ্যুৎ প্রাধিকৰণ (চিইএ)–এ এই ১৩টা জলবিদ্যুৎ প্রকল্পত প্রয়োজনীয় অনুমোদন জনাইছিল যদিও বিভিন্ন কাৰণত নির্মাণকার্য আগবঢ়া নাছিল৷ কিন্তু পুনৰবাৰ অৰুণাচল প্রদেশৰ ক্ষমতা দখল কৰাৰ পাছত মুখ্যমন্ত্রী পেমা খাণ্ডুৰ নেতৃত্বত ‘অগ্রাধিকাৰ প্রকল্প’ হিচাপে গণ্য কৰা বৃহৎ নদীবান্ধকেইটাক বাস্তৱ ৰূপ দিবলৈ কুচকাৱাজ চলিছে৷ সকলো ঠিকে–ঠাকে থাকিলে মুঠ ১৩ গিগাৱাট (১৩,০০০ মেগাৱাট) বিদ্যুৎ উৎপাদনক্ষম নদীবান্ধকেইটা নির্মাণ সন্দর্ভত এন এইচ পি চি, নীপকো, এছ জে ভি এন এল আদিৰ দৰে কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানৰ সৈতে অৰুণাচল প্রদেশ চৰকাৰে অহা সপ্তাহত বুজাবুজি চুক্তি সম্পাদন কৰিব পাৰে৷

অৰুণাচল প্রদেশ চৰকাৰৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি, অহা সপ্তাহত কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিং ইটানগৰ ভ্রমণলৈ আহিব৷ এই ভ্রমণকালত ১৩টা বৃহৎ নদীবান্ধ সন্দর্ভত কেন্দ্রীয় শক্তিমন্ত্রী সিঙে মুখ্যমন্ত্রী পেমা খাণ্ডুৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে তেওঁৰ উপস্থিতিতেই ১৩খন বুজাবুজি চুক্তি স্বাক্ষৰৰ পূর্ণ সম্ভাৱনা আছে৷ মুঠ ১.৫ ত্রিলিয়ন (ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ১,২৩,০৬,১২৭.৫০ কোটি টকা) ব্যয়সাপেক্ষ এই ১৩টা জলবিদ্যুৎ প্রকল্পৰ ভিতৰত আছে ২,৭০০ মেগাৱাটৰ নামনি চিয়াং, ১,৭৫০ মেগাৱাটৰ ডিমৱি নামনি, ১,২০০ মেগাৱাটৰ কালাই–টু, ৩,০৯৭ মেগাৱাটৰ ইটালিন আৰু ৬৮০ মেগাৱাটৰ আটুনলী৷

মন কৰিবলগীয়া যে ইতিপূর্বে যোৱা ২৯ মার্চত পেমা খাণ্ডু চৰকাৰৰ কেবিনেটে ৫টা জলবিদ্যুৎ প্রকল্প নির্মাণৰ দায়িত্ব নতুনকৈ দুই কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান নীপকো আৰু এছ জে ভি এন এলক অর্পণ কৰিছিল৷ প্রায় ৪০ হাজাৰ কোটি টকা ব্যয়েৰে নির্মাণ কৰিবলগীয়া এই জলবিদ্যুৎ প্রকল্পকেইটা হ’ল– নায়িং (১,০০০ মেগাৱাট), হিৰং (৫০০ মেগাৱাট), ইমিনি (৫০০ মেগাৱাট), এমুলিন (৪২০ মেগাৱাট) আৰু মিনুনডন (৪০০ মেগাৱাট)৷ ‘অগ্রাধিকাৰ প্রকল্প’ ৰূপে স্বীকৃতি দিয়া ১৩টা জলবিদ্যুৎ প্রকল্পৰ ক্ষেত্রতো এতিয়া অৰুণাচল প্রদেশ চৰকাৰে অনুৰূপ তৎপৰতা চলাইছে৷ সূত্রটোৱে প্রকাশ কৰা মতে, যদিহে এই ১৩টা প্রকল্পৰ নির্মাণ তথা বিদ্যুৎ উৎপাদন সম্ভৱ হৈ উঠে, তেন্তে অৰুণাচল প্রদেশ চৰকাৰে বিনামূলীয়া বিদ্যুতৰ বাবদ বছৰি ২,০০০ কোটি টকাৰ ৰাজহ আৰু স্থানীয় এলেকা উন্নয়নৰ নামত ৩৫০ কোটি টকা লাভ কৰিব৷ মূলতঃ এই বৃহৎ ধনৰাশি লাভৰ উদ্দেশ্যেই অৰুণাচল প্রদেশ চৰকাৰে সম্ভাব্য বিপদক আওকাণ কৰি সমগ্র বিষয়টোক লৈ ল’ৰা–ঢ়পৰা আৰম্ভ কৰিছে৷

উল্লেখ্য যে দেশত উৎপাদনৰ সম্ভাৱনা থকা বিদ্যুতৰ ৪১ শতাংশই অৰুণাচল প্রদেশে অৰিহণা যোগাব পাৰে৷ কিন্তু বর্তমান সময়ত চুবুৰীয়া ৰাজ্যখনত উৎপাদিত বিদ্যুতৰ পৰিমাণ হৈছে মাত্র ১,১০০ মেগাৱাটহে৷ অৱশ্যে মুঠ ৪,৮৮০ মেগাৱাটৰ দুটা প্রকল্প সম্প্রতি নির্মীয়মাণ অৱস্থাত আছে৷ এই প্রকল্প দুটা হ’ল– নামনি সোৱণশিৰি (২,০০০ মেগাৱাট) আৰু দিবাং (২,৮৮০ মেগাৱাট)৷ অসমবাসীৰ জনমতকো আওকাণ কৰি এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাম প্রায় সম্পূর্ণ কৰি তুলিছে৷ ইয়াৰ আঠটা ইউনিটৰ ভিতৰত চাৰিটা (২৫x=১০০০ মেগাৱাট) চলিত বর্ষৰ ভিতৰত কার্যক্ষম হৈ উঠিব বুলি ইতিমধ্যে প্রকাশ কৰিছে এন এইচ পি চিয়ে৷ সেইদৰে এন এইচ পি চিয়ে ৩৫ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ ২,৮৮০ মেগাৱাটৰ দিবাং জলবিদ্যুৎ প্রকল্পৰ কাম ইতিমধ্যে হাতত লৈছে৷ একে সময়তে চুবুৰীয়া ৰাজ্যখনৰ উজনি চিয়াং জিলাত ১.৪৫ ত্রিলিয়ন ব্যয়সাপেক্ষ তথা ১০ গিগাৱাট বিদ্যুৎ উৎপাদনক্ষম আন এটা দেশৰ ভিতৰতে সর্ববৃহৎ জলবিদ্যুৎ প্রকল্প নির্মাণৰো পৰিকল্পনা কৰা হৈছে৷ এনে প্রেক্ষাপটত নামনি অংশত থকা অসমৰ বাবে অৰুণাচল প্রদেশ ভয়ংকৰ বিপদৰ কাৰক হৈ পৰাৰ সম্ভাৱনা প্রকট৷ কিয়নো, চুবুৰীয়া ৰাজ্যখনত নির্মাণ হ’বলগীয়া জলবোমাসদৃশ এই বৃহৎ নদীবান্ধত কিবা বিচ্যুতি ঘটিলেই নিমিষতে মহাপ্রলয়ৰ সৃষ্টি হ’ব পাৰে অসমত৷

ইতিমধ্যে এই আশংকা কৰিয়েই নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈ অসমত গঢ়ি উঠা প্রতিবাদে গণ আন্দোলনৰ ৰূপ লৈছিল৷ যাৰ পৰিণতিত এন এইচ পি চিয়ে ২০১১ চনৰ পৰা ২০১৯ চনলৈ বন্ধ কৰি ৰাখিবলগীয়া হৈছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাম৷ কিন্তু ক’ভিডসৃষ্ট পৰিস্থিতিৰ সুযোগ লৈ এন এইচ পি চিয়ে গেৰুকামুখত বৃহৎ নদীবান্ধটোৰ নির্মাণৰ কাম প্রায় শেষ কৰিছে৷ পিছে অদ্যপৰিমিত নির্র্মাণকাৰী সংস্থাটোৱে সুৰক্ষাৰ বিষয়টোত অসমবাসী ৰাইজক আশ্বস্ত কৰিব পৰা নাই৷ নির্মীয়মাণ অৱস্থাত থকাৰ সময়তে একাধিকবাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত অঘটন সংঘটিত হৈছে৷ খহি পৰিছে ঠুনুকা পাহাৰ৷ এনে অৱস্থাত অৰুণাচল প্রদেশত নতুনকৈ নির্মাণ হ’বলগীয়া জলবোমাসদৃশ বৃহৎ নদীবান্ধসমূহৰ ক্ষেত্রত নামনি অংশৰ সুৰক্ষাৰ বিষয়টোৱে কিদৰে গুৰুত্ব লাভ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like