সমষ্টি পুনৰ গঠনৰ খচৰাৰ ৰূপৰেখা প্রস্তুত
নিয়মীয়া বাৰ্তা, ১২ মার্চ: ২০২৪ চনৰ লোকসভা নির্বাচনৰ পূর্বেই অসমত সমষ্টি পুনৰ গঠন প্রক্রিয়া সম্পন্ন কৰিবলৈ বদ্ধ পৰিকৰ ভাৰতৰ নির্বাচন আয়োগ৷ উচ্চতম ন্যায়ালয়ত সমগ্র প্রক্রিয়াটোৰ বিৰুদ্ধে জনোৱা প্রত্যাহ্বানক নেওচি আয়োগে ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টি পুনৰ গঠনৰ প্রাৰম্ভিক খচৰা তালিকা এখন ইতিমধ্যে প্রস্তুত কৰি উলিয়াইছে৷ এইক্ষেত্রত ৰাজ্যিক নির্বাচন বিভাগে পালন কৰে মুখ্য ভূমিকা৷ সমগ্র প্রক্রিয়াটোৰ সৈতে জডিত এক শীর্ষ সূত্রহ এই প্রতিবেদকৰ আগত সদৰী কৰা অনুসৰি অলপতে ৰাজ্যিক নির্বাচন বিভাগে দাখিল কৰা জিলা, মহকুমা, মৌজাভিত্তিক তথ্য তথা মানচিত্রৰ (ভৌগোলিক অৱস্থান) ভিত্তিত আয়োগে পুনৰ গঠিত সমষ্টিত খচৰাৰ ৰূপৰেখা প্রস্তুত কৰিছে৷
ইতিমধ্যে উপলব্ধ ২০০৮ চনৰ সমষ্টি পুনৰ গঠনৰ খচৰাৰ সৈতে বর্তমানৰ খচৰাৰ কোনো সাদৃশ্য নাহ বুলি সূত্রটোৱে লগতে স্পষ্ট কৰি দিয়ে৷ লক্ষণীয়ভাৱে পুনৰ নির্ধাৰণ ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ সংখ্যাগত কোনো পৰিৱর্তন নহ’ব৷ অর্থাৎ অসমত এতিয়াৰ দৰে ১২৬টা বিধানসভা আৰু ১৪টা লোকসভা সমষ্টিয়েইবাহাল থাকিব৷ সূত্রটোৱে জানিবলৈ দিয়া মতে চলিত বর্ষৰ ভিতৰতেহ সমষ্টি পুনৰ গঠন প্রক্রিয়া সম্পূর্ণ কৰা আৰু ২০২৪ চনৰ ১ জানুৱাৰীত ৰাজ্যৰ নতুন ভোটাৰ তালিকাও পুনৰ গঠিত সমষ্টিৰ ভিত্তিত প্রকাশ পাব৷ হয়াৰ বাবে চলিত বর্ষৰ এপ্রিল মাহৰ ভিতৰতেই সমষ্টি পুনৰ গঠনৰ খচৰা তালিকাখন ৰাজহুৱা কৰা হ’ব৷ ৰাজনৈতিক দল তথা ৰাহজৰ মতামত আৰু ওজৰ–আপত্তি গ্রহণৰ বাবে ৬ মাহৰ বাবে চলিব শুনানি প্রক্রিয়া৷ ইয়াৰ বাবে ৰাজ্য আৰু কেন্দ্র উভয় চৰকাৰৰ তৰফৰ পৰা ৰাজপত্রিত অধিসূচনা জাৰি কৰা হ’ব৷ তাৰ পাছতে চূডান্ত কৰা হ’ব নতুন সমষ্টিৰ তালিকা৷
সূত্রটোৱে দাবী কৰা অনুসৰি মূলতঃ নামনি আৰু মধ্য অসমৰ বিধানসভা–লোকসভা সমষ্টিত ব্যাপক পৰিৱর্তন হোৱাৰ সম্ভাৱনা আছে৷ বিশেষকৈ লোকসভা সমষ্টি হিচাপে বৰপেটা, কোকৰাঝাৰ, মঙলদৈ, নগাঁও, কলিয়াবৰ আৰু গুৱাহাটীত পুনৰ গঠনৰ প্রভাৱ পৰিলক্ষিত হ’ব৷ আনহাতে, সীমান্তৱর্তী ধুবুৰী, লখিমপুৰ আৰু বৰাক উপত্যকাৰ দুহ লোকসভা সমষ্টিত পুনৰ গঠনৰ সিমান প্রভাৱ নপৰে৷ একেদৰে উজনি অসমৰ লোকসভা সমষ্টিসমূহো প্রায় অপৰিৱর্তিত থকাৰ সম্ভাৱনা আছে৷
উদাহৰণস্বৰূপে সূত্রটোৱে প্রকাশ কৰা মতে, বৰপেটা লোকসভা সমষ্টিৰ এটা অংশ কোকৰাঝাৰ আৰু মঙলদৈত সন্নিৱিষ্ট হ’ব পাৰে৷ সেইদৰে কলিয়াবৰ লোকসভা সমষ্টিৰ এটা অংশ নগাঁৱত অন্তর্ভুক্ত হোৱাৰ সম্ভাৱনা আছে৷ গুৱাহাটী আৰু মঙলদৈ সমষ্টিৰ কিছু অংশ আদান–প্রদান কৰা হ’ব পাৰে৷ লোকসভা সমষ্টিবোৰৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি বিধানসভা সমষ্টিবোৰো অনুৰূপভাৱে প্রভাৱিত হ’ব বুলি সূত্রটোত প্রকাশ৷ উল্লেখ্য যে কেন্দ্রীয় আহন আৰু ন্যায় মন্ত্রালয়ৰ নির্দেশমর্মে যোৱা ২৭ ডিচেম্বৰত নির্বাচন আয়োগে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমত সমষ্টি পুনৰ গঠন প্রক্রিয়া আগবঢ়াই নিয়াৰ বাবে অধিসূচনা জাৰি কৰিছিল৷ সমষ্টি পুনৰ গঠন আয়োগৰ পৰিৱর্তে নির্বাচন আয়োগৰ জৰিয়তে কিয় পুনৰ গঠন প্রক্রিয়া আগবঢ়াই নিয়া হৈছে তথা ২০১১ চনৰ লোকপিয়ল থকা সত্ত্বেও আৰু ২০২১ চনৰ লোকপিয়ল প্রক্রিয়া চলি থকা অৱস্থাত ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমৰ সমষ্টি পুনৰ গঠন প্রক্রিয়াক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত যোৱা ফেব্রুৱাৰীত দুখনকৈ লেখ আবেদন দাখিল হৈছে আৰু ইয়াৰ শুনানি প্রক্রিয়া অব্যাহত আছে৷ সাংসদ অজিত কুমাৰ ভূঞা আৰু চিন্তাবিদ ড০ হীৰেন গোহঁায়ে সুকীয়াকৈ এই লেখ আবেদন দাখিল কৰিছে৷ ইয়াৰ পূর্বে ২০২০ চনতো জম্মু আৰু কাশ্মীৰৰ লগতে অসমকে ধৰি ডত্তৰ–পূর্বাঞ্চলৰ চাৰি ৰাজ্যৰ সমষ্টি পুনৰ গঠনৰ বাবে কেন্দ্রীয় চৰকাৰে ন্যায়াধীশ ৰঞ্জনা দেশাইৰ নেতৃত্বত এখন কমিটী গঠন কৰিছিল৷ সেহসময়তো উচ্চতম ন্যায়ালয়ত কেন্দ্রৰ এহ সিদ্ধান্ত প্রত্যাহ্বানৰ সন্মুখীন হৈছিল তথা পৰৱর্তী সময়ত উত্তৰ–পূর্বাঞ্চলৰ চাৰি ৰাজ্যক এহ প্রক্রিয়াৰ পৰা অব্যাহতি দিয়া হৈছিল৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এহ মুহূর্তত অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহ ১৯৭১ চনৰ লোকপিয়লৰ ভিত্তিত ১৯৭৬ চনৰ সমষ্টি পুনৰ গঠন আয়োগে প্রস্তুত কৰা তালিকা অনুসৰি নির্ধাৰিত হৈ আছে৷ ২০০২ চনতো সমষ্টি পুনৰ গঠন আয়োগ গঠন কৰা হৈছিল তথা ২০০৮ চনত অসমৰ খচৰা তালিকা প্রকাশ পাহছিল৷ কিন্তু আহন–শৃংখলাৰ দোহাহ দি অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ আন তিনি ৰাজ্য অৰুণাচল প্রদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ সমষ্টি পুনৰ গঠন প্রক্রিয়াত স্থগিতাদেশ জাৰি কৰা হৈছিল৷ বাস্তৱত ২০০৮ চনৰ খচৰাখন কেতিয়াও বাতিল কৰা হোৱা নাছিল৷ উচ্চতম ন্যায়ালয়ত চলি থকা অসমৰ সমষ্টি পুনৰ গঠনক প্রত্যাহ্বান জনোৱা আবেদনতো এহ বিষয়টো উত্থাপন কৰিছে গুচৰীয়া পক্ষই৷