নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰাগাৰতে সম্পন্ন বন্দনাৰ মনস্তত্ত্ব বিশ্লেষণ

নিয়মীয়া বাৰ্তা, ১২ মার্চ: নাৰেংগীৰ চাঞ্চল্যকৰ ডাবল মার্ডাৰ হত্যাকাণ্ডৰ বলি হোৱা মাতৃ–পুত্রৰ দেহৰ অৱশিষ্টৰ নমুনা ডিএনএ প্র’ফাইলিঙৰ বাবে আজি কাহিলিপাৰাৰ ফৰেনছিক গৱেষণাগাৰ সঞ্চালকালয়লৈ প্রেৰণ কৰে আৰক্ষীয়ে৷ উল্লেখ্য যে হত্যাকাণ্ডটোৰ মূল অভিযুক্ত বন্দনা কলিতাৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে মেঘালয়ৰ ডাউকীৰ দ’ খাৱৈৰ পৰা উদ্ধাৰ কৰিছিল মৃত শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ দেহৰ অৱশিষ্ট৷ উদ্ধাৰ কৰা অৱশিষ্টখিনি আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ফৰেনছিক বিভাগলৈ প্রেৰণ কৰিছিল৷ কিন্তু আদালতৰ নির্দেশ নোপোৱাৰ বাবে মৃতদেহ দুটাৰ অৱশিষ্টখিনিৰ ডিএনএ প্র’ফাইলিং পৰীক্ষা কৰিব পৰা নাছিল আৰক্ষীয়ে৷ আদালতৰ পৰা পোৱা নির্দেশৰ পাছত আজি অৱশিষ্টখিনি ডিএনএ প্র’ফাইলিঙৰ বাবে ফৰেনছিকলৈ প্রেৰণ কৰা হয়৷ আৰক্ষী সূত্রৰ পৰা জানিব পৰা মতে, অৱশিষ্টখিনি প্রকৃততে শংকৰী–মৰজ্যোতিৰ হয়নে নহয়, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ অৱশিষ্টৰ পৰা সংগ্রহ কৰা ডিএনএ মিলাই চোৱা হ’ব৷ যদিহে সেয়া মিলে তেন্তে অৱশিষ্টখিনি শংকৰী–মৰজ্যোতিৰ বুলি নিশ্চিত হ’ব৷ মন কৰিবলগীয়া যে ইতিমধ্যে জিএমচিএইচৰ ফৰেনছিক বিভাগে শংকৰী– অমৰজ্যোতি দে’ৰ পৰিয়ালৰ আত্মীয়ৰ ডিএনএ সংগ্রহ কৰিছে৷ হত্যাকাৰী বন্দনা কলিতাৰো ডিএনএৰ লগতে দেহৰ বিভিন্ন অংশৰ নমুনা সংগ্রহ কৰা হৈছে৷ এই আটাইবোৰ প্রমাণ কাহিলিপাৰাৰ ফৰেনছিক গৱেষণা সঞ্চালকালয়ত পৰীক্ষা কৰা হ’ব৷ ইপিনে, সম্প্রতি কাৰাগাৰত থকা বন্দনা কলিতাৰো ‘মনস্তত্ত্ব বিশ্লেষণ’ পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি আৰক্ষী সূত্রৰ পৰা জানিব পৰা গৈছে৷ দিল্লীৰ পৰা অহা কেন্দ্রীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ দলে ইতিমধ্যে যাৱতীয় পৰীক্ষাবোৰ সম্পন্ন কৰিছে৷ দিল্লীলৈ পুনৰ উভতি যোৱা দলটোৱে এতিয়ালৈকে উক্ত পৰীক্ষাৰ প্রতিবেদন আৰক্ষীক দিয়া নাই বুলি জানিব পৰা গৈছে৷ মন কৰিবলগীয়া যে কেন্দ্রীয় ফৰেনছিকৰ তথ্যসমৃদ্ধ প্রতিবেদনখন মহানগৰ আৰক্ষীৰ বাবে এখন গুৰুত্বপূর্ণ নথিত পৰিণত হ’ব৷ কিয়নো আৰক্ষীৰ জিম্মাত ১৪ দিন থকাৰ পাছতো হত্যাকাৰী বন্দনা কলিতাই হত্যাকাণ্ডটো নিজে সংঘটিত কৰি মৃতদেহ দুটা খণ্ড–বিখণ্ডকৈ কাটি পেলোৱাৰ কথা স্বীকাৰ কৰিছে ঠিকেই কিন্তু কাৰাগাৰলৈ যোৱাৰ মুহূর্তলৈকে কি কাৰণত নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰিছিল সেয়া তদন্তকাৰী আৰক্ষীক সদৰী কৰা নাছিল৷ জেৰাৰ সময়ত বিভ্রান্তিকৰ ৰূপত হত্যাকাণ্ডটোৰ কেইবাটাও কাৰণ আৰক্ষীক জনাইছে যদিও প্রকৃত সত্য এতিয়াও স্পষ্ট হোৱা নাই৷ কেন্দ্রীয় ফৰেনছিকৰ প্রতিবেদন অহাৰ পাছতহে সকলো বিভ্রান্তি দূৰ হ’ব বুলি আৰক্ষীয়ে মত প্রকাশ কৰিছে৷

You might also like