নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ফার্মৰ গাহৰি–কুকুৰা খোৱাত নাই কোনো বাধাঃ বার্ড ফ্লু প্রতিৰোধৰ বাবে অসমলৈ অনা হৈছে ডেৰ লাখ ভেকচিন

নিয়মীয়া বাৰ্তা, ১২ মার্চ: দেশৰ বিভিন্ন ৰাজ্যত শেহতীয়াকৈ ভয়াৱহ ৰূপত সংক্রমণ হ’বলৈ লৈছে এভিয়েন ইনফ্লুয়েঞ্জাৰ লগতে ছোৱাইন ফ্লুৰ৷ গাহৰি আৰু হাঁহ–কুকুৰাৰ জৰিয়তে সংক্রমণ হোৱা এই ৰোগক লৈ উদ্বিগ্ণ হৈ পৰিছে কেন্দ্রীয় চৰকাৰ৷ বিশেষকৈ কেৰালা, মধ্যপ্রদেশ, হাৰিয়ানা, পঞ্জাব, পশ্চিমবংগকে ধৰি কেইবাখনো ৰাজ্যত এভিয়েন ইনফ্লুয়েঞ্জাৰ ফলত বহু গাহৰি আক্রান্ত হোৱাত এনেবোৰ গাহৰি নিধন কৰিবলগা হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত বহিঃৰাজ্যৰ পৰা অসমলৈ গাহৰি আৰু ব্রইলাৰ মুর্গী আমদানিত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ এই কথা স্পষ্ট কৰিলে পশুপালন মন্ত্রী অতুল বৰাই৷

মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, বহিঃৰাজ্যত ভয়াৱহ ৰূপত সংক্রমণ ঘটা এভিয়েন ইনফ্লুয়েঞ্জাই যাতে অসমৰ গাহৰিপালক আৰু কুকুৰা পালকসকলক ক্ষতি কৰিব নোৱাৰে, সেই লক্ষ্যৰে বহিঃৰাজ্যৰ পৰা গাহৰি–ব্রইলাৰ আমদানিত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইক্ষেত্রত অধিক সতর্ক হোৱাৰ বাবে বিভাগক দিয়া নির্দেশৰ পাছতেই আজি বিভাগে আনুষ্ঠানিকভাৱে এই নিষেধাজ্ঞা জাৰি কৰে৷ জনতা ভৱনৰ নিজ কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি মন্ত্রী বৰাই কয় যে বহিঃৰাজ্যৰ পৰা আমদানি বন্ধ হ’লেও ৰাজ্যত গাহৰি–ব্রইলাৰৰ নাটনিৰ সৃষ্টি নহয়৷ অসম বর্তমান ব্রইলাৰ উৎপাদনেৰে আত্মনির্ভৰশীল৷ সমান্তৰালভাৱে গাহৰিপালনৰ জৰিয়তে অসমে ৰাজ্যখনৰ ৪০ শতাংশ গাহৰিৰ মাংসৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈ আছে৷ অৱশ্যে ৬০ শতাংশ গাহৰি বহিঃৰাজ্যৰ পৰা আমদানি হয়৷ বহিঃৰাজ্যৰ পৰা গাহৰি অনাত নিষেধাজ্ঞা জাৰি কৰিলে কিছু সমস্যাৰ সৃষ্টি হ’ব যদিও অসমত গাহৰিপালকসকলে যাতে এভিয়েন ইনফ্লুয়েঞ্জাৰ সংক্রমণৰ ফলত লোকচানৰ সন্মুখীন নহয়, তাৰ বাবে এই ব্যৱস্থা গ্রহণ কৰা হৈছে৷

মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে ছোৱাইন ফ্লু আৰু এভিয়েন ইনফ্লুয়েঞ্জাৰ দৰে সংক্রমণে গাহৰি উৎপাদনত যি আর্থিক ক্ষতিৰ সৃষ্টি কৰিছে, সেই দিশটোৰ প্রতি লক্ষ্য কৰিয়েই অসমে গাহৰি উৎপাদনত বিশেষ আঁচনি গ্রহণ কৰিব৷ আগন্তুক পাঁচ বছৰত ২০ লাখ গাহৰি উৎপাদনৰ লগতে দৈনিক ৫০ লাখ কণী উৎপাদনৰ লক্ষ্য বান্ধি লৈছে পশুপালন বিভাগে৷ ইফালে, মন্ত্রীগৰাকীয়ে ইয়াকো আজি স্পষ্ট কৰে যে বিহাৰ, ঝাৰখণ্ড, পঞ্জাব, হাৰিয়ানা, কেৰালা, পশ্চিমবংগ আদি ৰাজ্যত এভিয়েন ইনফ্লুয়েঞ্জাই সৃষ্টি কৰা পৰিৱেশৰ বিপৰীতে কিন্তু অসমত এই ৰোগৰ এটাও সংক্রমণৰ ঘটনা চিনাক্ত হোৱা নাই৷ সেয়েহে অসমত উৎপাদন হোৱা গাহৰি আৰু কুকুৰাৰ মাংস খোৱাত বাধা আৰোপ কৰা হোৱা নাই৷ উল্লেখ্য যে পশুপালন বিভাগে কালি এক নির্দেশযোগে বহিঃৰাজ্যৰ পৰা গাহৰি আৰু ব্রইলাৰ আমদানিত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰাৰ লগতে অসমলৈ যাতে গাহৰি–ব্রইলাৰভর্তি ট্রাকৰ প্রৱেশ নহয়, তাৰ বাবে জিলা প্রশাসন আৰু আৰক্ষীকো সতর্ক দৃষ্টি ৰাখিবলৈ বার্তা প্রেৰণ কৰিছে৷ সমান্তৰালভাৱে ৰে’লেৰেও যাতে অসমত গাহৰি প্রৱেশ কৰিব নোৱাৰে, তাৰ বাবেও বিভাগে উত্তৰ–পূব সীমান্ত ৰে’লৱেলৈ বার্তা প্রেৰণ কৰিছে৷ মন্ত্রী বৰাই আজি ইয়াকো জানিবলৈ দিয়ে যে কেইবাখনো ৰাজ্যত শেহতীয়াকৈ সংক্রমণ হোৱা বার্ড ফ্লুৰ প্রতিও বিভাগে সতর্ক দৃষ্টি ৰাখিছে৷ কেন্দ্রীয় চৰকাৰে বার্ড ফ্লু প্রতিৰোধৰ বাবে ইতিমধ্যে অসমলৈ ডেৰ লাখ ভেকচিন প্রেৰণ কৰিছে৷

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ ঝাৰখণ্ড আৰু বিহাৰত এভিয়েন ইনফ্লুয়েঞ্জাৰ সংক্রমণৰ কথা নিশ্চিত কৰাৰ লগতে এইক্ষেত্রত ৰাজ্যসমূহক সতর্কতা অৱলম্বনৰ নির্দেশ প্রেৰণ কৰিছে৷ আজি সংবাদ মেলৰ পূর্বে জনতা ভৱনত মন্ত্রী অতুল বৰাই পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াসকলৰ লগতে গাহৰি আৰু কুকুৰা পালনৰ সৈতে জড়িত সংস্থাসমূহৰ প্রতিনিধিৰ সৈতেও এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয়৷ এই আলোচনাকালত বহিঃৰাজ্যৰ পৰা গাহৰি–কুকুৰাৰ আমদানি বন্ধ হোৱাৰ ফলত যাতে ৰাজ্যত মাংসৰ মূল্যবৃদ্ধি নঘটে, সেই সন্দর্ভত বিস্তৃত আলোচনা হয়৷ এই বৈঠকত নর্থ–ইষ্ট প্রগ্রেছিভ পিগ ফার্মার্ছ এছ’চিয়েচনৰ সভাপতি মনোজ বসুমতাৰী, সদৌ অসম গাহৰিপালক সন্থাৰ সম্পাদক ভৱেন গগৈ আৰু হাঁহ–কুকুৰা ফেডাৰেচনৰ সভাপতি পংকজলাল গগৈৰ লগতে অসম পশুধন আৰু হাঁহ–কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াও উপস্থিত থাকে৷

You might also like