নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ঔপনিৱেশিক আধুনিকতা আৰু ঊনবিংশ শতিকাৰ অসমৰ নৱজাগৰণ’

নিয়মীয়া বাৰ্তা ২৭ মাৰ্চঃ উত্তৰ অসমৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ত মহাবিদ্যালয়ৰ অসমীয়া বিভাগীয় সাহিত্য চ’ৰাৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত কালি দিনজোৰা কাৰ্যসূচীৰে ‘ঔপনিৱেশিক আধুনিকতা আৰু ঊনবিংশ শতিকাৰ অসমৰ নৱজাগৰণ’ শীৰ্ষক এক তত্ত্বগধুৰ বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায়।মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক চিত্ৰ কুমাৰ কোচৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠানখনি বনমালী পাঞাং আৰু জিন্তু কোচৰ বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ হয়।ইয়াৰ পিছতেই ঢকুৱাখনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ লগত বন্ধুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰা মাজুলী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীযুত অৱনী কুমাৰ দত্তই বন্তি প্ৰজ্বলন কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগানন্দ সুতে আদৰণী অভিভাষণেৰে উপস্থিত সকলোকে অভিৱাদন জনায়। বক্তৃতানুষ্ঠানত সমলবক্তা হিচাপে উপস্থিত থাকি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী যুৱ অধ্যাপক জ্যোতিষ্মান দাসে ঔপনিৱেশিক আধুনিকতাৰ আধাৰত ঊনবিংশ শতিকাত অসমৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক বিভিন্ন ক্ষেত্ৰত নৱজাগৰণ কেনেদৰে হৈছিল, কোনসকল মহান ব্যক্তিৰ অৱদানেৰে অসমৰ নৱজাগৰণে মাৰ্গ লাভ কৰিছিল, এই নৱজাগৰণে অসমৰ জাতীয় চৈতন্যক কিদৰে প্ৰভাৱিত কৰিছিল আদি প্ৰায় বহুখিনি বিষয় সামৰি এক তথ্যসমৃদ্ধ বক্তব্য আগবঢ়ায়। ইয়াৰ পাছতে মাজুলী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰধান অৱনী কুমাৰ দত্ত আৰু সহযোগী অধ্যাপিকা মায়াশ্ৰী ডেকা হাজৰিকাই সমলবক্তা জ্যোতিষ্মান দাসৰ বক্তব্যৰ আঁত ধৰি ঊনবিংশ শতিকাৰ অসমীয়া সমাজ তথা সাহিত্য সন্দৰ্ভত চমু তথা সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। এই সভাত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপন কোষৰ সমন্বয়ক ড০ শোণিত কুমাৰ ভূঞা, শিক্ষক গোটৰ সদস্য-সদস্যা, মাজুলী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক কাৰ্তিক নাথ, ড০ দুলাল হাজৰিকা, ৰঞ্জিত দাস আৰু অসমীয়া তথা অন্যান্য বিভাগৰ ছাত্র-ছাত্ৰীকে ধৰি প্ৰায় শতাধিক লোক উপস্থিত থাকে। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক মনোৰঞ্জন বৰদলৈয়ে শলাগৰ শৰাইৰে বক্তৃতানুষ্ঠানখনৰ সামৰণি পৰে।প্ৰেৰক পুলকজ্যোতি বৰা

You might also like