নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাসঃ উত্তৰাখণ্ড বিধানসভাৰ প্রথম মহিলা অধ্যক্ষ ৰিতু খান্দুৰী

নিয়মীয়া বাৰ্তা, ২৭ মার্চঃ উত্তৰাখণ্ড বিধানসভাৰ প্রথম মহিলা অধ্যক্ষ হিচাপে বিজেপিৰ বিধায়িকা ৰিতু খান্দুৰী সর্বসন্মতিক্রমে নির্বাচিত হয়৷ ৰাজ্যখনৰ বিধানসভাত অধ্যক্ষৰ পদত প্রথম মহিলা হিচাপে ৰিতু খান্দুৰী অধিষ্ঠিত হৈ ইতিহাস গঢ়িলে৷ যোৱা ১০ মার্চত ঘোষিত উত্তৰাখণ্ড বিধানসভা নির্বাচনত প্রাক্তন মন্ত্রী কংগ্রেছৰ প্রার্থী এছ এছ নেগীক তিনি হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰি কটদ্বাৰৰ পৰা বিধানসভালৈ নির্বাচিত ৰিতু খান্দুৰী হৈছে প্রাক্তন মুখ্যমন্ত্রী বি চি খান্দুৰীৰ কন্যা৷ আজি বিধানসভাৰ প্রটেম অধ্যক্ষ বংশীধৰ ভগৱতে বিধানসভাৰ অধ্যক্ষ পদৰ বাবে নির্বাচন ঘোষণা কৰাৰ পাছতেই শাসকীয় বিজেপিয়ে বিধায়িকা ৰিতু খান্দুৰীৰ নাম প্রস্তাৱ কৰে৷ বিনা প্রতিদ্বন্দ্বিতাৰে সর্বসন্মতভাৱে বিধানসভাৰ অধ্যক্ষ হিচাপে নির্বাচিত হয় খান্দুৰী৷ মন কৰিবলগীয়া যে ২০১৭ চনত যমকেশ্বৰ বিধানসভা সমষ্টিৰ পৰা প্রথমবাৰলৈ বিধানসভালৈ নির্বাচিত হোৱা ৰিতু খান্দুৰীয়ে সক্রিয় ৰাজনীতিত পদার্পণ কৰাৰ পূর্বে কেইবা বছৰ ধৰি নয়দাৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল৷ পিতৃৰ পদাংক অনুকৰণ কৰি ৰাজনীতিলৈ অহা ৰিতু খান্দুৰী আজি ৰাজ্যখনৰ বিধানসভাৰ প্রথম মহিলা অধ্যক্ষ হিচাপে নির্বাচিত হোৱাৰ পাছতেই বিৰোধী দলৰ বিধায়ক প্রীতম সিং আৰু যশপাল আর্যই অভিনন্দন জ্ঞাপন কৰে৷ প্রথমবাৰ বিধানসভালৈ নির্বাচিত হৈ পাঁচ বছৰ কাল বিধানসভাৰ নীতি–নিয়ম আৰু বিধানসভাৰ বিতর্কত অংশ লৈ অভিজ্ঞতা অর্জন কৰা ৰিতু খান্দুৰী অধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ পাছতেই মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে অভিনন্দন জনায়৷ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে শৈক্ষিক ক্ষেত্রখনত অর্জন কৰা অভিজ্ঞতা আৰু বিধায়ক হিচাপে আহৰণ কৰা অভিজ্ঞতাই খান্দুৰীক অধ্যক্ষ হিচাপে কার্যভাৰ চলাই নিয়াত সহায় কৰিব৷ মন কৰিবলগীয়া যে বিধানসভাৰ প্রথম মহিলা অধ্যক্ষ হিচাপে নির্বাচিত হোৱা ৰিতু খান্দুৰীয়ে ৰাজ্যখনৰ বিধানসভাত ৩৩ শতাংশ মহিলাৰ আসন সংৰক্ষণৰ বিষয়টোক আগবঢ়াই নিব বুলি বিৰোধীৰ বিধায়ক প্রীতম সিঙে আশা কৰিছে৷

You might also like