নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী জিলাত ‘‘বিশ্ব স্তনপান সপ্তাহ’’ৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ প্ৰতি বছৰে বিশ্বজুৰি  ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ উদযাপিত হোৱা ‘‘বিশ্ব স্তনপান সপ্তাহ’’ৰ সৈতে সংগতি ৰাখি আজি ধুবুৰীস্থ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সভাকক্ষত  এক বিশেষ সভাৰ আয়োজন কৰা হয়। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা৹ এছ এম ইমদাদ উল্লাহৰ সভাপতিত্বত  তথা জিলাখনৰ  স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা আজিৰ সেই সভাখনৰ জৰিয়তে ধুবুৰী জিলাতো ‘‘বিশ্ব স্তনপান সপ্তাহ’’ৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ ঘটে। আজিৰ সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ  শিশুৰোগ বিশেষজ্ঞ ডা৹ আব্দুললাহ  উপস্থিত থাকি স্তনপানৰ উপকাৰিতাৰ ওপৰত বিতং ভাবে আলোচনা কৰে। উল্লেখ্য যে,  শিশু এটিক জন্মৰ এঘণ্টাৰ ভিতৰত স্তনপান কৰোৱাটো বাধ্যতামূলক আৰু জন্মৰ পৰা ৬ মাহলৈ শিশুক কেৱল মাকৰ গাখীৰ খুৱাব লাগে। ৬ মাহ সম্পূৰ্ণ হোৱাৰ পিছত শিশুটিক স্তনপানৰ লগতে অলপ কোমল, মিহি গোটা খাদ্য খুৱাবলৈ আৰম্ভ কৰিব লাগে আৰু দুবছৰলৈ শিশু এটিৰ স্তনপান অব্যাহত ৰাখিব লাগে। আজিৰ সভাখনত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়াকে ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ খণ্ড আৰু জিলা পৰ্য্যায়ৰ কৰ্মচাৰী সকলো উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like