নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য কঁপোৱা ডিব্ৰুগড়ৰ বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ গোচৰত অভিযুক্ত সঞ্জয় শৰ্মাৰ আত্মসমৰ্পণ! কাৰাগাৰলৈ প্ৰেৰণ

বিশেষ বাৰ্তা, ১ আগষ্টঃ সুদীৰ্ঘ প্ৰায় এমাহৰ অন্তত ডিব্ৰুগড়ৰ বিনীত বাগাৰীয়াৰ চাঞ্চল্যকৰ আত্মহত্যা গোচৰৰ অন্যতম অভিযুক্ত সঞ্জয় শৰ্মাই অৱশেষত আত্মসমৰ্পণ কৰে। আজি ডিব্ৰুগড়ৰ চিজেএম আদালতত আত্মসমৰ্পণ কৰে দীৰ্ঘদিন আৰক্ষী চকুত ধুলি দি পলায়ন কৰি থকা সঞ্জয় শৰ্মাই। ইতিমধ্যে আৰক্ষীয়ে বিনীত বাগাৰীয়া আত্মহত্যা ঘটনাৰ সন্দৰ্ভত বৈদ্দুলা খান,নিছান্ত শৰ্মা আৰু ছামছুল্লা খানক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।আনহাতে বৰ্তমানেও আজিজ খান নামৰ আন এজন পলাতক হৈ আছে। দীৰ্ঘদিনে ডিব্ৰুগড় আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি থকা ডিব্ৰুগড়ৰ বিনীত বাগাৰীয়া চাঞ্চল্যকৰ আত্মহত্যাৰে জড়িত সঞ্জয় শৰ্মা অৱশেষত ডিব্ৰুগড়ৰ ন্যায়িক দণ্ডাধীশৰ আদালতত আত্মসমৰ্পণ কৰে।আদালতে সঞ্জয় শৰ্মাক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। আনহাতে বৰ্তমানেও আজিজ খান নামৰ এজন অভিযুক্তৰ কোনো শুংসূত্ৰ নাই। উল্লেখযোগ্য যে,ডিব্ৰুগড়ৰ প্ৰকৃতি প্ৰেমী যুৱক বিনীত বাগাৰীয়াই যোৱা ৭ জুলাইত ভাড়াতীয়া হিচাপে থকা বৈদ্দুলা খান,সঞ্জয় শৰ্মাকে ধৰি পাঁচজনীয়া দলৰ দ্বাৰা অকথ্য মানসিক নিৰ্যাতন সন্মুখীন হোৱাৰ অভিযোগ উথাপন হৈছিল। ভয়-ভাবুকিত অতিষ্ঠ হৈ আত্মহত্যা কৰা বুলি এটা শিহৰণকাৰী ভিডিঅ’ ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল কৰিছিল অভিযুক্ত সকলৰ নাম। আনহাতে বিনীত বাগাৰীয়াৰ পৰিয়ালে উক্ত ঘটনা সন্দৰ্ভত তথা জীৱনৰ নিৰাপত্তা বিচাৰি ডিব্ৰুগড় আৰক্ষী, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক, আৰক্ষী সঞ্চালক প্ৰধান, তথা মুখ্যমন্ত্ৰী প্ৰযন্ত অভিযোগ দাখিল কৰিছিল যদিও বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে।যাৰ পৰিপ্ৰেক্ষিতত বিনীত বাগাৰীয়াই আত্মহত্যাৰ পূৰ্বে ন্যায় বিচাৰি এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি সকলোকে হতভম্ব কৰি গৈছিল।অসমৰ মুখ্যমন্ত্ৰী, আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধান জিপি সিংসহ বিনীত বাগাৰীয়া বাসগৃহত আহি ক্ষমা খুজি,ভুল স্বীকাৰ কৰিছিল।ব্যাপক প্ৰতিবাদৰ অন্তত ডিব্ৰুগড়ৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক শাস্তি মুলক বদলি কৰিছিল।কিন্তু সমগ্ৰ ঘটনাৰ বিশেষ তদন্ত আগবঢ়া নাছিল। অৱশেষত দীৰ্ঘদিন পলাতক হৈ থকা সঞ্জয় শৰ্মা আত্মসমৰ্পণ কৰাৰ পাছত পুনৰ আৰক্ষীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।

প্ৰেৰক বিভাস দুৱৰা

You might also like