নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় জিলা যোগাসন ক্ৰীড়া সন্থাৰ সাধাৰণ নিৰ্বাচন

🔹 নৱনিৰ্বাচিত সভাপতি হিমাংশু বড়াক দায়িত্ব অৰ্পণ

নিয়মীয়া বাৰ্তা, ১০ জুন : ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ স্বীকৃতিপ্ৰাপ্ত তথা ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগী সংগঠন সদৌ অসম যোগাসন সন্থাৰ ডিব্ৰুগড় জিলা সমিতি গঠনৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ আৱৰ্ত ভৱনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। এই উপলক্ষে দেওবাৰে অনুষ্ঠিত নিৰ্বাচনী সভাত ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিৰ পৰা প্ৰায় ১৭জন প্ৰতিনিধিয়ে নিজৰ মনোনয়ন পত্ৰ আগবঢ়ায়। উক্ত সাধাৰণ নিৰ্বাচনত নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে SPORTS AUTHORITY OF INDIA চমুকৈ SAIৰ লগতে অসম যোগাসন ক্ৰীড়া সন্থাৰ প্ৰশাসনিক নিৰ্দেশক সুভম চৌধুৰী উপস্থিত থাকে। এই নিৰ্বাচনত সভাপতি হিচাপে নিৰ্বাচিত হয় যুৱ সমাজকৰ্মী হিমাংশু বড়া। আনহাতে, সাধাৰণ সম্পাদক হিচাপে মটক স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ দেৱৰ্ষি চেতিয়া, উপ-সভাপতি ক্ৰমে বিপুল কোঁৱৰ, মীনা দেৱী, কোষাধ্যক্ষ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী সঞ্জীৱ ৰাজকোঁৱৰ আৰু যুটীয়া সম্পাদক হিচাপে নাহৰকটীয়াৰ পলাশ গগৈ, অৰূপজ্যোতি হাজৰিকাৰ লগতে প্ৰায় ১৭ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়। সমিতি গঠন হোৱাৰ পাছতেই যোগাসনৰ সৈতে জড়িত সমাজৰ প্ৰতিজন খেলুৱৈৰ হকে আগন্তুক দিনত চৰকাৰৰ সহযোগিতাত কাম কৰি যাবলৈ নৱনিৰ্বাচিত সভাপতি হিমাংশু বড়াই ৰাইজৰ সহায়-সহযোগিতাৰ লগতে দিহা-পৰামৰ্শ কামনা কৰিছে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like