নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাপৰ পেটত ওলাল সন্ধানহীন মহিলাৰ মৃতদেহ

🔹 ইণ্ডোনেছিয়াৰ ছুলাৱেছিৰ ঘটনাক লৈ চাঞ্চল্য

বিশেষ বাৰ্তা, ১০ জুন : স্থানীয় ব্যৱসায়ী এজনৰ ওচৰত জলকীয়া বিক্রী কৰিবলৈ গৈ সন্ধানহীন হৈছিল এগৰাকী মহিলা৷ তিনি দিন ধৰি গাঁৱৰ বাসিন্দাসকলে মহিলাগৰাকীক বিচাৰি সকলো চলাথ কৰিছিল৷ কিন্তু শেষত যি ঘটনা ঘটিল, তাক লৈ স্থানীয় বাসিন্দাসকলৰ চকু কপালত উঠিছে৷ ১৬ ফুট দৈর্ঘ্যৰ এডাল প্রকাণ্ড সাপৰ পেটত ওলাল মহিলাগৰাকীৰ মৃতদেহ৷ ঘটনাটো সংঘটিত হৈছে মধ্য ইণ্ডোনেছিয়াত৷ পৰহি মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ আৰক্ষী আৰু পৰিয়ালৰ সূত্রই সদৰী কৰা অনুসৰি, সাপৰ আক্রমণত মৃত্যু হোৱা মহিলাগৰাকীৰ নাম ফৰিদা৷ মধ্য ইণ্ডোনেছিয়াৰ দক্ষিণ ছুলাৱেছি প্রদেশৰ কালেম্পাং গাঁৱৰ বাসিন্দা মহিলাগৰাকী৷ বৃহস্পতিবাৰে স্থানীয় এগৰাকী ব্যৱসায়ীৰ ওচৰত জলকীয়া বিক্রী কৰিবলৈ গৈছিল মহিলাগৰাকী৷ তাৰ পাছত সন্ধানহীন হৈ পৰে মহিলাগৰাকী৷ কালি ঘৰৰ পৰা কিছুদূৰৈৰ অৰণ্যত মহিলাগৰাকীয়ে ব্যৱহাৰ কৰা কেইপদমান বস্তু দেখিবলৈ পায় স্থানীয় বাসিন্দাসকলে৷ তেতিয়াই ওচৰতে মৃত অৱস্থাত প্রকাণ্ড সাপডাল নজৰলৈ আহে গাঁওবাসীৰ৷ সাপডালৰ পেট কটাৰ পাছতে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়৷

You might also like