নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাষ্টাৰমাইণ্ড ৰাহুল পলাতক : নাহৰৰ দেশৰ ৰেগিং কাণ্ডই কঁপাইছে ৰাজ্য

বিশেষ বাৰ্তা, ২৮ নৱেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে দেশজোৰি কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লগত জড়িত তিনিটাকৈ দুৰ্বৃত্ত ছাত্ৰক ডিব্ৰুগড় আৰক্ষীয়ে তৎপৰতাৰে কালি নিশাই আটক কৰে।জীৱন-মৰণৰ যুঁজত চিকিৎসাধীন হৈ থকা ছাত্ৰ আনন্দ শৰ্মাৰ পৰিয়ালে আৰক্ষীক দিয়া গোচৰৰ ভিত্তিত কালি মাজনিশা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিএনজিবি হোষ্টেলৰ কোঠাই কোঠাই আৰক্ষীয়ে তীব্ৰ অভিযান চলাই প্ৰাণজিত বৰুৱা,নিৰঞ্জন ঠাকুৰ আৰু সীমান্ত হাজৰিকাক আটক কৰিবলৈ সক্ষম হয় যদিও বাকীসকলক আটক কৰিবলৈ সক্ষম নহল।সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত তথা প্ৰাক্তন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ উপৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ৰাহুল চেত্ৰীক,তিনিচুকীয়া জিলাৰ জাগুণৰ ঘৰতো আৰক্ষীয়ে অভিযান চলাই যদিও এই মুহূৰ্তলৈকে মাষ্টাৰ মাইণ্ড বুলি অভিযোগ উথাপিত হোৱা ৰাহুল আৰক্ষীৰ জালত পৰা নাই।

সমগ্ৰ বিষয়টোত আৰক্ষীক কঠোৰ আৰু ক্ষীপ্ৰতাৰে তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতেই আৰক্ষী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। ৰেগিঙৰ নামত অমানুষিক শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ চিকাৰ হোৱা ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মা এতিয়াও সংকতজনক অৱস্থাত চিকিৎসালয়ৰ আইচিইউত জীৱন-মৰণৰ সংগ্ৰামত যুঁজি আছে বুলি প্ৰকাশ।

উল্লেখ্য যে যোৱা শনিবাৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মা,জ্যোতিষ কুমাৰ কলিতা আৰু উজ্জ্বল কুমাৰ কলিতাক পিএনজিবি হোষ্টেলৰ এক কোঠাত আৱদ্ধ কৰি বিয়লি ৪:৩০ বজাৰে পৰা সমগ্ৰ নিশা এদল উদণ্ড ছাত্ৰই তিনিও ছাত্ৰক অৰ্ধউলংগ কৰি অতি অমানুষিক অত্যাচাৰ চলায়েই ক্ষান্ত নাথাকি আনন্দক ৮০ টাকৈ অধিক প্ৰচণ্ড চৰ শোধায়। ৰেগিং কৰা ছাত্ৰ দলটোৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি ছাত্ৰ তিনিগৰাকী প্ৰায় অচেতন হৈ পৰে। ইমান পৰে উদণ্ড ছাত্ৰৰ দলটোৱে ছাত্ৰ তিনিগৰাকীৰ পৰা মবাইল ফোন কাৰি লৈ হস্তগত কৰিছিল।কেৱল সিমানেই নহয়,ঘটনাৰ বিষয়ে কাৰোবাক অভিযোগ কৰিলে সকলো ফটো চচিয়েল মিডিয়াত ভাইৰেল কৰাৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু আৰক্ষীকো জনাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল।

এইখিনিতে জনাই থোৱা ভাল হব যে ৰেগিং কৰা উদণ্ড ছাত্ৰৰ দলটোৱে আনন্দ শৰ্মাৰ লগতে বাকী দুজন ছাত্ৰক মদৰ বটল, ভাঙ, গাঞ্জা আদি ধৰিবলৈ দি বহু ফটো মাৰি নিজ নিজ মবাইলত আবদ্ধ কৰি ৰাখিছিল। অকথ্য তথা অমানৱীয় অত্যাচাৰত প্ৰায় অৱশ হৈ পৰা ছাত্ৰ তিনিওজন মৰা বুলি সন্দেহ কৰি ৰেগিং কৰা কোঠাৰ দুৱাৰত তলা মাৰি পুৱতি নিশা ৰেগিং কৰা ছাত্ৰৰ দলটো আঁতৰি যায়। ইফালে পুৱাৰ ভাগত সামান্য জ্ঞান ঘূৰাই পাই আনন্দ শৰ্মাই মৰণত শৰণ দি, হোষ্টেলৰ দুই মহলা কোঠাটোৰ পৰা জীৱন বছাবলৈকে জাপ মাৰি দিয়ে। পাছত পুৱা প্ৰায় ৯ বজাত হোষ্টেলৰ অনান্য আৱাসীয়ে কথাটো জানিব পাৰি হোষ্টেলৰ ৱাৰ্ডেনক বাথৰুমত পৰি আঘাত পোৱা বুলি কৈ আনন্দ শৰ্মাক,ব্যক্তিগত গাড়ীৰে অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়ে। পাছত ৱাৰ্ডেনৰ সন্দেহ উপজাত হোষ্টেলৰ কোঠা পৰীক্ষা কৰোতে এয়া ৰেগিংৰ ঘটনা বুলি নিশ্চিত হোৱাত বিশ্ববিদ্যালয়ৰ কতৃপক্ষক অৱগত কৰে।কতৃপক্ষই ততাতৈয়াকৈ আনন্দ শৰ্মাক চিকিৎসালয়ত সাক্ষাৎ কৰাত আৰু বিস্ফোৰক তথ্য ফাদিল হয়।

চিকিৎসালয়ত আনন্দ শৰ্মাই থুকাথুকি মাতেৰে জানিবলৈ দিয়ে যে হোষ্টেলত এতিয়াও আৰু দুজন ছাত্ৰ সংকটজনকভাবে কোঠাত আৱদ্ধ হৈ আছে।সিহঁতক সোনকালেই উদ্ধাৰ নকৰিলে মাৰি পেলাব বুলি কোৱাত বিশ্ববিদ্যালয়ৰ পঞ্জীয়কসহ এটা দল আৰু বিশ্ববিদ্যালয়ৰ ভালেসংখ্যক নিৰাপত্তাৰক্ষীয়ে দিনৰ প্ৰায় ১২ বজাত পিএনজিবি হোষ্টেলত আৱদ্ধ হৈ থকা ছাত্ৰ দুজনক উদ্ধাৰৰ বাবে অভিযান চলায়। হোষ্টেলৰ বন্ধ হৈ থকা সকলো কোঠাৰ তলা এফালৰ পৰা ভাঙি চলাথ কৰি অৱশেষত।এটা কোঠাত ছাত্ৰ দুজন ক্ৰমে জ্যোতিষ কুমাৰ কলিতা আৰু উজ্জ্বল কুমাৰ কলিতাক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

কৰ্তৃপক্ষই ততালিকে ছাত্ৰদুজনক উদ্ধাৰ কৰাৰ লগতে ছাত্ৰ দুজনৰ সমগ্ৰ সামগ্ৰী লৈ নিৰাপত্তাজনিত কাৰনত বিশ্ববিদ্যালয়ৰ অতিথি-শালাৰ ১১০নং ৰূমলৈ স্থানান্তৰ কৰে।কালিৰে পৰা ছাত্ৰ দুজনক উক্ত অতিথি-শালাত ৰখাৰ লগতে আজি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়।জানিব পৰামতে দুয়োজন ছাত্ৰ বিপদমুক্ত যদিও ভয় আৰু আতংকই যেন খেদি ফুৰিছে।ইফালে বিশ্ববিদ্যালয়ৰ পিএনজিবি হোষ্টেলৰ ৱাৰ্ডেন দিব্যজ্যোতি দত্তলৈ সকলোৱে সন্দেহৰ আঙুলি টোৱাইছে।বিগত কেইবা মাহৰ পূৰ্বে ৰেগিংৰ এনে অভিযোগ দিয়াৰ পাছতো সময়মতে কিয় পদক্ষেপ গ্ৰহণ নকৰিলে তাক লৈয়ো এতিয়া সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ স্বৃষ্টি হৈছে।যদিহে ৱাৰ্ডেন গৰাকীয়ে কৰ্তৃপক্ষক জানিবলৈ দিয়া স্বত্বেও কৰ্তৃপক্ষই গা এৰা মনোভাব কিয় গ্ৰহণ কৰিলে সেয়াও বিচাৰ্যৰ বিষয়।

এই সমগ্ৰ ঘটনাৰ সৈতে প্ৰধানকৈ জৰিত বুলি উথাপিত অভিযোগ প্ৰমাণিত হোৱাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীক বিশ্ববিদ্যালয়ত প্ৰবেশ নিষিদ্ধ কৰাৰ লগতে ভূতত্ব বিভাগৰ দিব্যজ্যোতি গগৈ,ৰাজনীতি বিজ্ঞান বিভাগৰ তৃতীয় ছেমিষ্টাৰৰ শুভ্ৰজিত বৰুৱা, শাৰীৰিক শিক্ষা আৰু অধ্যয়ন কেন্দ্ৰৰ নিৰঞ্জন ঠাকুৰ, বুৰঞ্জী বিভাগৰ তৃতীয় ছেমিষ্টাৰৰ কল্যাণ দত্ত আৰু গণিত বিভাগৰ প্ৰথম ছেমিষ্টাৰৰ কমল কৃষ্ণ কাকতিক বিশ্ববিদ্যালয়ৰ পৰা সাময়িক ভাৱে বহিস্কাৰ কৰা হৈছে।

আনহাতেদি ঐতিহাসিক তথা উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান নাহৰৰ দেশ, ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শৈক্ষিক প্ৰতিস্থানখনত ৰেগিঙৰ নজিৰবিহীন ঘটনা সংঘটিত হোৱাত,ঘটনাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাবে জৰিত ১৮ গৰাকী ছাত্ৰক এক নিৰ্দেশনাৰ জৰিয়তে তৎকালেই হোষ্টেলৰ পৰা বহিঃস্কাৰ কৰিছে বুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে আজি এক সংবাদমেলত জানিবলৈ দিয়ে।

পঞ্জীয়কে প্ৰকাশ কৰা অনুসৰি যোৱা ১৮ নৱেম্বৰ আৰু ২১ নৱেম্বৰত অনুষ্ঠিত হোৱা বৈঠকত এণ্টি ৰেগিং কমিটীৰ পৰামৰ্শ অনুসৰি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং আৰু এণ্টি-ৰেগিং ব্যৱস্থাৰ (বৰ্তমানলৈকে সংশোধিত)জৰিয়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু বৰ্ডাৰসকলক ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং আৰু বিৰোধী নিয়মৰ ৬ নং দফাৰ অধীনত ৰেগিংৰ সৈতে জড়িত বুলি ধৰা পৰাৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হৈছে।ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিৱাসৰ (পিএনজিবিচিএন) ৰেগিং ব্যৱস্থাৰ (বৰ্তমানলৈকে সংশোধিত) অধিনিয়মত ছাত্ৰ সকলক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ হোৱাৰ পৰাও বঞ্চিত কৰা ছাত্ৰ সকল ক্ৰমে

১) গলাব ডেকা, তৃতীয় ষান্মাসিক, এম. জীৱন বিজ্ঞান বিভাগত পাঠশালাৰ বাসিন্দা।

২) নিৰঞ্জন যাদৱ, তৃতীয় ষান্মাসিক, এম. পৰিসংখ্যাত, পৰিসংখ্যা বিভাগৰ আৱাসী ছিমলাগুৰি, ৱাৰ্ড নং. ৯, শিৱসাগৰ

৩) কল্যাণ দত্ত, তৃতীয় ষান্মাসিক, এম.এ. ইতিহাসত, ইতিহাস বিভাগ গাঁৱৰ আৱাসী- উজানি জলভৰী,লখিমপুৰ

৪) সীমান্ত হাজৰিকা, তৃতীয় ষান্মাসিক, এম.এ. অৰ্থনীতিত, অৰ্থনীতি বিভাগৰ বাসিন্দা সৰ্ব্বৈবন্ধা, যোৰহাট

৫) প্ৰাণজিৎ বৰুৱা, তৃতীয় ষান্মাসিক, এম. ৰসায়ন বিজ্ঞানত ৰসায়ন বিজ্ঞান বিভাগত মাজুলীৰ কমলাবাৰীৰ বাসিন্দা

৬) চন্দন জ্যোতি বৰা সোণোৱাল, তৃতীয় ষান্মাসিক, এম. পৰিসংখ্যা বিভাগত গাঁও বালিজান শান্তিপুৰৰ বাসিন্দা, ধেমাজি

৭) শিৱম শ্ৰফ, ছেমিষ্টাৰ, বিচিএ, চেণ্টাৰ ফৰ কম্পিউটাৰ চাইন্স এণ্ড এপ্লিকেচনছ ৰেচিডেণ্ট অৱ অল্ড এ.টি. ৰোড, ডুমডুমা,তিনিচুকীয়া

৮) পিছাং খাম বৰুৱা, ২ বছৰীয়া, থাই ভাষাৰ দুবছৰীয়া ডিপ্লমা পাঠ্যক্ৰম, ভাষা অধ্যয়ন কেন্দ্ৰ সোণাৰি সেৱিজিপাম, চৰাইদেউ

৯) পল্লৱ বৰা, তৃতীয় ষান্মাসিক, এম.এ. শিক্ষা বিভাগত শিক্ষা বিভাগৰ বাসিন্দা, সন্তুক বিহুবৰ, শিৱসাগৰ

১০) চিত্ৰবন বৰুৱা, তৃতীয় ষান্মাসিক, বিচিএ, কম্পিউটাৰ বিজ্ঞান আৰু প্ৰয়োগ কেন্দ্ৰ ৱাৰ্ড নং ৱাৰ্ডৰ আৱাসী,বিহপুৰীয়া

১১) নাৰায়ণ অধিকাৰী, তৃতীয় ষান্মাসিক, এম. ৰসায়ন বিজ্ঞান, ৰসায়ন বিজ্ঞান বিভাগ,শদিয়া নাদিকিনাৰ অম্বিকাপুৰৰ বাসিন্দা,তিনিচুকীয়া

১২) নয়নজিৎ থেংগাল, তৃতীয় ষান্মাসিক, প্ৰয়োগ মনোবিজ্ঞান, চেণ্টাৰ ফৰ ষ্টুডিঅ’ছ ইন চাইক’লজি, গোলাঘাটৰ চাউদাং পাথেৰ গাওঁৰ বাসিন্দা

১৩) মনুৰঞ্জন দাস, তৃতীয় ষান্মাসিক, এম. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিএনজিবিচিএনৰ আৱাসী নৃতত্ত্ব বিভাগ

১৪) মৌচুম ফুকন, তৃতীয় ষান্মাসিক, এম. টেক ইন এপ্লাইড জিঅ’ফিজিক্স, এপ্লাইড জিঅ’লজি বিভাগৰ বাসিন্দা ম’গোৰাহাট,চাংমাই গাওঁ,শিৱসাগৰ

১৫) বিশাল ডেকা, তৃতীয় ষান্মাসিক, এম.এ. ভূগোলত, ভূগোলৰ অধ্যয়ন কেন্দ্ৰ,চিৰাজুলি,শোনিতপুৰ

১৬) দেৱাশীষ বিশ্বাস, তৃতীয় ষান্মাসিক, এম. পৰিসংখ্যা বিভাগৰ পৰিসংখ্যা বিভাগ, বেলেংবাৰী,টেংগুখুৰি, মথুৰাপুৰ,শিৱসাগৰ

১৭) অমৰ জ্যোতি নাথ, ৩য় ষান্মাসিক, এম টি টি এম, চেণ্টাৰ ফৰ মেনেজমেণ্ট ষ্টাডিজ ৭ নং মাইল দুকানি গাঁৱৰ আৱাসী

১৮) নবদীপ শৰ্মা,তৃতীয় ষান্মাসিক, এম.প্ৰয়োগ ভূতত্ত্ব, প্ৰয়োগ ভূতত্ত্ব বিভাগ,

ক তৎকালেই বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা বৰ্খাস্ত কৰা বুলি জানিবলৈ দিয়া হয়। কিন্তু ইমান এটা ভয়ানক ঘটনা সংঘটিত হোৱাৰ পাছতো বিশ্ববিদ্যালয়ৰ কতৃপক্ষই ৰেগিঙৰ লগত জৰিত বুলি প্ৰমাণিত হোৱাৰ পাছতো কেৱল ছাত্ৰসকলক হোষ্টেলৰ পৰা বহিঃস্কাৰ কৰিলেই ৰেগিং চিৰদিনলৈ বন্ধ হব নেকি বুলিও সৰৱ চৰ্চা লভিছে।

আনহাতে ঘটনা সংঘটিত হোৱা পদ্মনাথ গোহাঞি বৰুৱা হোষ্টেলৰ পৰা জীৱ বিজ্ঞান বিভাগৰ গালব ডেকা, পৰিসংখ্যা বিজ্ঞান বিভাগৰ নিৰঞ্জন যাদৱ,বুৰঞ্জী বিভাগৰ কল্যান দত্ত, অৰ্থনীতি বিভাগৰ সীমান্ত হাজৰিকা, ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাণজিৎ বৰুৱা, পৰিসংখ্যা বিজ্ঞান বিভাগৰ চন্দন জ্যোতি বড়া,পৰিকলন বিজ্ঞান আৰু প্ৰয়োগ কেন্দ্ৰৰ শিৱম শ্ৰোফ,টাই ভাষাৰ পাঠ্যক্ৰমৰ পূচাংখাম বৰুৱা, শিক্ষাতত্ব বিভাগৰ পল্লৱ বড়া, পৰিকলন বিজ্ঞান আৰু প্ৰয়োগ কেন্দ্ৰৰ চিত্ৰবন বৰুৱা, ৰসায়ন বিজ্ঞান বিভাগৰ নাৰায়ণ অধিকাৰী, প্ৰায়োগিক মনোবিজ্ঞান বিভাগৰ নয়নজিত ঠেঙাল, নৃতত্ব বিভাগৰ মনোৰঞ্জন দাস,প্ৰয়োগিক ভূতত্ব বিজ্ঞান বিভাগৰ মৌচুম ফুকন, ভূগোল অধ্যয়ন কেন্দ্ৰৰ বিশাল ডেকা,পৰিসংখ্যা বিজ্ঞান বিভাগৰ দেৱাশিস বিশ্বাস, ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰৰ অমৰ জ্যোতি নাথ আৰু প্ৰায়োগিক ভূতত্ব বিজ্ঞান বিভাগৰ নবদীপ শৰ্মাক হোষ্টেলৰ পৰা বহিস্কাৰ কৰা হৈছে।

আনহাতে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নিৰঞ্জন ঠাকুৰ, সীমান্ত হাজৰিকা আৰু প্ৰাণজিৎ বৰুৱাকো বিশ্ববিদ্যালয়ৰ পৰা বহিস্কাৰ কৰা লগতে কমল কৃষ্ণ কাকতি নামৰ আন এজন ছাত্ৰক পৰীক্ষাত বহাৰ পৰা বাৰণ কৰা হৈছে।

আনহাতে বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা হোষ্টেলৰ ৱাৰ্ডেন দিব্যজ্যোতি দত্তৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ কতৃপৰ্ক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত থাকে‌।ৱাৰ্ডেন গৰাকীৰ নিস্কিয়তাৰ বাবেই বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ড সংঘটিত হৈ আনন্দ শৰ্মা নামৰ ছাত্র জন আইচি ইউৰ বিছনাত মৰণপণ যুজঁত যুজি থাকিব লগা হৈছে।তদুপৰি জ্যোতিষ কুমাৰ কলিতা আৰু উজ্জ্বল কুমাৰ কলিতা নামৰ দুজন ছাত্র গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হব লগা হয়।

প্ৰেৰক বিভাস দুৱৰা

You might also like