নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চার্ভাইকেল স্পণ্ডাইল’ছিছ কি ?

  • ডাঃ শাহানুৰ ৰহমান, এম বি বি এছ, এম এছ (জি এম চি এইচ), এম চি এইচ নিউৰ’ছার্জাৰী (হায়দৰাবাদ), স্নায়ু–শল্যৰোগ বিশেষজ্ঞ, গুৱাহাটী মেট্ৰ’ হাস্পতাল

আমাৰ ৰাজহাডডাল মগজুৰ তলৰ পৰা বা ঠিক গলধনৰ উপৰিভাগৰ পৰাই আৰম্ভ হয়৷ এই আৰম্ভণিৰ অংশটিকেই চিকিৎসা বিজ্ঞানৰ ভাষাত চার্ভাইকেল cervical) বুলি কোৱা হয়৷ ৰাজহাডডাল এনেদৰেই কঁকালৰ নিম্নাংশ পর্যন্ত ব্যাপী থাকে৷ এই ৰাজহাডডাল, বহুসংখ্যক আঙঠিৰ আকৃতিত মেৰ খাই থকা হাডৰ সমষ্টি৷ ইয়াৰে মাজৰ খণ্ডবিলাকক ডিস্ক বুলি কোৱা হয়৷ এই সমগ্র ৰাজহাডডালৰে অংশবিশেষত সময়–পৰিস্থিতি সাপেক্ষে ভিন্ন সমস্যা বা জটিলতাৰ সৃষ্টি হ’ব পাৰে৷ পূর্বে এবাৰ শ্লিপ ডিস্কৰ বিষয়ে লিখা হৈছে৷ এইবাৰ পিছে,ৰাজহাডৰ আটাইতকৈ ওপৰৰ অংশ চার্ভাইকেলৰ এক সমস্যা বা ৰোগ, চার্ভাইকেল স্পণ্ডাইল’ছিছৰ বিষয়ে জনাব বিচাৰিছেছা৷ এইবিধ ৰোগৰ আচলতে বয়সৰ লগত সম্পর্ক আছে৷ বর্ধিত বয়সৰ লগত এই ৰোগৰ সম্ভাৱনা বাঢ়ি যায়৷
বর্ধিত বয়সৰ সমান্তৰালকৈ মেৰুদণ্ডডালৰ বিভিন্ন অংশত প্রভাৱ পৰিবলৈ আৰম্ভ কৰে৷ তেনে এক প্রভাৱেই হৈছে মেৰুদণ্ডডালৰ ডিঙি বা গলধনৰ অংশ কিছু কিছু পৰিমাণে ক্ষয় যাবলৈ আৰম্ভ কৰে৷ আৰু এনেদৰে ক্ষয় যোৱাৰ ফলতেই এই চার্ভাইকেল অংশত বিভিন্ন সমস্যাৰ সৃষ্টি হয়৷ এনে কিছুমান সমস্যাৰ বা লক্ষণকে চার্ভাইকেল স্পণ্ডাইল’ছিছ বুলি কোৱা হয়৷ চার্ভাইকেল স্পণ্ডাইল’ছিছত মেৰুদণ্ড বা ৰাজহাডত থকা ডিস্কৰ জুলীয়া অংশ শুকাবলৈ বা সংকুচিত হ’বলৈ আৰম্ভ কৰে৷ ফলস্বৰূপে ডিস্ক স্পেচ কমি আহে আৰু মেৰুদণ্ডৰ হাডৰ মাজৰ জয়েণ্টবোৰ বেছি হনি খাব আৰম্ভ কৰে, এই অৱস্থাক চার্ভাইকেল অষ্টি’আর্থ্রাইটিছ আৰম্ভ হোৱাৰ প্রাৰম্ভিক পর্যায় বুলিব পাৰি৷ লাহে লাহে চার্ভাইকেল ডিস্ক প্রলাপ্ছ হয়৷ এই অষ্টি’আর্থ্রাইটিছ আৰু ডিস্ক প্রলাপ্ছ হোৱা বাবে নার্ভ ৰুট ইৰিটেচন হয়৷ এনেদৰেই ক্রমশঃ চার্ভাইকেল স্পণ্ডাইল’ছিছ আৰম্ভ হয়৷ চার্ভাইকেল স্পণ্ডাইল’ছিছ এবিধ সচৰাচৰ হ’ব পৰা বিধৰে ৰোগ যদিও, জীৱনকালৰ যিকোনো সময়তো এই ৰোগ কেতিয়াবা আৰম্ভ হ’লেও,বয়স বঢ়াৰ লগে লগে ইয়াৰ জটিলতাও বেছি হ’বলৈ ধৰে৷ ৬০বছৰ বয়সৰ ঊর্ধ্বৰ প্রায় ৮৫ শতাংশ লোকেই এই ৰোগত আক্রান্ত হোৱা দেখা যায়৷ সাধাৰণতে চার্ভিকেল স্পণ্ডাইল’ছিছৰ তেনে কোনো লক্ষণ সহজে দেখা নিদিয়ে যদিও, যদিহে ইয়াৰ লক্ষণসমূহে দেখা দিবলৈ আৰম্ভ কৰে, তেন্তে অস্ত্রোপচাৰ অবিহনেও ইয়াৰ চিকিৎসা সম্ভৱ৷ বিভিন্ন কাৰণবশতঃ যেতিয়া মেৰুদণ্ড অথবা সিৰাসমূহৰ গুৰিত অত্যধিক চাপ পৰিবলৈ আৰম্ভ কৰে, তেতিয়া এই অংশবোৰ মোচৰ খোৱাৰ দৰে এক অৱস্থাৰ সৃষ্টি হয়৷ এনে অৱস্থাতেই চার্ভাইকেল স্পণ্ডাইল’ছিছত ভোগা ব্যক্তিসকলে তলত উল্লেখ কৰা লক্ষণসমূহ অনুভৱ কৰিব পাৰে–
১) হাত, কান্ধ, ভৰি আৰু ভৰিৰ পতাত জিনজিননি, সাৰসুৰ নোহোৱা হোৱা বা দুর্বলতা অনুভৱ কৰা, ২) খোজকাঢ়োতে ভাৰসাম্য ৰক্ষা কৰাত সমস্যা আৰু জটিলতাৰ সৃষ্টি হোৱা, ৩) শৌচ–প্রস্রাৱ নিয়ন্ত্রণ কৰাত জটিলতাৰ সৃষ্টি হোৱা ইত্যাদি৷

এতিয়া আহিছো এই চার্ভাইকেল স্পণ্ডাইল’ছিছ ৰোগ কিয় হয়,তাৰ কিছুমান কাৰণৰ কথালৈ৷ বয়স বৃদ্ধিৰ সমান্তৰালকৈ, মেৰুদণ্ড আৰু ডিঙিৰ যি গঠন থাকে, সেই গঠনত ক্ষয়িষ্ণুতা আৰম্ভ হয়৷ আৰু এই ক্ষয়িষ্ণুতাৰ ফলতেই নিম্নোক্ত কিছুমান সমস্যাৰ সৃষ্টি হয়–
১) সাধাৰণতে ৪০বছৰ বয়সৰ পিছত মেৰুদণ্ডৰ ডিস্ক অর্থাৎ আঙঠিৰ আকৃতিৰ হাডৰ অংশবিলাক ক্রমশঃ শুকাবলৈ আৰম্ভ কৰে৷ অর্থাৎ ইয়াত থাকিবলগীয়া তৰল পদার্থসমূহ কমি আহে৷ ইয়াৰ ফলত এই ডিস্কবিলাক শুকাবলৈ আৰু সংকুচিত হ’বলৈ আৰম্ভ কৰে, যাৰ বাবে কশেৰুকাত হাডৰ লগত হাড বেছিকৈ ঘঁহনি খাবলৈ আৰম্ভ কৰে৷ ই চার্ভিকেল স্পণ্ডাইল’ছিছৰ এটা মুখ্য কাৰণ৷

২) মেৰুদণ্ডত হোৱা ক্ষয়ৰ ফলত, মেৰুদণ্ডৰ ডিস্কসমূহৰ বাহিৰৰ অংশতো ফাট মেলিবলৈ আৰম্ভ কৰে, আৰু এনেদৰে ডিস্কৰ বাহিৰত মেলা ফাটৰ ফলত ডিস্কৰ ভিতৰৰ কোমল অংশটোত চাপ পৰি ই ফাট মেলা অংশৰে বাহিৰলৈ ওলাই আহিব পাৰে৷ এনে অৱস্থাত, এই বাহিৰ হোৱা কোমল অংশবিলাকে মেৰুদণ্ড আৰু সিৰাসমূহৰ গুৰিত হেঁচা বা চাপ পেলায়৷ ই আন এক কাৰণ, চার্ভাইকেল স্পণ্ডাইল’ছিছৰ৷

৩) মেৰুদণ্ডৰ ডিস্কসমূহ ভাগিবলৈ ধৰাৰ ফলত, শৰীৰটোৱে মেৰুদণ্ডক শক্তিশালী কৰি ৰাখিবৰ বাবে নিজস্বভাৱে কিছুমান হাডৰ সৃষ্টি কৰে, যি শৰীৰৰ স্বাভাৱিক প্রক্রিয়া নহয়৷ এনেদৰে অস্বাভাৱিকভাৱে সৃষ্টি হোৱা হাডবিলাকেও বহু সময়ত মেৰুদণ্ড আৰু সিৰাৰ গুৰিবিলাকত চাপৰ সৃষ্টি কৰে, ইয়াৰ ফলস্বৰূপে চার্ভাইকেল স্পণ্ডাইল’ছিছ হ’ব পাৰে৷

৪) মানুহৰ দেহৰ অংশবিশেষে এনে কিছুমান কোষৰ সমষ্টিৰ তন্ত্রী থাকে, যিবিলাকে এডাল হাডক আন এডাল হাডৰ লগত সংযুক্ত কৰি ৰাখে৷ মেৰুদণ্ডত থকা এনে তন্ত্রীবিলাক (লিগামেণ্টৰ বর্ধিত বয়সৰ সমান্তৰালকৈ ঠৰঙা লাগিবলৈ আৰম্ভ কৰে, যাৰ ফলত ডিঙিৰ অংশটিৰ নমনীয়তা কম কৰে৷ ই আন এক কাৰণ চার্ভাইকেল স্পণ্ডাইল’ছিছ৷

চার্ভাইকেল স্পণ্ডাইল’ছিছ হোৱাৰ ক্ষেত্রত আন কিছুমান বিশেষ কাৰক হৈছে–
১) দীঘলীয়া সময়ৰ বাবে এনেধৰণৰ কাম কৰা, য’ত ডিঙিৰ গতিবিধি বেছি থাকে, ২) ডিঙি আঘাতপ্রাপ্ত হ’লে, ৩) পৰিয়ালকেন্দ্রিক কাৰণ, অর্থাৎ পৰিয়ালত কাৰোবাৰ চার্ভাইকেল স্পণ্ডাইল’ছিছ থাকিলে,বংশানুক্রমে পিছৰ প্রজন্মও এই ৰোগৰ চিকাৰ হ’ব পাৰে, ৪) ধূম্রপান আন এক বিশেষ কাৰণ হ’ব পাৰে চার্ভাইকেল স্পণ্ডাইল’ছিছ হোৱাৰ৷

আপোনাৰ দেহত উপৰিউক্ত লক্ষণসমূহে দেখা দিলে, ততালিকে স্নায়ুৰোগ বিশেষজ্ঞৰ কাষ চাপক৷ চিকিৎসকে আপোনাৰ সমস্যাসমূহ শুনাৰ পিছত এক্স–ৰে, এম আৰ আই, অথবা চিটি স্কেন আদি বিভিন্ন পৰীক্ষা–নিৰীক্ষাৰ মাজেৰে এই ৰোগ নির্ধাৰণ কৰি, যাৱতীয় চিকিৎসা প্রক্রিয়া আগবঢ়াব৷ চার্ভাইকেল স্পণ্ডাইল’ছিছৰ চিকিৎসা এই ৰোগৰ জটিলতাৰ ভিত্তিত কৰা হয়৷ এই চিকিৎসাৰ মূল লক্ষ্য হৈছে ৰোগীজনক বিষৰ পৰা মুক্ত কৰা আৰু গতানুগতিক দৈনন্দিন কাম–কাজবিলাক সহজভাৱে কৰিব পৰাকৈ সক্ষম কৰি তোলা৷ বিভিন্নধৰণৰ দৰব আৰু কিছুমান আসন আদিৰ জৰিয়তে প্রথমেই চিকিৎসা প্রদান কৰা হয়৷ এই ৰোগবিধৰ প্রাৰম্ভিক পর্যায়তে ধৰা পৰিলে, এইখিনি চিকিৎসাৰ সহায়ত ৰোগীজন সুস্থ হৈ উঠা সম্ভৱ৷ পিছে, এইখিনি চিকিৎসাতো সুস্থ নহ’লে,বা ইয়াতকৈ অধিক জটিল অৱস্থাত থাকিলে অস্ত্রোপচাৰৰ প্রয়োজনো হ’ব পাৰে৷ গতিকেই সামান্য এনে অসুবিধাৰ সন্মুখীন হ’লেই যিমান পাৰে সোনকালে চিকিৎসকৰ কাষ চাপক৷

You might also like