নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নির্বাচনৰ বাবে আহমেদাবাদত নিৰ্বাচনী প্রচাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

বিশেষ বাৰ্তা, ২৮ নৱেম্বৰঃ ২০২৪ চনৰ নির্বাচনৰ কাৰণে গুজৰাট এক অনুশীলন৷ ইয়াৰ পিছতেই তৃতীয়বাৰৰ কাৰণে নৰেন্দ্র মোদী প্রধানমন্ত্রী হোৱাৰ পৰিৱেশ আৰম্ভ হ’ব৷ ২০২৪ লোকসভা নির্বাচনত বিজেপিয়ে ৪০০ আসনত জয়ী হ’ব৷ এই মন্তব্য অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ দেশবাসীৰ দৃষ্টি নিবদ্ধ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটৰ বিধানসভা নির্বাচনৰ তাৰকা প্রচাৰক হিচাপে অংশগ্রহণ কৰি থকা অসমৰ মুখ্যমন্ত্রী ড০ শর্মাই আজি আহমেদাবাদত নির্বাচনী প্রচাৰ সভাত এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ তেজস্বী–বলিষ্ঠ উদাত্ত ভাষণৰ বাবে পৰিচিত অসমৰ মুখ্যমন্ত্রী ড০ শর্মাই আহমেদাবাদৰ নির্বাচনী সভাত বিজেপিৰ জয় নিশ্চিত বুলি উল্লেখ কৰি বিৰোধী দল কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ শতিকাপুৰণি কংগ্রেছ দলক কটাক্ষ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– আফতাব পুনাবালা যিয়ে নিজৰ প্রেমিকাক হত্যা কৰি ৩৫টা টুকুৰা কৰি লাভ জেহাদত প্রতিনিধিত্ব কৰে, তেনে ব্যক্তিৰ বাবেই কংগ্রেছে দেশত পৰিস্থিতি তন্ত্র গঢ়ি তোলে৷ দেশক এখন লাভ জেহাদ আইনৰ প্রয়োজন৷ ইপিনে, ইউনিফর্ম চিভিল কোড বিষয়টোক লৈ দেশৰ জনতাই ইতিবাচক সহাৰি জনোৱা বুলি উল্লেখ কৰি ড০ শর্মাই কয় যে মহিলাৰ ইচ্ছাৰ বিৰুদ্ধে জৱাহৰলাল নেহৰুৱে কৰা অন্যায়ৰ সামৰণি পৰিব ইউনিফর্ম চিভিল কোডৰ জৰিয়তে৷ তদুপৰি ড০ শর্মাই কয় যে কংগ্রেছৰ সময়ছোৱাতে সন্ত্রাসবাদ লালিত–পালিত হোৱাৰ লগতে দলটো তুষ্টিকৰণ ৰাজনীতিত জড়িত হৈ আহিছে৷ ২০১৪ চনৰ পিছত ইয়াৰ যথোচিত প্রত্যুত্তৰ দিয়া হৈছে৷ আনপিনে পিএফআই নিষিদ্ধ সন্দর্ভতো মন্তব্য কৰি ড০ শর্মাই কয়– দেশ অস্থিৰ কৰি তোলা বুলি জনতাই কৈ আছে, কিন্তু একোৱেই হোৱা নাই৷ ঠিক তেনেদৰে অনুচ্ছেদ ৩৭০ প্রত্যাহাৰ কৰা হৈছে৷ কিন্তু একোৱে হোৱা নাই৷ হিন্দু মেৰুকৰণক প্রৰোচিত কৰা বুলি উঠা অভিযোগৰ প্রতিক্রিয়া কৰি ড০ শর্মাই কয়– হিন্দুক মেৰুকৰণ কৰাত কি সমস্যা? কেৱল ওৱেছিয়েহে ক’ব পাৰে নেকি? হিন্দুৱে তেওঁলোকৰ গৌৰৱময় ইতিহাস বর্ণনা কৰাৰ অধিকাৰ নাই নেকি? হিন্দুৰ গৌৰৱৰ শুনিয়েই মুছলিম লোকেও অনুপ্রেৰণা ল’ব পাৰে৷ তদুপৰি কংগ্রেছৰ নতুনকৈ নির্বাচিত সভাপতি মল্লিকার্জ্জুন খার্গেৰ গুজৰাট ভ্রমণক লৈ ড০ শর্মাই কয়– এয়া ভাল বিষয় যে তেওঁ গুজৰাটলৈ আহিছে৷ তেওঁলোকে ঘূৰি ফুৰাটো বিচাৰে৷ ২২ বছৰৰ কাৰণে মই কংগ্রেছত আছিলো৷ কিন্তু গান্ধী পৰিয়ালৰ বাহিৰে মই কোনো এজনৰে নাম শুনা নাছিলো৷ উল্লেখ্য যে অসমৰ মুখ্যমন্ত্রী ড০ শর্মাই গুজৰাট বিধানসভা নির্বাচনত তাৰকা প্রচাৰক হিচাপে ইতিমধ্যে ৬খনকৈ নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিছে৷

You might also like