নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীঅৰবিন্দ আছিল পূর্ণ স্বৰাজৰ প্রথম প্রবক্তাঃ দিগন্ত বিশ্ব শর্মা

দেশপ্রেমৰ গীত–নৃত্যৰে মুখৰ গুৱাহাটী কেন্দ্রীয় কাৰাগাৰ

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: ভাৰত চৰকাৰৰ নির্দেশ অনুযায়ী আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসমৰ সমূহ কাৰাগাৰতে শ্রীঅৰবিন্দৰ ১৫০সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়৷ গুৱাহাটী কেন্দ্রীয় কাৰাগাৰতো শ্রীঅৰবিন্দৰ জন্ম জয়ন্তী উদযাপিত হয়৷ অনুষ্ঠানৰ গুৰুত্ব অনুসৰি শ্রীৰবিন্দৰ জীৱনৰ আলোকপাত কৰিবলৈ এখন আলোচনা–চক্রৰ আয়োজন কৰা হয়৷ উক্ত আলোচনা–চক্রত দিগন্ত বিশ্ব শর্মাই শ্রীঅৰবিন্দৰ শিক্ষা, জীৱিকা, বিপ্লৱ আৰু কাৰাবাসী জীৱনৰ পুংখানুপুংখভাৱে বর্ণনা কৰে৷ তেওঁ ৰাইজক শ্রীঅৰবিন্দৰ ব্যক্তিত্বৰ ওপৰত বিস্তৃতভাৱে জ্ঞান দিবলৈ প্রয়াস কৰে৷ সকলো বিষয়া, কর্মচাৰী আৰু কাৰাবাসীসকলক তেওঁৰ বত্তৃণতাই আপ্লুত কৰে৷ ভাষণত তেওঁ শ্রীঅৰবিন্দৰ আলোকপাত কৰি কয় যে শ্রীঅৰবিন্দ ভাৰতৰ পূর্ণ স্বৰাজৰ প্রথম প্রবক্তা৷ কবিগুৰু ৰবীন্দ্র নাথে শ্রীঅৰবিন্দক সম্বোধন কৰিছিল স্বদেশ আত্মাৰ বাণী মূর্তি বুলি৷ তেওঁ আছিল দেশপ্রেমৰ কবি, জাতীয়তাবাদৰ নবী, মানৱতাবাদৰ প্রেমিক৷ আলোচনা–চক্রৰ বন্তি প্রজ্বলনৰ পাছতে আদৰণী ভাষণ দিয়ে কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰে৷ উদ্বোধনী ভাষণ আগবঢ়ায় কাৰাগাৰসমূহৰ মহাপৰিদর্শক বর্ণালী শর্মাই৷ উদ্বোধনী ভাষণত তেওঁ কয় যে কাৰাবাসীসকলে সংস্কাৰিত হৈ শ্রীঅৰবিন্দৰ আদর্শেৰে নতুন জীৱনৰ সন্ধান কৰিব পাৰে৷ কাৰাগাৰৰ সু–শিক্ষাৰে শিক্ষিত হৈ সমাজৰ সৎ নাগৰিক হিচাপে জীৱন অতিবাহিত কৰিব পাৰে৷ উদ্বোধনী ভাষণৰ শেষত মহিলা কাৰাবাসীসকলে দেশপ্রেমমূলক সংগীত ‘বন্দে মাতৰম’ নৃত্যৰে ৰাইজক আপ্লুত কৰে৷ শ্রীঅৰবিন্দ ছ’চাইটী গুৱাহাটী শাখাৰ মুখ্য উপদেষ্টা ইন্দ্রজিৎ গোস্বামী আৰু সম্পাদিকা ইলোৰা গোস্বামীয়ে শ্রীৰবিন্দৰ জীৱনৰ আলোকপাত কৰে৷ অনুষ্ঠানৰ মাজতে সংস্কৃতা মালাকাৰ আৰু সঞ্জীৱ তালুকদাৰে দেশপ্রেমমূলক গীত পৰিৱেশন কৰি সকলোকে মনৰ খোৰাক যোগায়৷ কাৰাধ্যক্ষ কল্যাণ চৌধুৰী, কাৰাধ্যক্ষ পৰিণীতা বৰা, সহকাৰী অনিমেষ ৰয়, নামেচা আহমেদ, সঞ্জয় ডেকা, দিলীপ চক্রৱর্তীয়ে সর্বতোপ্রকাৰে আলোচনা–চক্রখন সাফল্যমণ্ডিত হোৱাত সহায় কৰে৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় কাৰাধ্যক্ষ কল্যাণ চৌধুৰীয়ে৷ আলোচনা চক্রখনৰ আঁত ধৰে সঞ্জীৱ তালুকদাৰে৷

You might also like