নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট বক্তা–অনুবাদক দিগন্ত বিশ্ব শর্মাক বক্তৃতা প্রদানৰ বাবে কটন বিশ্ববিদ্যালয়ৰ আমন্ত্রণ

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল: বিশিষ্ট বক্তা, অনুবাদক, স্বামী অৰবিন্দৰ অনুগামী তথা সাহিত্য অকাডেমিৰ সাধাৰণ পৰিষদ–কার্যবাহী পৰিষদৰ সদস্য দিগন্ত বিশ্ব শর্মাক এশটা বক্তৃতা প্রদানৰ বাবে কটন বিশ্ববিদ্যালয়ে আমন্ত্রণ জনাইছে৷ বিশিষ্ট বক্তাগৰাকীয়ে অহা ১৫ আগষ্টত প্রদান কৰিবলগীয়া এই বক্তৃতা ছিৰিজৰ বিষয়বস্তু হ’ল– ছাইক’ল’জিকেল হেল্থ এণ্ড পার্ফেকচন অৱ পার্ছনেলিটী৷ উল্লেখ্য যে দিগন্ত বিশ্ব শর্মাই ইতিমধ্যে এশটা বত্তৃণতা ছিৰিজৰ প্রথম খণ্ড ২০২০ চনৰ ৫ ডিচেম্বৰৰ পৰা ২০২১ চনৰ ২৫ ডিচেম্বৰত সমাপ্ত কৰিছে৷ এই বক্তৃতা ছিৰিজৰ বিষয়বস্তু আছিল ফাউণ্ডেচন অৱ ইণ্ডিয়া কালচাৰ ইন দ্য লাইট অৱ শ্রীৰবিন্দ৷ শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মানৱ উন্নয়ন বিভাগে এই বক্তৃতালানি আয়োজন কৰিছিল৷

উল্লেখ্য যে দিগন্ত বিশ্ব শর্মাই দ্য ইউনিভার্চেল মেছেজ অন শ্রীমদ্ভাগৱত গীতা ইন দ্য লাইট অৱ শ্রীৰবিন্দ শীর্ষক ডেৰশতা বক্তৃতা ছিৰিজৰ অংশ হিচাপে অনলাইন বক্তৃতা প্রদান কৰি আছে৷ অসম বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত এই বত্তৃণতা ছিৰিজৰ ভিতৰত ১৩০টা বক্তৃতা বিশিষ্ট বক্তাগৰাকীয়ে সম্পূর্ণ কৰিছে৷ একে সময়তে দিগন্ত বিশ্ব শর্মাই আইআইটি গুৱাহাটীৰ দ্বাৰা আয়োজিত গীতা ফৰ দ্য লাইফ ইন দ্য লাইট অৱ শ্রীৰৱিন্দ শীর্ষক আন এক বছৰজোৰা বক্তৃতা শৃংখলাৰ অংশ হিচাপে অনলাইনযোগে বক্তৃতা প্রদান কৰি আছে৷ তৃতীয়টো এই বক্তৃতা ছিৰিজৰ মুঠ ১৫০টা বক্তৃতাৰ ভিতৰত ১৩০টা বক্তৃতা প্রদান কৰিছে৷

কটন বিশ্ববিদ্যালয়ে অৰবিন্দৰ অনুগামী দিগন্ত বিশ্ব শর্মাক অহা ১৫ আগষ্টৰ পৰা আন এক বছৰজোৰা এশটা বক্তৃতা শৃংখলাৰ অংশ হিচাপে ছাইক’ল’জিকেল হেল্থ এণ্ড পার্ফেকচন অৱ পার্ছনেলিটী ইন দ্য লাইট অৱ দ্য টিটচিং অৱ শ্রীৰবিন্দ এণ্ড দ্য মাদাৰ শীর্ষক বক্তৃতা প্রদানৰ বাবে আমন্ত্রণ জনাইছে৷ বিশ্ববিদ্যালয়খনৰ একাডেমিক কাউঞ্চিলৰ লগতে উপাচার্যই অনুমোদন জনোৱা এই বক্তৃতাত অংশগ্রহণৰ বাবে অচিৰেই অনলাইন পঞ্জীয়ন আৰম্ভ কৰিব৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ সকলো ছাত্র–ছাত্রী অথবা ব্যক্তিয়েই এই বক্তৃতা অংশগ্রহণ কৰিব পাৰিব৷

মন কৰিবলগীয়া যে দিগন্ত বিশ্ব শর্মা হৈছে একমাত্র ব্যক্তি, যিয়ে ৫০০টা বত্তৃণতা শৃংখলাত বিগত বছৰসমূহত অংশ লৈ বক্তৃতা প্রদান কৰি আহিছে৷ এই ঘটনাৰ শৈক্ষিক বুৰঞ্জীত ই এক ঐতিহাসিক ৰূপেই গণ্য কৰা হৈছে৷

You might also like