নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব অভিলেখত অংশগ্ৰহণ কৰা ছমৰীয়াৰ ১৪ গৰাকী বিহুৱতীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা; ১৯ এপ্ৰিল::-চৰকাৰে গ্ৰীনিজ বুক অৱ ৱৰ্লড ৰেকৰ্ডক লৈ কৰা প্ৰচেষ্টাৰ অংশীদাৰ হবলৈ পাই গৌৰৱাম্বিত ছমৰীয়া সত্ৰৰ ১৪ গৰাকী বিহুৱতী।১৪ এপ্ৰিলত সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত বিহু নৃত্য প্ৰদৰ্শন কৰা ১১,০০০ বিহুৱা বিহুৱতীৰ ভিতৰত এইসকল বিহুৱতী ও আছিল অন্যতম।সেয়েহে উৎসাহ যোগোৱাৰ উদ্যেশ্যে ছমৰীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত ১৮ এপ্ৰিল মংগলবাৰে বিহু সন্নিলনীৰ সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হয় সম্বৰ্ধনা তথা অভিনন্দন অনুষ্ঠান।এই অনুষ্ঠানত উক্ত কাৰ্যসূচীত অংশগ্ৰহন কৰা বিহুৱতী ক্ৰমে-ময়ুৰাক্ষী ভৰালী,দীপান্নিতা কলিতা,জুমি দাইনাপালি,টিনামনি দাস,ধনমনি কলিতা,শিখা দাস,ৰিম্পীমনি কলিতা,চুমি দাইনাপালি,অংকীতা কলিতা,নিশামনি কলিতা, কলিতা,অলিভা কলিতা,পূৰৱী কলিতা,ৰিনি মজুমদাৰ,আশামনি কলিতাক সন্মিলনীৰ তৰফৰ পৰা একোখনকৈ বিহুৱানেৰে সম্বৰ্ধনা জ্ঞাপন কৰে।উক্ত অনুষ্ঠানত অংশগ্ৰহন কৰিবলৈ পাই উৎফুল্লিত আৰু যথেষ্ট উৎসাহিত হোৱা বুলি প্ৰকাশ কৰি সন্মিলনীৰ অনুৰোধত তেওঁলোকে উপস্থিত শ্ৰোতা দৰ্শকৰ সন্মুখত বিহুনাচ প্ৰদৰ্শন কৰি প্ৰায় ১০-১৫ মিনিট মান সময় আটাইকে মুগ্ধ কৰি তোলে।উল্লেখ্য যে বিহুৱতী সকলে চৰকাৰৰ পৰা পোৱা পাৰিশ্ৰমিকৰ পৰা পোৱা কিছু অংশৰ ধন আগন্তুক দিনত ছমৰীয়া অঞ্চলৰ আগ্ৰহী বিহুৱতীক প্ৰশিক্ষনৰ বাবে ব্যয় কৰিব আৰু অনাগত দিনত ইয়াৰ পৰা বহুসংখ্যক বিহুৱতীক উলিয়াই নিয়াৰ প্ৰয়াস কৰিব বুলি জানিবলৈ দিয়ে।এই সম্বৰ্ধনা অনুষ্ঠানত ৰঙালী বিহু সন্মিলনীৰ সভাপতি সম্পাদককে ধৰি সমিটিৰ সমূহ বিষয় ববীয়া উপস্থিত থাকে।

প্ৰেৰক-ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like