নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাদী কা অমৃত মহোৎসৱ উপলক্ষে বিবেকানন্দ কেন্দ্র, কন্যাকুমাৰীৰ অসম প্রান্তৰ উদ্যোগ

নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ:  বিবেকানন্দ কেন্দ্র কন্যাকুমাৰী অসম প্রান্তৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে যুৱ প্রজন্মৰ মাজত বিভিন্ন কার্যসূচী আয়োজন কৰা হৈছে৷ চলিত মাহৰ পৰাই আৰম্ভ হ’বলগীয়া এই কার্যসূচী চাৰিটা পর্যায়ত অনুষ্ঠিত হ’ব৷ –আজি গুৱাহাটীত এখন সংবাদ মেলত বিবেকানন্দ কেন্দ্র  কন্যাকুমাৰী অসম প্রান্তৰ সহঃপ্রান্ত সঞ্চালক দিগন্ত বিশ্ব শর্মাই এই কথা সদৰী কৰে৷ আগন্তুক সময়ত আয়োজন কৰিবলগীয়া বিভিন্ন কার্যসূচী সন্দর্ভত সদৰী কৰি তেওঁ কয়– ‘যিসকল স্বাধীনতা সংগ্রামী এতিয়াও জীৱিত আৰু যিসকলক এতিয়াও বহুতে নাজানে, সেইসকলক নৱপ্রজন্মৰ যুৱক–যুৱতীসকলৰ্ সৈতে চিনাকি কৰাই দিয়া হ’ব৷ স্বাধীনতাৰ ৭৫ বছৰ সম্পূর্ণ হোৱাৰ এই সময়ছোৱাক অমৃত মহোৎসৱ হিচাপে কোৱা হৈছে৷ যিসকলে প্রত্যক্ষভাৱে স্বাধীনতা সংগ্রামত অংশগ্রহণ কৰিছিল, তেওঁলোকৰ সৈতে মত বিনিময় কৰি অভিজ্ঞতা সন্দর্ভত জ্ঞান লাভ কৰিব পাৰিব৷ যাৰ বাবে চাৰিটা পর্যায়ত বিবেকানন্দ কেন্দ্র কন্যাকুমাৰী অসম প্রান্তই বিভিন্ন কার্যসূচীৰ আয়োজন কৰিছে৷’ ব্যক্তিত্ব বিকাশৰ কার্যসূচীৰ উপৰি নৱপ্রজন্মক ৰাজ্যখনৰ সৈতে চিনাকি কৰাই দিয়াৰ বাবেও বিশেষ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি তেওঁ সদৰী কৰে৷ বিশেষকৈ ঐতিহ্যমণ্ডিত আৰু বৈশিষ্ট্যপূর্ণ কীর্তিস্তম্ভসমূহৰ সৈতে নতুন প্রজন্মক পৰিচয় কৰাই দিয়াৰ উপৰি স্বাধীনতা সংগ্রামীসকলৰ পৰিয়ালৰ সৈতে প্রত্যক্ষভাৱে কথা পতাৰ সুযোগ লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে৷ তদুপৰি ৰাষ্ট্রীয় পর্যায়ত ঐতিহাসিক স্থান দর্শন কৰোৱাৰো ব্যৱস্থা কৰা হ’ব বুলি সংবাদ মেলত তেওঁ জানিবলৈ দি কয়– ‘নৱপ্রজন্মই আমাৰ দেশৰ ভৱিষ্যৎ৷ সেয়েহে তেওঁলোকে যাতে দেশখনক চিনিব পাৰে, হূদয়ংগম কৰিব পাৰে, তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে৷’ সংবাদ মেলত সদৰী কৰা অনুসৰি আজাদী কা অমৃত মহোৎসৱ উপলক্ষে প্রথম পর্যায়ত জিলাভিত্তিক কার্যসূচীৰ আয়োজন কৰা হ’ব৷ য’ত বিদ্যালয়সমূহত ‘আমাৰ মুক্তিযুঁজাৰুসকলক জানক’ শীর্ষক কার্যসূচীৰ অধীনত কুইজ, পোষ্টাৰ প্রস্তুত, হস্তলিখিত বার্তালোচনী, দেশভক্তিমূলক গীত, সৃষ্টিমূলক কবিতা ৰচনা, কবিতা আবৃত্তি, চুটি নাটক আদি কার্যসূচীত ভাগ ল’ব পাৰিব৷ দ্বিতীয় পর্যায়ৰ কার্যসূচীৰ অধীনত এদিনীয়াকৈ চাৰিঘণ্টীয়া কেৰিয়াৰ আৰু ব্যক্তিত্ব বিকাশৰ কর্মশালা আয়োজন কৰা হ’ব৷ য’ত বিভিন্ন ক্ষেত্রৰ বিশেষজ্ঞই অংশগ্রহণ কৰিব৷ আনহাতে তৃতীয় পর্যায়ত মুক্তিযুঁজাৰুসকলৰ ঘৰলৈ গৈ তেওঁলোকৰ পৰিয়াল, গাঁওবাসীৰ সৈতে মত বিনিময় কৰাৰ উপৰি ভাৰতৰ স্বাধীনতা সংগ্রামৰ সৈতে জড়িত অঞ্চল আদি দর্শনৰ সুবিধা প্রদান কৰা হ’ব৷ ইয়াৰ বাবে ৰাজ্যৰ প্রত্যেকখন জিলাতে চাইকেল ৰেলী উলিওৱা হ’ব৷ চতুর্থ তথা চূড়ান্ত পর্যায়ত নির্বাচিত শিক্ষার্থীসকলক কন্যাকুমাৰী দর্শন কৰাৰ লগতে তাত থকা বিবেকানন্দ কেন্দ্রত তিনিদিনীয়া শিবিৰত অংশগ্রহণ কৰিবলৈ সুযোগ প্রদান কৰা হ’ব৷ এই কার্যসূচীসমূহত ৰাজ্যৰ প্রায় ১৬৭খন কলেজৰ পাঁচ সহস্রাধিক শিক্ষার্থীয়ে অংশগ্রহণ কৰিবলৈ আগ্রহ প্রকাশ কৰিছে বুলি সংবাদ মেলত সদৰী কৰিছে বিবেকানন্দ কেন্দ্র অসম প্রান্তৰ প্রান্তপ্রমুখ ড০ শোভাৰাণী বি শর্মাই৷ তেওঁ প্রকাশ কৰা অনুসৰি যোৱা আগষ্টৰ পৰাই পঞ্জীয়ন প্রক্রিয়া আৰম্ভ হৈছে৷ অনলাইন মাধ্যমেৰে এই পঞ্জীয়ন প্রক্রিয়া সম্পন্ন কৰা হৈছে৷ প্রথম পর্যায়ৰ প্রতিযোগিতাসমূহ অক্টোবৰৰ ভিতৰত সম্পূর্ণ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয়– ‘১৯ নৱেম্বৰৰ ভিতৰত দ্বিতীয় পর্যায়ৰ কার্যসূচীসমূহ সম্পন্ন কৰা হ’ব৷ এই কার্যসূচী জিলাভিত্তিক হ’ব৷ তৃতীয় পর্যায়ৰ কার্যসূচীসমূহ ১৯ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হ’ব৷ অহা ১২ জানুৱাৰীত স্বামীজীৰ যিহেতু জন্মদিন, সেই সময়তে নির্বাচিত শিক্ষার্থীসকলক কন্যাকুমাৰীলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে৷ আমাৰ স্বাধীনতা সংগ্রামলৈ অৰিহণা যোগোৱা শ্বহীদসকলৰ বিষয়ে সকলোৱেই জানে৷ ইয়াৰে বহুসংখ্যকে চৰকাৰৰ স্বীকৃতি পাইছে যদিও আন একাংশই এনে স্বীকৃতি লাভ কৰা নাই৷ তদুপৰি পাঠ্যপুথিত ভাৰতীয় সংস্কৃতিক জনাৰ সুবিধা অতি সীমিত৷ যাৰ বাবে আমি এই কার্যসূচীসমূহৰ জৰিয়তে মুক্তিযুঁজাৰুসকলৰ সৈতে চিনাকি কৰাই দিয়াৰ লগতে নিজৰ ঠাইখনক, দেশখনক জনাৰ এক সুযোগ প্রদান কৰিব বিচৰা হৈছে৷’ আনহাতে সংবাদ মেলত বিবেকানন্দ কেন্দ্র কন্যাকুমাৰী অসম প্রান্তৰ ব্যৱস্থাপ্রমুখ শংকৰ চক্রৱর্তীয়ে এই কার্যসূচীৰ বিষয়ে সদৰী কৰাৰ লগতে বিবেকানন্দ কেন্দ্রৰ অধীনত ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্রান্তত অব্যাহত থকা কাম–কাজসমূহৰ বিষয়ে জানিবলৈ দিয়ে৷

You might also like