নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিগন্ত বিশ্ব শর্মাক IIT গুৱাহাটীৰ অনুশীলন অধ্যাপক ৰূপে নিযুক্তি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুন : বক্তা, কবি, অনুবাদক তথা সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক ড০ দিগন্ত বিশ্ব শর্মাক আইআইটি গুৱাহাটীৰ চেণ্টাৰ ফৰ ইণ্ডিয়া ন’লেজ ছিষ্টেমৰ অনুশীলন অধ্যাপক হিচাপে নিযুক্তি দিয়া হৈছে৷

যোৱা ১৪ মে’ৰ পৰা কার্যকৰী হোৱাকৈ প্রথম অৱস্থাত সুবক্তাগৰাকীক এবছৰৰ বাবে এই পদত নিযুক্তি দিয়া হৈছে যদিও পৰৱর্তী সময়ত তিনি বছৰলৈ কার্যকাল বৃদ্ধি কৰা হ’ব৷

উল্লেখ্য যে শ্রীঅৰবিন্দ ফাউণ্ডেচনছ অৱ ইণ্ডিয়া কালচাৰ শীর্ষক সুবিখ্যাত গ্রন্থ অসমীয়ালৈ অনুবাদ কৰি ড০ শর্মাই ২০২০ চনত লাভ কৰিছিল সাহিত্য অকাডমি অনুবাদ বঁটা৷ সম্প্রতি গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্রুগড় বিশ্ববিদ্যালয়ত সংযুক্ত অধ্যাপক আৰু অনুশীলন অধ্যাপক ৰূপে কার্যনির্বাহ কৰি আছে৷

মূল্যবোধৰ শিক্ষাৰ প্রতি আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে অসম বিশ্ববিদ্যালয়ে ২০২৪ চনত শ্রীৰবিন্দৰ একান্ত অনুৰাগী ড০ দিগন্ত বিশ্ব শর্মাক সন্মানীয় পিএইচডি ডিগ্রী প্রদান কৰিছিল৷ দিগন্ত বিশ্ব শর্মা সাম্প্রতিক অসমৰ এগৰাকী সফল বক্তা৷

একাধিক বিশ্ববিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ সমপর্যায়ৰ উচ্চ শিক্ষাৰ প্রতিষ্ঠানৰ দ্বাৰা আয়োজিত ৫টা পৃথক পৃথক বত্তৃণতা শৃংখলাত তেওঁ এতিয়ালৈকে মুঠ ৬৭০টা বত্তৃণতা প্রদান কৰিছে৷ তদুপৰি বিভিন্ন শিক্ষানুষ্ঠানত আমন্ত্রিত বক্তা ৰূপে ২০০তকৈ অধিক বত্তৃণতা প্রদান কৰিছে৷

You might also like